অসমীয়া জলপান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

অসমীয়া জলপান

 

অসমীয়া জলপান


হেমেন হাজৰিকা

কামৰূপ


    মি বাৰু কিহত দুখীয়া?  সকলো ফালেই চহকী আমি। কি নাই আমাৰ? অতীতত আমাৰ সংস্কৃতি আনে অনুকৰণ কৰিছিল। সেয়েহে সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম সকলো আছিল সকলো আছে নুগুণো নলওঁ গম। দৰাচলতে আমি আমাৰ গুণাগুণৰ কথা আমি গমি পিতি নাচাওঁ। সেই কাণী খাই খাই কাণীয়া হোৱা স্বভাৱটো এৰিব পৰা নাই। আমাৰ ঐতিহ্য পৰম্পৰা সংস্কৃতি আজিৰ তাৰিখতো আমি উচ্চ স্থান দখল কৰি আছোঁ। তাত কাৰো দ্বিমত নাই।

     আমাৰ অসমীয়া জলপান। নামটো শুনিলেই মুখলৈ পানী আহি যায়। অতীজৰে পৰা অসমীয়া সমাজ সংস্কৃতিত দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি উৎসৱ পাৰ্বন, বিয়া বাৰু সকামে নিকামে বিভিন্ন ধৰণে জলপানৰ ব্যৱহাৰ হৈ আহিছে অসমীয়া মানুহে চাউল সিজাই ভাত খোৱাৰ উপৰিও ভিন্ন ধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুত কৰি লঘু আহাৰ হিচাপে গ্ৰহণ কৰে। তেনে এক পৰম্পৰাগত আহাৰ হৈছে জলপান।

    কোমল চাউল, বৰা চাউল, চিৰা, সান্দহ,  পিঠাগুৰি  লুথুৰি কৰাইগুৰি পায়স  চুঙা পিঠা ঘিলা পিঠা তিল পিঠা টেকেলী পিঠা মুৰি ইত্যাদি ভিন্ন তৰহৰ জলপানে অসমীয়া সমাজত পৰম্পৰাগত ভাৱে বিশেষ স্থান দখল কৰি আহিছে। জলপান তৈয়াৰ কৰা সজুলি বোৰ যেনে ঢেঁকী উৰল আদি। কাঁহী পাণধোৱা কাঁহী বানবাটি হাতীখুজীয়া বাটি আদি অসমীয়া সংস্কৃতিৰ ভিতৰুৱা অংগ। তৈয়াৰ কৰি খোৱা পদ্ধতি অনুসৰি এই জলপান সমূহক কিছুমান ভাগত ভাগ কৰিব পাৰিঃ

ক) তিয়াই খোৱা জলপান

খ) সিজাই খোৱা জলপান

গ) ভাজি খোৱা জলপান

ঘ) ভাপত খোৱা জলপান আৰু অন্যান্য জলপান।

    অসমীয়া মানুহৰ দৈনন্দিন জীৱনলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে ৰাতিপুৱা চাহৰ লগত জলপানৰ বাটিটোৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। আলহী আপ্যায়ন বাবে ঘৰত জলপান নহলেই নহয়। আজিৰ পৰা বিশ বছৰ আগলৈকে খেতি পথাৰত হালোৱা ৰোৱনী দাৱনীয়ে ভাতৰ সলনি কোমল চাউল চিৰা আদি জলপানহে খাইছিল। উৎসৱ পাৰ্বনৰ সৈতে জলপানৰ এৰাব নোৱাৰা সম্পৰ্ক অসমৰ জাতীয় উৎসৱ বিহুত জলপান নিজেও খাই আৰু আলহী অতিথিক খুৱাই আনন্দ পায়। বিবাহ অনুষ্ঠানত আখৈ ফুটুৱা নিয়ম এতিয়াও প্ৰচলিত তদুপৰি দৰাৰ ঘৰৰ পৰা কইনাৰ  ঘৰলৈ আৰু কইনাৰ ঘৰৰ পৰা দৰাৰ ঘৰলৈ জলপান দৈৰ আদিৰ টোপোলা আদান প্ৰদান কৰে। শ্ৰাদ্ধ আদিত চিৰা কোমল চাউল দৈ আদিৰে অতিথিক আপ্যায়ন কৰাৰো অসমীয়াৰ নিয়ম আছে। অসমীয়া পৰম্পৰাগত এই জলপান সমূহৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ বহুলতাক বিহুৱান বিয়ানাম আইনাম জুনা ফকৰা যোজনা নিচুকনি গীত ধান বনগীত আদিত সেই সমূহৰ উল্লেখ থকাৰ কথা জানিব পাৰি

    অসমীয়া সমাজত এনে কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আছে যিবোৰত জলপান সম্বন্ধীয় লোকবিশ্বাসো প্ৰচলিত সেয়েহে এনে নজহা নপমা অসমীয়া জলপানৰ কথা য’ত উল্লেখ আছে সি চহকী নহৈ পাৰেনে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages