আঘোনৰ পথাৰ
বিজু বৈদ্য
নগাঁও
আঘোনৰ পথাৰ খনি
কুঁৱলীয়ে ধৰিছে ভেটি
এজাক ৰʼদ পৰি
সোন গুটি ধানৰ ৰংবোৰ
উঠিছে জিলিকি।
এছাটি মলয়াই সুৱাস আনে
বগলী বালিমাহি চৰাই পৰি
পথাৰ খন শুৱনি কৰে।
হাতৰ মুঠিত কাঁচি ধৰি
দাৱনীয়ে ধান দাই যায়
ধানৰ মুঠিবোৰে
বাটৰুৱাক মূৰ দাঙি চাই।
আঘোনৰ বা লাগি
দাৱনীৰ গা মন ৰঙতে নাছে
হিয়াৰ মাজত থকা মধুৰ সপোন বোৰ
গোপনে ৰাখে।
ধান গছৰ পাতে
দাৱনীৰ হাত ভৰি কাটে
চেনাইয়ে ডাঙৰী বান্ধি সুঁহুৰি মাৰে।
খেতিয়কৰ সোনালী সপোন বোৰ
ওচৰ চাপি আহে
সোনগুটিৰে ভৰা পথাৰলৈ
ঘনে ঘনে ঢাপলি মেলে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment