ভোক
প্ৰসন্ন তালুকদাৰ
গুৱাহাটী
ভোক ভোক ভোক
ভোকাতুৰ জনেহে বুজে ভোকৰ কিমান চোক।
ভোকৰ নাই হাত-ভৰি
তথাপি ভোকৰ অত্যাচাৰ সহিব নোৱাৰি
পেটত জ্বলে অগনি
নামানে ভোকে বুজনি।
ভোকৰ নাই তাৰ ঘৰ-বাৰী
বাটে-পথে কলমতিয়াই ঘূৰি ফুৰে আনৰ সহানুভূতি বিচাৰি
ভোকে নিচিনে জাত-পাত, ধৰ্ম কি অধৰ্ম কি
নামানে নীতি-নিয়ম
অনিয়মৰ জুইত জাহ যাবলৈ ভোকে নকৰে ভয়।
ভোকৰ বাবেই হয় কোনো ভগৱান
কোনো হয় চয়তান
ভোকতেই জন্ম
ভোকতেই মৃত্যু
ভোকৰ অবিহনে নাথাকে জীৱন
জীৱন থকালৈহে ভোকৰ গতি
ভোকৰ মৃত্যু হ'লে জীৱনৰ পাঠ পৰিব যতি।
ভোকে নিচিনে ৰং
নাথাকে কোনো ঢং
ভোক ভোক বুলি চিঞৰে কোনে
কৰিছেনে বাটে-ঘাটে, অলিয়ে-গলিয়ে কেতিয়াবা মন?
যদিহে কৰিছে মন
ভোকক ধৰক তুলি
নকৰিব কৃপণালি
বঢ়াবলৈ এখনি সহায়ৰ হাত
ভোক যে বৰ অসহায়
সেইবুলি নাভাবিব ভোকৰ নাই লাজ-মান
নকৰিব অপমান
ভোকক জনালে সেৱা
বাঢ়িব আপোনাৰে সন্মান
কৰিব সময়ে গুণ-গান।
ভোক ভোক বুলি চিঞৰে কোনে
ভোকাতুৰ জনেহে বুজে ভোকৰ চোক কিমান?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment