আবেলিটো সুখী কৰিবলৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

আবেলিটো সুখী কৰিবলৈ

 

আবেলিটো সুখী কৰিবলৈ


প্ৰণীতা গগৈ

চৰাইদেউ


আবেলিটো সুখী কৰিবলৈ

পাতবোৰে

পিন্ধি থাকে

হেঙুলীয়া নূপুৰ 

ঈষৎ হাঁহি লৈ

চৰাইবোৰে লিখে

পানী-আইনাৰ পদ‍্য


চকুৰ টিপত

ইমানবোৰ কথা

শেষ নহয়

গান এটা শুনি


নিচুকাই থাকোঁ

আদৰৰ সুৰত

আত্মবিভোৰ হোৱা

প্ৰতিটো ঋতুৰ মালিতা

সুখী কৰিবলৈ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages