সৰা পাতৰ বেদনা
ভাস্কৰ কলিতা
যোৰহাট
ফাগুন কাৰ প্ৰিয়?
বাউলী ফাগুনে যে পলকতে মোহাৰি নিয়ে
সজতনে গঢ়ি তোলা সপোনবোৰ
ই জানো কাৰোবাৰ প্ৰিয় হ’ব পাৰে
প্ৰিয় নহ’লেও ফাগুন যে প্ৰয়োজনীয়
পুৰণিক বিদায় দি ই যে সৃষ্টিৰ নতুন পাতনি
কিন্তু কোনে বুজিব সৰা পাতৰ বেদনা
ফুলে-ফলে বিকশিত বৃক্ষ জোপাত
ইয়াৰ ভূমিকা জানো উপেক্ষা কৰিব পাৰি
কিন্তু আজি যে ই সৰাপাত !
কোনে শুনিব আজি অভিমানৰ অস্পষ্ট ঝংকাৰ
কোনে জানিব বৰফৰ তলৰ পানীৰ সদিশ ঈর্ষাৰ তীব্ৰতা কিমান
কোনে বুজিব বিৰহ অগনিৰ তাপ কিমান
সকলো আওকাণ কৰি আজি যে নিজকে নিজতে সামৰিছে
নিজকে নিজতে সামৰা আঁতবোৰ বা কাৰ?
আঁতবোৰ যে মাটিৰ লগত মিহলি হৈ যোৱা প্ৰস্তুতি
এক নতুন বিকাশৰ পাতনি ৰচিবলৈ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment