মই দেখাৰ দৰে আপুনিও দেখিছে নে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

মই দেখাৰ দৰে আপুনিও দেখিছে নে

 

মই দেখাৰ দৰে আপুনিও দেখিছে নে ?


ববিতা দাস তামুলপুৰ


অপমৃত্যুৰ বজাৰখন 


মাতৃৰ বুকুত নিৰবে মমতাৰ মৃত্যু  

বাটৰ দাঁতিত নবজাতকৰ দেহক লৈ ভোকাতুৰ কুকুৰ টনা আজোৰা খেল খন এতিয়া সকলোৰে চিনাকি 

হ’ল


সম্ভ্ৰান্ত পৰিয়ালৰ জ্যেষ্ঠ জন বৃদ্ধাশ্ৰমৰ আলহী 

মিথ্যা ব্যস্ততাৰ ভীৰত মানবতাৰ অপমৃত্যু  

আই পিতাই এতিয়া আমাৰ বাবে মূৰৰ হে বোজা মাথোঁ 


 ৰুগীয়া দেহাৰ শুশ্ৰূষা,

ন্যায়িক অধিকাৰ 

এইবোৰ ও এতিয়া টকাৰ হে গুলাম 


বৰ্তমানৰ ছবি বোৰ দেখি দেখি সত্য ও নিৰবে শুই পৰিল চিতাত 


চলনাই ৰাজপাট গঢ়িলে 


মৌন ব্ৰতত বহি থাকিল সভ্যতা

নীলা পৰ্দাত ভাহি উঠিল প্ৰেম ভালপোৱা 


সকলো দেখিও একো নেদেখা আমি বোৰ অপমৃত্যুক আকোঁৱালি লোৱা  একো একোটা মৃতদেহ মাথোঁ


মই দেখাৰ দৰে আপুনিও দেখিছে চাগে চাৰিওপিনে হৈ থকা অপমৃত্যু বোৰ ?

 

ওঠৰ জঠৰতা ভাঙি কোনেও  কাকো একো ক'ব পৰা নাই

এইয়া আমাৰ মৌন মৃত বৰ্তমান।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages