জীৱনৰ লক্ষ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Tuesday, December 31, 2024

demo-image

জীৱনৰ লক্ষ্য

Responsive Ads Here
20250107_122229



 জীৱনৰ লক্ষ্য


জাতিৰাম কামান


   চৰাচৰ ছাত্ৰ ছাত্ৰীক সোধা সাধাৰণ প্ৰশ্ন এটা হ’ল- ‘তোমাৰ জীৱনৰ লক্ষ্য কি? আৰু লৰা ছোৱালীয়ে দিয়া গতানুগতিক উত্তৰ হ’ল - মই ডাক্তৰ হ’ম, মই ইঞ্জিনিয়াৰ হ’ম, মই প্ৰফেছৰ হ’ম অথবা মই প্ৰশাসনিক বিষয়া হম ইত্যাদি ইত্যাদি।

  আচলতে ‘লক্ষ্য’ শব্দটো পৰিপূৰক শব্দ যাৰ ‘উদ্দেশ্য’ৰ লগত ইয়াৰ ওতপ্ৰোত সমন্ধ আছে।

আৰু এই লক্ষ্য আৰু উদ্দেশ্যৰ সতে জীৱনটো সাঙুৰ খাই আছে।কাজেই ‘জীৱন’ৰ লগত ‘লক্ষ্য’ আৰু ‘উদ্দেশ্য’ শব্দ দুটি যোগ হৈ এটি সম্পূৰ্ণ বাক্য হৈ পৰিল- ‘জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য’ বুলি।

    মানুহৰ জীৱনৰ উদ্দেশ্যনো কি ? এয়া এক বুনিয়াদী প্ৰশ্ন আৰু ইয়াৰ বুনিয়াদী উত্তৰটো হল_মানুহৰ জীৱনৰ উদ্দেশ্য হল নমৰালৈকে খাই বৈ জীয়াই থকা। ইয়াত জীয়াই থাকিবলৈ খোৱাতো জীৱনৰ উদ্দেশ্যপূৰ্ণ উদ্দেশ্য, বিপৰীতে খাবলৈ জীয়াই থকাতো উদ্দেশ্য বিহীন উদ্দেশ্য।

  মানুহে জীৱশ্ৰেষ্ঠ হিচাপে অকল খাবলৈ জীয়াই নাথাকে, সমাজত কিবা এটা কৰি জীয়াই থাকিবলৈহে খায়। এইখিনিতেই দুয়োটা উদ্দেশ্যত পাৰ্থক্য আহি পৰে। ই যিকিনহওঁক, মানুহক জীয়াই থাকিবলৈ খাদ্য আৰু আহাৰৰ প্ৰয়োজন হয় আৰু সেই আহাৰ যোগান ধৰা কামটোৱেই হল জীৱনৰ উদ্দেশ্য আৰু সেই উদ্দেশ্য পুৰণ কৰিবলৈ যাওঁতেই মানুহক প্ৰয়োজন হয় লক্ষ্যৰ।ইয়াত লক্ষ্যৰ লগত উদ্দেশ্যই অকল প্ৰাণ বচাবলৈ খাদ্য সংগ্ৰহতেই সীমিত নাথাকে, লগত থাকে সামাজিক দায় দায়িত্ব আৰু কৰ্তব্য; কাৰণ, সভ্য হোৱাৰে পৰা মানুহে সামাজিকভাৱে জীৱন নিৰ্বাহ কৰি আহিছে আৰু সামাজিক প্ৰাণী হোৱা বাবে সামাজিক দায়িত্ব আৰু কৰ্তব্য আপুনা আপুনি আহি গৈছে।

    মানুহ শিক্ষিত হৈ সমাজ পাতি বসবাস কৰি নথকা হলে মানুহৰ জীয়াই থকাৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰশ্নটো আদিম অথবা প্ৰাথমিক স্তৰতেই ৰৈ গলহেঁতেন ! অৰ্থাৎ, মানুহৰ প্ৰাথমিক উদ্দেশ্যই খাদ্যগ্ৰহন হলহেঁতেন আৰু সেই উদ্দেশ্য পুৰণ কৰিবলৈ খাদ্যৰ বাবে আহাৰ বা চিকাৰ বিচাৰি লক্ষ্যস্থিৰ কৰিলেহেঁতেন, যিটো লক্ষ্য অকল খাদ্যৰ বাবে আহাৰ বিচৰা অথবা চিকাৰ বিচৰাতেই সীমাবদ্ধ হৈ থাকিলেহেঁতেন। কিন্তু মানুহ সভ্য হোৱাৰে পৰা শিক্ষিত হৈ সমাজ পাতি বাস কৰাৰ পাছত মানুহৰ জীয়াই থকাৰ উদ্দেশ্যটো অৰ্থবহ হোৱাৰ লগতে ইয়াৰ লক্ষ্যৰ অভিধাও অতি ব্যাপক হৈ পৰিল।

   শৈশৱ কালৰ পৰাই শিশুৰ মনত কিবা এটা কৰাৰ অনুসন্ধিৎসু জাগি উঠে। যেনে গছত বগোৱা, চাইকেল চলোৱা, খেলা ধূলা কৰা, সাতোঁৰা, নাচ গান কৰা আদি কাৰ্যবোৰ কৰিবলৈ আগ্ৰাহন্বিত হয় আৰু সেই কামবোৰ কেনেদৰে সিদ্ধি কৰিব পাৰি তাৰ কৌশলবোৰ শিকি লয়।

    ইয়াৰোপৰি সচৰাচৰ চকুৰ আগত দেখা ব্যতিক্ৰমী কামবোৰ কৰিবলৈ বা তেনে হবলৈ এক দুৰ্বাৰ আশা মনত পুহি ৰাখে ! উদাহৰণ স্বৰূপে-

এজন লৰাই লৰালি কালত পুহি ৰখা দুটামান সাধাৰণ লক্ষ্য হ’ল- গাড়ীৰ ড্ৰাইভাৰ হোৱা আৰু চহৰৰ তিনিআলি চাৰিআলিত কৰ্তব্যৰত ট্ৰেফিক পুলিচ হোৱাতো। আনৰ কথা নাজানো, আমি শৈশৱ পাৰ হৈ কৈশোৰত ভৰি দিয়া অৱস্থাৰে পৰাই বাছৰ ড্ৰাইভাৰ হোৱাৰ ইচ্ছা এটা পুহি ৰাখিছিলোঁ। ঠিক ইচ্ছা বুলি কব নোৱাৰি বৰঞ্চ বাছ ড্ৰাইভিঙৰ প্ৰতি এক অনামী আকৰ্ষণ অথবা ইয়াক এক অদমনীয় উৎস্যুকতাহে বুলিব পাৰি! বাছত উঠিলেই বাছৰ ড্ৰাইভাৰে কৰা ড্ৰাইভিং ষ্টাইল ৰ লাগি চাইছিলোঁ; গিয়েৰ বদলোৱা টেকনিক্, পুলিচ পইন্টত কৰা হাতৰ ইচাৰা আদি অংগী ভংগীবোৰ বেঙাৰ দৰে চাই থাকিছিলোঁ। মুঠতে বাছ ড্ৰাইভিঙৰ মোহে মোহাচ্ছন্ন কৰি ৰাখিছিল আমাৰ শৈশৱ কৈশোৰৰ কিছুকাল। আৰু এটা অদম্য আকৰ্ষণ আছিল ট্ৰেফিক চিগনেলত থকা ট্ৰেফিক পুলিচৰ হুইছেল মৰা ষ্টাইল আৰু হাতেৰে বিশেষ ভংগীমাৰে কৰা কায়দা। মগজুৱে বৰকৈ ঢুকি নোপোৱা সৰু কালৰ অনুসন্ধিৎসু মনে ট্ৰেফিক পুলিচক হিৰোৰ আসনত বহুৱাইছিল।কি যে পাৱাৰ! ট্ৰেফিক পুলিচৰ! তেওঁৰ ইচাৰাতেই চহৰৰ সকলো যান বাহন চলে। হাত দাঙি ৰখালে গাড়ী ৰৈ যায়, যাবলৈ সংকেত দিলেহে যাব পৰা হয়। মুঠতে ট্ৰেফিক পুলিচে ইচ্ছা কৰিলে চলন্ত গাড়ী ৰখাবও পাৰে আৰু ৰৈ থকা গাড়ীক খেদি পঠিয়াবও পাৰে! কি অসীম ক্ষমতা!

  এয়া সৰু কালত আমাৰ অবুজন মনত ক্ৰিয়া কৰা কিছু অনুসন্ধিৎসুহে আছিল। বয়স হোৱাৰ লগে লগে,কথাবোৰ জনাৰ পাছত সেই অনুসন্ধিৎসু বোৰৰ চোক লাহে লাহে কমি আহি পুৰঠ বয়সত নোহোৱা হৈ গ’ল।

  এবাৰ আমাৰ টিউশ্যনৰ শিক্ষকে সুধিছিল কাৰ কাৰ কি কি লক্ষ্য আছে জীৱনৰ?টিউশ্যন ছাৰে আটাইতকৈ চোকা লৰাজনক চাই কৈয়েই পেলালে সেইবুলি- ‘অমূকেতো ইঞ্জিনিয়াৰহে পঢ়িবা নহয় জানো ? লৰাজনে মূৰ দুপিয়াই হাঁহিৰে প্ৰত্যুত্তৰ দিলে। এইখিনিতে ছাৰে আমাক বৰ গুৰুত্বপূৰ্ণ কথা এষাৰ কলে– ‘আজিকালি লৰাবোৰৰ কি হৈছে জানো? অকল ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ চখ। ডাক্তৰ ইঞ্জিনিয়াৰৰ বাদে দেশত একো ভাল চাকৰি নাই নেকি? আমাৰ লৰাই সৰ্ব ভাৰতীয় কম্পিটেটিভ পৰীক্ষাত ট্ৰাই নকৰে কিয়? চিভিল চাৰ্ভিচ কৰিবলৈ অবহেলা কৰে। অথবা এম এ/এম এছচি/পাছ কৰিওতো ভাল প্ৰফেছৰ/অফিছাৰ হব পাৰেচোন? চোকা ল’ৰাজনক উদ্দেশ্যি আৰু কলে- তুমি জেনেৰেল ষ্ট্ৰিমত গৈয়ো কম্পিটেটিভ এক্জাম দি আই এ এছ টপাৰ হব পাৰিবাচোন ? কেতিয়াবা তুমি সেই কথাবোৰ চিন্তা কৰিছানে ? লৰাই একো হাঁ না নকৰা দেখি ছাৰে পুনৰ ক’লে– মানে টকা ঘটাৰ মন! ইঞ্জিনিয়াৰ হ’বাই মানে?

  আজিকালি অৱশ্যে শিক্ষাৰ পৰিৱেশ সলনি হ’ল। সেই তেতিয়াৰ ট্ৰেণ্ড সলনি হল।আজিৰ তাৰিখত বহুতো মেডিক’ৰ গ্ৰেজুৱেটো সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আই এ এছ, আই পি এছ হৈছেগৈ। বহুতো ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটে উপযুক্ত চাকৰিৰ অভাৱত ব্যেংকৰ প্ৰবেশ্যনাৰী অফিছাৰ হৈছেগৈ। আগতে সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাৰ গ্লেমাৰ আজিৰ দৰে নাছিল। ভাৰতৰ মাত্ৰ কেইটামান প্ৰদেশৰ তথা মুষ্টিমেয় প্ৰভাৱগোষ্ঠী ও একশ্ৰেনীৰ ছাত্ৰ ছাত্ৰীহে আই এ এছ, আই পি এছ'ত যোগদান কৰিছিল ঠিক আৰ্মি আৰু নেভেল অফিছাৰৰ দৰে। কিন্তু আজিকালি সকলো প্ৰদেশৰ ছাত্ৰ ছাত্ৰীয়েই কম বেছি পৰিমাণে প্ৰশাসনিক বিষয়াক বাচি লয় কেৰিয়াৰ হিচাপে আৰু উত্তীৰ্ণৰ হাৰো বাঢ়িছে ৰাজ্যসমূহত আগতে যিসমূহত প্ৰভাৱ বৰকৈ নাছিল। কিন্তু হলেও আজিও ইউ পি/বিহাৰৰ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অন্য ৰাজ্যতকৈ তুলনামূলক ভাৱে বেছি। অসমত বুজন সংখ্যক ছাত্ৰ ছাত্ৰী অসম প্ৰশাসনিক সেৱাত ভাল ফল দেখুৱালেও কিন্তু সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাত ফেৰ মাৰিব পৰা নাইকিয়া। ৰাষ্ট্ৰীয় স্তৰত আমাৰ ছ‍াত্ৰ ছাত্ৰীৰ কনফিডেন্স লেভেল এতিয়াও বহুত কম! ইয়াৰ বাবে প্ৰয়োজন আমাৰ ছাত্ৰ ছাত্ৰীসকল অতিমাত্ৰা ষ্টাডিয়াছ হোৱাৰ লগতে কলেজ বিশ্ব বিদ্যালয় সমূহতো তেনে কম্পিটেটিভ পৰিৱেশ এটা গঢ় লৈ উঠিব লাগিব। বিশেষকৈ অসমৰ বিশ্ব বিদ্যালয় সমূহত ষ্টাডি চাৰ্কোল তথা পিৰিয়দিক কৰ্মশালা গঢ়ি তুলিব লাগিব যাতে সৰ্ব ভাৰতীয় প্ৰতিযোগিতামূলক প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকল আত্মবিশ্বাসেৰে সৈতে সাজু হব পাৰে। সেই ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনা, শিক্ষা বিভাগৰ দ্বাৰা প্ৰয়োজনীয় আন্তঃগাঁথনিৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব যাতে সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মনবোৰ ঢাল খায়। কাৰণ, মন কৰিলেহে চন।আমাৰ বোধেৰে অসমৰ ছাত্ৰ ছাত্ৰীসকল সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতি এতিয়াও সামগ্ৰিক ভাৱে সজাগ নহয় !

  বিহাৰ, ইউ পি, ৰাজস্থান অথবা দাক্ষিণাত্যৰ ছাত্ৰ ছাত্ৰীয়ে পাইকাৰী হাৰত পাৰিলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কিয় নোৱাৰিব? নিশ্চয় পাৰিব। When there is a will, there is a way. লক্ষ্যৰ পাছে পাছেহে ভাগ্যই দৌৰ দিয়ে।লক্ষ্য আগত, ভাগ্য পাছত। প্ৰথমে লক্ষ্যস্থিৰ, দ্বিতীয়তে অধ্যাৱসায়, তাৰ পাছতহে উদ্দেশ্য সাধন। লক্ষ্যত উপনীত হোৱা মানেই উদ্দেশ্য সাধন আৰু উদ্দেশ্য সাধনতেই জীৱনৰ সাৰ্থকতা।

 

Doksiri দকচিৰি, জানুৱাৰী, ২০২৫






No comments:

Post a Comment

Post Bottom Ad

Pages