ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী, সোৱণশিৰি আৰু গোগামুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী, সোৱণশিৰি আৰু গোগামুখ



ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী, সোৱণশিৰি আৰু গোগামুখ


কালিনাথ পাংগিং 

  

     পন্যাসিক সম্ৰাট ৰজনী কান্ত বৰদলৈদেৱে তেখেতৰ কালজয়ী উপন্যাস ‘মিৰি জীয়ৰী’খন ১৮৯৫ চনত বৰপেটাৰ পৰা প্ৰকাশ কৰি উলিয়াইছে যদিও সমগ্ৰ সমল উত্তৰ লখিমপুৰত ছাব ডেপুটি কলেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ক্ষেত্ৰ অধ্যয়নৰ যোগেদি আহৰণ কৰা ফচলৰ ফল৷ গুৱাহাটীৰ ডিষ্ট্ৰিক কমিছনাৰ অফিচত কমিছনাৰ ই. এ. গেইট চাহাবৰ অধীনত ব্ৰাঞ্চ এচিষ্টেণ্ড হিচাপে চাকৰি কৰি থাকোঁতে দক্ষতাৰ পৰিচয়েৰে প্ৰমোচন পাই ১৮৯২ চনত ছাব ডেপুটি কলেক্টৰ হিচাপে উত্তৰ লখিমপুৰলৈ বদলি হৈ আহে। উত্তৰ লখিমপুৰত চাকৰি কৰি থকা সময়ত গেইট চাহাবে মিৰি [বৰ্তমানৰ মিচিং] জনগোষ্ঠীৰ ধৰ্মাচৰণৰ ওপৰত টোকা এটি যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে। গেইট চাহাবৰ নিৰ্দেশ অনুসৰি বৰদলৈদেৱে লখিমপুৰ জিলাৰ মিচিং বসতিপ্ৰধান অঞ্চলত বিশেষভাৱে সোৱণশিৰি পৰীয়া মিচিং অঞ্চলত ক্ষেত্ৰ অধ্যয়ন কৰি “মিৰি সকলৰ ধৰ্ম” [Religon of Miris] নামৰ এটি মুল্যবান নিৱন্ধ যুগুত কৰি গেইট চাহাবক জমা কৰে। সোৱণশিৰি উপত্যকাৰ বিশেষভাৱে ঘূণাসঁতিৰ পৰা উত্তৰে গোগমুখ হৈ অৰুণাচলৰ পাহাৰ লানিৰ জনবসতি অঞ্চল সামৰি থকা এলেকাটোৰ জনসমাজক ভিত্তি কৰি ক্ষেত্ৰ অধ্যয়ন কৰা সময়ত মিচিং জনগোষ্ঠীৰ মাজত প্ৰচলিত আচাৰ-নীতি, ধৰ্মাচৰণ, কৃষ্টি-সংস্কৃতি, গীত-মাত, পূজা-পাৰ্বণ আদি বিভিন্ন ক্ষেত্ৰত পোৱা অভিজ্ঞতাবোৰক লৈ পৰৱৰ্তী সময়ত বৰদলৈদেৱে সেই কালজয়ী “মিৰি জীয়ৰী” উপন্যাসখনক জন্ম দিয়ে৷ ক্ষেত্ৰ অধ্যয়নৰ সময়ত মিৰি জীয়ৰী সৃষ্টিৰ নাভিকেন্দ্ৰ ঘুণাসঁতিতেই আৱদ্ধ নাথাকি ওচৰৰ-চুবুৰীয়া গাঁও, অঞ্চল, নদ-নদী আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো অধ্যয়ন কৰাৰ উমান পোৱা যায়। 

    বৰদলৈদেৱৰ মিৰি জীয়ৰীৰ লগত সোৱণশিৰি, সোৱণশিৰিপৰীয়া সমাজ আৰু গোগামুখৰ আছে এটা ওতপ্ৰোত সম্পৰ্ক৷ ইটো যেন সিটোৰ পৰিপূৰক। ঘুনাসঁতিৰ মিচিং সমাজ আৰু সোৱণশিৰিক বাদ দি মিৰি জীয়ৰী যেনেকৈ অসম্পূৰ্ণ তেনেকৈ গোগামুখক বাদ দিও মিৰি জীয়ৰী সম্পূৰ্ণ হ’ব নোৱাৰে। কাৰণ ঘুনাসুঁতিৰ লগতে গোগামুখৰ ওচৰে-পাজৰে থকা সোৱণশিৰি, পথালিপাম, ভেবেলী আৰু দুলুংমুখ অঞ্চলৰ চাৰিসীমাৰ গণ্ডীৰ ভিতৰত মিৰি জীয়ৰীৰ মুল চৰিত্ৰই বিচৰণ কৰি বিকাশ লাভ কৰিছে আৰু যৱনিকাও পৰিছে এই খণ্ডৰ মাজমজিয়াতেই। ১৯৫০ চনৰ বৰ ভুঁইকঁপৰ আগলৈকে সোৱণশিৰি নৈখনে দুলুংমুখ [গেৰুখামুখ] ৰ পৰা নামি আহি বৰ্তমানৰ গোগামুখ চহৰৰ মাজমজিয়াদি বৈ আহি বিলমুখেদি পশ্চিমমুৱা হৈ ঘুনাসুঁতি চুই খেৰকটীয়া নদীক লগত লৈ মহাবাহু ব্ৰহ্মপুত্ৰত মিলিছিলগৈ৷ সেয়েহে নিসন্দেহে ক’ব পাৰি বৰদলৈদেৱে মিৰি জীয়ৰী উপন্যাস খনৰ বীজ বুটলি ফুৰাৰ সময়ত সোৱনশিৰি নৈ গোগামুখৰ মাজেদি ফেনেফুটুকাৰে সজীৱ ৰূপত বৈ আছিল৷ সোৱণশিৰি নৈৰ মনমোহা দৃশ্য গোগামুখৰ নিচেই কাষৰ পৰা সবাটোকৈ সুন্দৰকৈ ধৰা দিয়ে বুলি ঔপন্যাসিক গৰাকীয়ে অকপটে বেকত’ কৰি গৈছে৷ গোগামুখৰ নিচেই কাষৰ পথালিপামৰ পৰা সোৱণশিৰিৰ সৌন্দৰ্য কেনেদৰে প্ৰতিফলিত হয় তাক তেখেতৰ মুখৰ পৰাই শুনো আহক–

 “বেলি প্ৰায় পাতত বহিছে। আকাশ সুন্দৰ নিৰ্মল। শেঙুলীয়া আশাকৰ ছাঁ সোৱণশিৰী নৈত পৰি সোৱণশিৰী নৈৰ পানীকো হেঙুলীয়া বৰণ কৰিছে। সোৱণশিৰী নৈৰ পানীত মৃদু-মন্দ বতাহ বইছে। ৰিপ্‌ ৰিপ্‌ সুৰে আই সোৱণশিৰী বব লাগিছে। সিফালে দূৰৈত মিৰি গাঁৱত জুই জ্বলিছে। দুই এটাকৈ বিহু ঢোলে মিৰি গাঁৱত বাজিছে। এনেই সোৱনশিৰী নৈখন বহল। দুয়ো কাষে অবুজ ৰঙৰ ঘাঁহ, ঠায়ে ঠায়ে চিকুন বালিৰ চৰ। মুঠতে পাঁচ মাইলমান দুৰৈতে পাহাৰৰ চিকুন দৃশ্য। তাতে সন্ধিয়া কালত মৃদু-মন্দ বতাহ। সিফালে পূবৰ ফালৰ পৰা বেলি নৌমাৰ যাওঁতেই পূৰ্ণিমাৰ জোনটিয়ে দেখা দিছে। সোৱনশিৰী নৈখনে কেনে যে চিকুন দৃশ্য এটি ধৰিছে, তাক বৰ্ণাই শেষ কৰিব নোৱাৰি আৰু আমাৰো সিমান শক্তি নাই। কোনোবাই যদি কেতিয়াবা এনে সময়তে ঠিক এনে দিনত নাৱেৰে সোৱণশিৰীৰ “পথালি পাম” [এই নামেৰে লক্ষ্মীমপুৰ মহকুমাত এখন ঠাই আছে, তাত আজি-কালি এখন চাহ বাগিছাও আছে] খণ্ডৰ ওচৰত ফুৰিবলৈ পাইছে সেয়েহে আমি বিৱৰণ দিয়া এই দৃশ্যটোনো কেনে তাক বুজিব পাৰিব। আৰু কবিত্ব শক্তি থাকিলে তাকে বৰ্ণাই এখন পুথিও লেখিব পাৰিব। বাস্তৱিক পক্ষতে কাতি-আঘোন মহীয়া এনেকুৱা সময়ত সোৱণশিৰীৰ বুকুত ফুৰিবলৈ বৰ চিকুন৷ স্বভাৱৰ সৌন্দৰ্য্যত মন মোহিত হয়। আৰু কৰণাৰ সাগৰ পৰমেশ্বৰৰ এনে বিলাক দৃশ্য দেখি তেওঁলৈ ভক্তিৰ সঞ্চাৰ হয়। নিতান্ত অভাৱুকেও ভাৱ পায়।” বৰদলৈদেৱে কবৰ দৰে সোৱণশিৰি নৈৰ আন আন খণ্ডতকৈ গোগামুখৰ নিচেই কাষৰ সোৱণশিৰি নৈখনতে সৌন্দৰ্যৰ পোহাৰ মেলে আৰু সোৱণশিৰিৰ সকলো সৌন্দৰ্য একে সময়তে প্ৰকাশ পায়।

    আধুনিক ইতিহাসবিদ সকলে যি ধৰণৰেই ব্যাখা নকৰক গোগামুখৰ আছে এটা অতীত ইতিহাস, স্বকীয় চিনাকি। অলপকৈ হ’লেও ইতিহাসৰ পাততো গোগামুখৰ উল্লেখ পোৱা যায়। বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভুঞাদেৱে সম্পাদনা কৰা ‘অসম বুৰঞ্জী’ খনতো সোৱণশিৰি, দুলুং আৰু গাগলডুবি আদি ঠাইৰ লগতে গোগামুখৰ কথা উল্লেখ আছে। অৱশ্যে তেখেতে সোৱণশিৰিৰ ওচৰৰ ‘গাঙ্গমুখ’ বুলিহে উল্লেখ কৰিছে। ভুঞাদেৱৰ অসম বুৰঞ্জী [১৯৪৫] ৰ ‘ডফলাৰ বিৰুদ্ধে অভিযান’ শীৰ্ষক টোকাত উল্লেখ কৰিছে এইদৰে–

      “...১৫৯৩ শকত পছিমা ডফলা বৰগাম, ৰাধাগম, তামিগাম, এইহঁতে খাব নাপাওঁ বুলি গাগলডুবি গাঁৱৰ ৰাতি চুৰ কৰি মানুহ তিনটা কাটি ল’ৰা-তিৰোতা সহিতে ৪০জন মানুহ ধৰি নিলে৷ এই কথা ঁদেৱে শুনি বাহগড.ীয়া বুঢ.াগোহাই সহিতে ৪০ প্ৰমুখ্যে ৩ জনা ডাঙৰীয়া, ফুকন, বৰুৱা সকলোৱে সমালোচনা কৰি বোলে– ‘বৰবৰুৱাক ডফলা ধৰিবলৈ পঠাব খোজো, গোহাঁইবোৰে কি বোলে? ’ বুঢ়াগোহাঁয়ে বোলে– ‘এন্দুৰৰ গাতত যদি হস্তী সোমাব পাৰে, তেহে তাক ধৰিব পাৰে৷ ’ তথাপি নামানি বৰবৰুৱাক ডফলা ধৰিবলৈ পঠালে৷ ১৪৯৪ শকৰ বৈশাগৰ ২৩ দিন যাওঁতে সোৱণশিৰি পাৰ হৈ ৰঙা মাটিত কোঁঠ দি ৰ’লগৈ। তাৰে পৰা দুলুঙ্গমুখত ৰ’লগৈ৷ টুবাকে তিতাকে আগবঢ়াই ডফলা বৰাবলৈ পঠালে। পাছে বৰাব নোৱাৰিলে। বৰ্ষাকালো হ’ল। ঁদেৱলৈ জনালত, ঁ দেৱে বোলে– ‘যদি বৰাবকে নোৱাৰে বৰবৰুৱাক কিয় নিয়ে?’ চাউদাঙত কৰি টুবাকে তিতাকে লোৱা লগাই থব দিলে। এই কথা বৰবৰুৱা শুনি দুলুঙ্গৰ পৰা গৈ বৰচতিয়াত ৰ’লগৈ। তাৰ পৰা সোৱণশিৰি পাৰ হৈ গাঙ্গমুখত ৰ’লহি৷ তাৰ পৰা গৈ পৰ্বতৰ বাটে পাটী নৈৰ মুখত কোঁঠ দি ৰ’লগৈ। তাৰে পৰা গাওঁ মাৰিবলৈ…...।” [পৃষ্ঠা-১০৪] খুউব স্পষ্ট নহলেও ভুঞাদেৱৰ অসম বুৰঞ্জীত উল্লেখ কৰা সেই গাঙ্গমুখেই যে বৰ্তমানৰ গোগামুখ তাক নি(য়কৈ ক’ব পাৰি। তাহনিৰে পৰা বহু বছৰ ধৰি মানুহৰ মুখে মুখে বাগৰি আহোঁতে ‘গাঙ্গমুখ’ৰ পৰা অপভ্ৰংশিত হৈ ‘গোগামুখ’ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এনে পৰিৱৰ্তন ভাষা বিজ্ঞানৰ এটা এৰাব নোৱাৰা বৈশিষ্ট্য। কাৰণ সোৱণশিৰি উপত্যকাৰ বৃহত্তৰ গোগামুখ অঞ্চলৰ আশে-পাশে তাহানিৰ সেই ‘গাঙ্গমুখ’ নামৰ লগত সাদৃশ্য থকা গাঁও বা ঠাই পাবলৈ নাই৷ বৰ্তমানৰ গোগামুখ যদি তাহানিৰ সেই গাঙ্গমুখ নহয় তেন্তে অন্তত বিকৃত ৰূপত হ’লেও গাঙ্গমুখৰ নামটো গোগামুখ অঞ্চলৰ আশে-পাশে বিৰাজ কৰিলহেঁতেন নি(য়৷ অপভ্ৰংশিত হ’লেও যেনেকৈ–তেতিয়াৰ ‘দুলুঙ্গমুখ’ বৰ্তমানৰ ‘দুলুংমুখ’, তেতিয়াৰ বৰচুতীয়া আৰু এতিয়াৰ চুতীয়াকাৰী, তেতিয়াৰ ভেবেলীচুক এতিয়াৰ ভেবেলী আদি নামবোৰ আজিও বৰ্তি আছে৷ অৱশ্যে গোগামুখ নামৰ সৃষ্টি সম্পৰ্কে দুই-এটা লোকশ্ৰুটিও পোৱা যায়৷ তেনে দুটামান লোকশ্ৰুটি হ’ল– [ক] গোগামুখৰ কাষেদি বৈ আহি সোৱণশিৰি নদীত পৰা খৰশ্ৰোতা গোগা নামৰ জানৰ গো-গোৱনি শব্দৰ পৰাই ‘গোগামুখ’ নামৰ সৃষ্টি হৈছে৷ [খ] তাহানিৰ বৰদলনি মৌজাৰ মৌজাদাৰ গোগাপুৰ দাসৰ নামৰ পৰাই ‘গোগামুখ’ নামৰ সৃষ্টি হৈছে৷ 

 সোৱণশিৰিৰ হাৱা-পানী সেৱন কৰি ডাঙৰ-দীঘল হোৱা বৰদলৈৰ মিৰি জীয়ৰীৰ সৃষ্টিৰ মূল অভিকেন্দ্ৰ ঘুণাসঁতি যদিও সোৱণশিৰি নৈক আগুৰি থকা বিশেষভাৱে উজনি ফালৰ ঠাই সমূহৰ মাজতেই মিৰি জীয়ৰীয়ে পূৰ্ণৰূপত বিকাশ লাভ কৰিছে। উপন্যাস খনৰ মূল নায়িকা পানেইয়ে যেতিয়া কমুদৰ লগত বিয়াত বহিবলৈ অমান্তি হৈ দ্বিতীয়বাৰৰ বাবে ঘৰৰ পৰা ওলাই গৈ হাবিৰ মাজেদি পলাই গৈছে, তেতিয়া এৰাতিৰ বাবে হ’লেও উজনিৰ [গোগামুখৰ ওচৰৰ কোনোবা এখন হিন্দু গাঁও!] হিন্দু এঘৰত আশ্ৰয় লৈছে। পানেইৰ পলাই যোৱাৰ খবৰ পাই জঙ্কিয়ে পানেইহঁতৰ ঘৰলৈ গৈ খা-খবৰ লওঁতে পানেইৰ বাপেক-মাকে ভুল স্বীকাৰ কৰি পানেইক জঙ্কীলৈকে বিয়া দিয়াৰ আশ্বাস দিয়ে৷ জঙ্কিয়ে বুকুত অলেখ আশা বান্ধি পানেইক বিচাৰিবলৈ গোগামুখৰ ফালৰ পথালি পাম [গোগামুখৰ ওচৰৰ, বৰ্তমানৰ আনন্দ]লৈ ৰাওনা হৈছিল৷ জঙ্কিয়ে গোগামুখৰ ফালৰ পথালি পামলৈ যোৱাৰ ইঙ্গিত বৰদলৈদেৱে দিছে এনেদৰে– “....এই বুলি মনতে সঙ্কল্প কৰি জঙ্কি পথালিপামৰ ফাললৈ মুখ কৰি ৰাওনা হ’ল। ” জঙ্কিয়ে হাবিয়ে-বননীয়ে পানেইক বিচাৰি ফুৰোঁতে গোগামুখৰ নিচেই ওচৰৰ ভেবেলিচুক হাবিৰ পৰা জঙ্কিক গাছিমিৰি সকলে বলপূৰ্বকভাৱে আটক কৰি উঠাই লৈ গৈছে। সেই একেখন ভেবেলিচুকৰ পৰাই পাহাৰৰ চিলি মিৰি সকলে পানেইকো ধৰি লৈ যায়৷ পানেয়ে কৈছে– “জঙ্কি, মোক ভেবেলিচুকৰ পৰা চিলি মিৰিয়ে ধৰি নিয়ে৷ সেই চিলি মিৰিৰ দেশত চাৰিমাহ থাকোঁ৷ তাৰ পিছত মই যি ঘৰত আছিলো সেই মানুহ ঘৰক ইহঁতে কাটি-মাৰি আমাক বন্দী কৰি আনিছে৷ তইনো এইখিনি কেনেকৈ পালেহি? এই কথাত জঙ্কিয়ে ক’লে– “পানেই, মোকো তোক বিচাৰি ফুৰোঁতে এই গাছি মিৰিহঁতে ধৰি আনে।” জঙ্কি-পানেইৰ জৌৱন-জীৱনৰ প্ৰেম-পিৰিতিৰ সোণালী সপোনৰ সতে আপোনমনে খেলি মিলনৰ স্বপ্নই ভৰপক ধৰা সময়তেই দুয়োৰে প্ৰেমৰ বাটত কাল অমানিশা নামি আহে –এই গোগামুখ অঞ্চলতেই। সঁচা অৰ্থত ক’বলৈ গ’লে স্বৰ্গীয় প্ৰেমেৰে আগবাঢি. গৈ থকা জঙ্কি-পানেইৰ জীৱন যুঁজ দৃশ্যপটৰ কৰুণ অধ্যায়ৰো আৰম্ভণি হয় গোগামুখৰ ভেবেলিচুকৰ পৰাই৷ যিদিনা সিহঁত হালক ভেবেলিচুকৰ পৰা পাহাৰৰ গাছি মিৰিয়ে বলপূৰ্বক ধৰি লৈ গ’ল সেই দিনাৰ পৰাই জঙ্কী-পানেইৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিল। ঘুণাসঁতিত অঙ্কুৰিত হোৱা স্বৰ্গীয় প্ৰেমৰ পট পৰিৱৰ্তন হয় ভেবেলিচুকত আৰু ভেবেলিচুকত আৰম্ভ হোৱা মিৰি জীয়ৰীৰ কৰুণ দৃশ্যপটৰ যৱনিকাও পৰে– গোগামুখৰ উজনিৰ পাহাৰ লানিৰ পৰা বৈ অহা সোৱণশিৰি নৈৰ মুখত। দুখেৰে ভৰা জঙ্কি-পানেইৰ জীৱন বন্তিও নিৰ্বাপিত হয় গোগামুখৰ কাষৰ সোৱণশিৰি নদীৰ বুকুতেই। সেয়েহে প্ৰত্যক্ষভাৱে ধৰা নপৰিলেও বৰদলৈৰ মিৰি জীয়ৰীৰ লগত গোগামুখ আৰু ইয়াৰ আশ-পাশৰ পৰিৱেশ-পৰিস্থিতি আৰু সামাজিক জীৱনৰ লগত আছে এটা অভিন্ন সম্পৰ্ক।

 মিৰি জীয়ৰীৰ আৰম্ভণি সোৱণশিৰিতেই হৈছে আৰু সামৰণিও পৰিছে সোৱণশিৰিৰ বুকুতেই। সোৱণশিৰি নৈৰ কুলু কুলু সুৰৰ প্ৰতিটো ধ্বনিত প্ৰতিধ্বনিত হয় মিৰি জীয়ৰীৰ সুৰ, এলাগী হৈ পৰি ৰোৱা সোৱণশিৰিৰ বালি চৰৰ প্ৰতিটো বালিচন্দাতেই প্ৰতিবিম্বিত হয় মিৰি জীয়ৰীৰ সংঘাতময় জীৱনৰ জীৱন কাহিনী। শৈশৱ-ল’ৰালিৰ পখিলা খেদা সময়ৰ পৰা জৌৱনৰ দুৱাৰ ডলিত পদাৰ্পণ কৰাৰ সময়লৈকে, বুজা-নুবুজা জীৱনৰ ৰদ-কাঁচলিত জৌৱনৰ বৰ্ণিল সপোনৰ পিছে পিছে আপোন পাহৰা হৈ দৌৰা-দৌৰি কৰাৰ সময়ৰ পৰা জীৱন নামৰ দুৰ্বোধ্য জীৱনবোধত প্ৰৱেশ কৰাৰ সময়লৈকে মিৰি জীয়ৰীৰ জীৱন চক্ৰ সোৱণশিৰি সোঁৱে-বাওঁৱে গতি লাভ কৰিছে, দৃশ্যপট আগুৱাই গৈছে। মিৰি জীয়ৰীয়ে মৰম-চেনেহ, প্ৰেম-ভালপোৱা আদি মানৱীয় গুণ সমূহৰ আহিলা আঃনৗ সোৱণশিৰিৰ বুকুৰ পৰাই আহৰণ কৰিছে, সহজ-সৰল জীৱনশৈলী, প্ৰকৃতিৰ সতে একাত্ম হ’ব পৰা গুণ, সাহস, সহনশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰাকৃতিক গুণৰাজি নৈসৰ্গিক সোৱণশিৰিৰ সতে সহাৱস্থান কৰা প্ৰকৃতি ৰাজ্যৰ পৰাই আয়ত্ত কৰিছে। আনকি মিৰি জীয়ৰীৰ প্ৰেমিক যুগলে ইজনে সিজনক জীৱনসঙ্গীৰূপে পাবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ বাবেও বাচি লৈছে সোৱণশিৰি পাৰৰ বালি চৰ। সোৱণশিৰি তেওঁলোকৰ বাবে নিৰাপত্তাহীনতাত অভয়দাতা, নিৰাশ্ৰয়ত আশ্ৰয়দাতা, আদৰ আৰু বিশ্বাসৰ জন্মদাত্ৰী মা৷ মিচিং সকলে বিশ্বাস কৰাৰ দৰে জঙ্কি-পানেয়েও অৱনৰীক বিশ্বাস কৰে আই সোৱণশিৰি বা আঃনৗ অৱনৰী হিচাপে। সেয়েহে জঙ্কি-পানেয়ে এই মায়া-মোহ সংসাৰৰ পৰা মুক্তি লাভ কৰোঁতেও তেওঁলোকৰ অতৃপ্ত আত্মাও বিলিন হৈছে আঃনৗ অৱনৰীৰ উমাল বুকুত।

 সহায়ক পুথি–

 ১ মিৰি জীয়ৰী [১৮৯৫]–ৰজনী কান্ত বৰদলৈ

 ২৷ ৰজনী কান্ত বৰদলৈ–জীৱন আৰু সাহিত্য [১৯৯২]– ড. মন্দিৰা গোস্বামী 

 ৩৷ অসম বুৰঞ্জী [১৯৪৫]– সূৰ্য কুমাৰ ভুঞা


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫

  

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages