অসমীয়া পূৰণি ভাষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 30, 2024

অসমীয়া পূৰণি ভাষা

 


অসমীয়া পূৰণি ভাষা


                                  ড° জিন্টুমনি বৰা


গৰ্বিত অসমীয়া আমি! 

অপ্ৰমাদী কবি মাধৱ কণ্ডলীয়ে অসমীয়াত শ্রীমন্ত শংকৰ দেৱৰ আগেয়ে 

লিখিছিল ৰামায়ণ, 

যাক দেখি গুৰুজনাইও কৰিছিল উচ্চ প্ৰশংসা, 

ভট্ট দেৱৰ গদ্য আৰু গুৰু দুজনাৰ কাব্য, 

তাৰ পিছত কথাগুৰু চৰিত

 অবশ্য বহু বছৰ কামিল অসমীয়া সাহিত্য, 

তথাপিও আছে অসমীয়া বুৰঞ্জী

আহোম বুৰঞ্জী

তাৰ পিছত

পুনৰ চৰ্চা অসমীয়া সাহিত্যৰ

মিছনাৰীৰ দিনৰ পৰা, নাথান ব্ৰাউন, লম্বোদৰ বৰা, 

নিধি লেভি ফাৰৱেল আৰু কতজন, 

তাৰ পিছত ৰসৰাজ লক্ষ্মীনাথ, 

উপন্যাস সম্ৰাট

ৰজনীকান্ত 

আৰু কতজন! 

প্ৰায় হাজাৰ বছৰৰ ইতিহাস

আমাৰ ভাষা

অসমীয়া ভাষাৰ

আজিৰ স্বীকৃত 

ধ্ৰুপদী ভাষাৰ।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages