গোপনে গোপনে মৰমবোৰ বাঢ়িছে তোমালৈ মোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, November 30, 2024

গোপনে গোপনে মৰমবোৰ বাঢ়িছে তোমালৈ মোৰ

 


গোপনে গোপনে মৰমবোৰ বাঢ়িছে তোমালৈ মোৰ


বলিন বৰদলৈ

আলামি, গোলাঘাট 


হৃদয়ৰ গোপনত গোপনে গোপনে 

বৰকৈ মৰমবোৰ বাঢ়িছে তোমালৈ 

কিনো কৰিম মইও যে নিৰুপায়

জানাইটো এইয়া বয়সৰ দোষ।

ঘৰতো নবহে মন

নবহে মন পৰতো….

পেটলৈ নাযায় খোৱামুঠিও।

ভাতৰ পাতত বহো

পানী ঢালি উঠি আহোঁ,

আইয়ে মন-চন মাৰি সোধাত 

পেটৰ অসুখ হোৱা বুলি কওঁ -

বেজাৰত তোমালৈ মনত পৰি

দহে যে মোৰ অন্তৰ 

দহেনে তোমাৰ ?

আইয়ে পিতাইক চিকিৎসকৰ ওচৰলৈ 

লৈ যাব কোৱাত মই নিজে নিজে ভাল হ’ব বুলি কওঁ।

ভাবিছানে বাৰু তুমি মোৰ অৱস্থাটোৰ কথা 

মই যদি লক্ষীন্দৰ হৈ মৰি যাওঁ সঁচাকৈয়ে 

তুমি বেউলা হৈ যমৰ ওচৰত 

পাৰিবানে মোৰ জীৱন ভিক্ষা মাগিব ?

হৃদয়ৰ গোপনত গোপনে গোপনে 

বৰকৈ শিপাইছে আমাৰ ভালপোৱা 

বৰকৈ বাঢ়িছে মৰমবোৰ গোপনে গোপনে 

তোমালৈ এজোপা প্ৰেমৰ বটবৃক্ষ হৈ।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages