এটি সপোন দেখিছিল তাই
ৰুবি বুঢ়াগোহাঁই
গোলাঘাট
পৰীৰ আজি কলেজৰ প্ৰথম দিন। অলপ লাজ আৰু ভয় তাইৰ নলগা নহয়। প্ৰথম দিনা দেৰি নকৰি সোনকালেই গা-পা ধুই তাই সাজু হ’ল। ৰুমমেট নীহাৰিকাৰ সৈতে কলেজলৈ বুলি খোজ ল’লে। দুটামান ক্লাছ গৈছিল হে, Introduction - ৰ বাবে Senior য়ে মাতিলেই নহয়। সহজে চকুত লগা, মৰমলগা ছোৱালী পৰীৰ ওপৰত কেইবাজনৰো চকু। পিছে তাই মাক-দেউতাকৰ একমাত্ৰ বাধ্য কন্যা। কোনো বন্ধু বান্ধবী তাইৰ নাছিল বুলিয়েই ক’ব পাৰি। কিন্তু এইবাৰ পৰীৰ জীৱন কোনফালে গতি কৰে চাওচোন। বিকাশ নামৰ Senior এজনে হেনো তাইক মাতি পঠাইছে বুলি খবৰ আহিল। Senior- ৰ আদেশ অমান্য কৰিব নাপায় বুলি লগৰবোৰে জোৰ কৰি তাইক পঠালে। প্ৰশ্নৰ উপৰি প্ৰশ্ন বিকাশৰ। পৰীক যেন সি আজি এৰি নিদিব। তাই বহুত ভয় খাইছে। ক্লাছ কৰিবও নাপালে। মুঠতে উত্তৰ দি ভাগৰি পৰা পৰীয়ে এইবাৰ মুখেৰে নমতা হ’ল কাৰণ “I love you” মানে কি কোৱা বুলি তাইক ব্যতিবস্ত কৰিব ধৰিলে। লগতে তাৰ লগত থকা ল’ৰা, ছোৱালী সকলোৱে তাইক আমনি কৰাত লাগিল। উপায় নাপায় তাই ক'বলৈ বাধ্য। পিছদিনাৰপৰা বিকাশ সদায় তাইৰ লগত কথা পাতিব আহে। তাই কেণ্টিন গ'লে সিও যায় পিছে পিছে। এনেদৰে সি তাইৰ লগ এৰা দিয়া নাছিল। পিছে বিকাশো দেখাই শুনাই কম ধুনীয়া নাছিল, সেয়েহে লাহে লাহে তাইৰ মন তাৰ ফালে ধাল খায়। সি এতিয়া তাইৰ অতিকৈ আপোন, বুকুৰ আপোন। লাহে লাহে সি তাইৰ লাজ, ভয়, সংকোচ এইবোৰ কমাবলৈ চেষ্টা কৰিলে। পঢ়া-শুনাৰ লগতে সিহঁত দুয়োৰে সম্পৰ্কও আগবাঢ়ি গৈ থাকিল। সোনকালেই কিবা এটা সংস্থাপন ল’ব পাৰিলেই সি তাইক বিয়াৰ প্ৰস্তাৱ দিব বুলি কয়। মাজে মাজে সি তাইক বাহিৰৰ Resturant লৈ লগ ধৰে। তাইৰ স্পষ্ট কথা যে তাই কলেজ হোষ্টেলৰ বাহিৰত যাব নোৱাৰে। লগৰ সকলোৱে যাবলৈ কোৱাত তাই এইবাৰ যাবলৈ সাজু হ’ল। জীৱনত প্ৰথমবাৰৰ বাবে এনদৰে ওলাই যাব তাই। তথাপি মনতো ভালো লাগিছে, নানা প্ৰশ্ন মনত, উগুল-থুগুল মন। সেইদিনা সি তাইক টাউন খন ভালকৈ চিনাকি কৰাই দিলে। নদীৰ পাৰলৈও লৈ গ’ল। তাই যেন সঁচাকৈয়ে মুকলি অনুভৱ কৰিছিল সেইদিনা।
এনেকৈয়ে ভালপোৱা বাঢ়ি গ’ল দিনে দিনে। আন এদিনৰ কথা - সেইদিনা সিহঁতৰ কলেজ বন্ধ আছিল, বিকাশে তাইক অলপ ফুৰিবৰ বাবে লগ ধৰিলে। হোষ্টেল চুপাৰক তাই ঘৰ যোৱা বুলি ছুটি ল'লে। তাৰ পিছত সি তাইক বাইকত লৈ গ’ল। বিকাশৰ মতলৱ তাই জনা নাছিল। সি যে বহুৰূপী দানৱ তাই ধৰিব পৰা নাছিল। সি তাইক ফুৰি চাকি হোৱাৰ পিছত এডোখৰ নিজান ঠাইলৈ লৈ গ’ল। দুয়ো দুয়োৰে মাজত আপোন পাহৰা হ’ল। তেনেতে এটা ফোন ক’ল আহিল, সি অলপ আঁতৰি গ'ল তাইৰ কাষৰপৰা। তাই অলপ আচৰিত হৈ সুধিলে দেউতাকৰ ফোন নেকি? সি অ হয় বুলি ক'লে। লগৰ ল'ৰাৰ ঘৰত আছে বুলি ক'লে বুলি তাইক ফাকি দি থ'লে। আধাঘণ্টামানৰ পিছত তাৰ এজন বন্ধু আহিল। চিনাকি কৰাই দিলে ভাল বন্ধু আছিল বুলি, তাই চিনাকি হ'ল। অলপ সময়ৰ পিছত দুয়ো বন্ধু ইংগিততে কিবা পাতিলে তাই বুজাত সহজ নাছিল। এইবাৰ বিকাশৰ বন্ধু তাইৰ কাষ চাপিল যাক তাই সহজভাৱে ল'ব পৰা নাছিল। সি লাহেকৈ ক'লে, ব'লা অলপ কথা পাতোঁ। হাতত ধৰি লৈ গ'ল। তাই অবাক আৰু অপ্ৰস্তত হ'ল, কিন্তু বিকাশ নিমাত। চকুৰ আগত নিজৰ প্ৰেয়সীক আনৰ হাতত ! , তাইৰ বুজিবলৈ বাকী নাথাকিল সি যে এটা বহুৰূপী দানৱ। চিঞৰিলেও কোনো নাই ওচৰত। গতিকে আজি তাই বিক্ৰী হ'ব এমুঠি সঁচা ভালপোৱাৰ বিনিময়ত। এইখনেই তাৰমানে ভালপোৱাৰ পৃথিৱী যাক মাথোঁ এবাৰ স্পৰ্শ কৰিব বিচাৰিছিল। হয়তো তাইৰ দেহ বিক্ৰী কৰি বিকাশে বহু লাখ টকা পাইছিল।
আজি দীপাৱলী, মাক-দেউতাকৰ একমাত্ৰ বাধ্য কন্যাৰ আজি মৃত্যু বাৰ্ষিকী। সকলোৰে ঘৰে ঘৰে জ্বলিছে একুৰিৰো অধিক বন্তি কিন্তু পৰীৰ ঘৰত মাথোঁ এগছি বন্তি এধাৰি মালাৰে সৈতে থোৱা ফটোখনিৰ সন্মুখত।।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment