জীৱনৰ ৰং বিচাৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

জীৱনৰ ৰং বিচাৰি


 জীৱনৰ ৰং বিচাৰি


মণিকা গগৈ

বৰগুৰি, তিনিচুকীয়া


      সমাজৰ বিভিন্ন কামত চয়নিকাই নিজকে ব্যস্ত কৰি ৰাখি বৰ ভাল পায়। নিশা আৰু লিজা লাহে লাহে ডাঙৰ হৈ আহিছে। দুয়োজনী ছোৱালীক পঢ়া-শুনাৰ লগতে নাচ-গানতো উপযুক্ত কৰি তুলিছে। নৃত্য প্ৰতিযোগিতাত দুয়োজনীয়ে বঁটা বুটলিবলৈও সক্ষম হৈছে। চয়নিকাই সিহঁতক নিজেই নাচ-গানৰ স্কুললৈ অনা নিয়া কৰে। কৰ্মশালা হ’লে সিহঁতক যোগদান কৰিবলৈ দিয়ে। স্বামী নিয়ৰ চাকৰি সংক্ৰান্তত বাহিৰত থাকে।

    ভাতৃ বিয়োগত চয়নিকাই মাক দেউতাকৰ ওচৰলৈ ছোৱালী দুজনী একেবাৰে সৰু হৈ থাকোতেই থাকিবলৈ আহিছিল। মাক অসুখীয়া আছিল। কিছুদিনৰ পিচত অসুখীয়া মাক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অনন্তধামলৈ গতি কৰাত দেউতাক একেবাৰে অকলশৰীয়া হৈ পৰিল। গতিকে চয়নিকাই ছোৱালী দুজনীক লৈ দেউতাকৰ লগতেই থাকি গ’ল আৰু সিহঁত ডাঙৰ হৈ অহাৰ লগে লগে বিদ্যালয় এখনত এডমিশ্যন দিলে। নিশা আৰু লিজা পঢ়া-শুনাৰ লগতে সকলো ক্ষেত্ৰতেই আগবাঢ়ি গৈ থাকিল। স্বামী নিয়ৰ মাজে সময়ে আহি থাকে যদিও পিচলৈ একেবাৰে সেৰেঙা হৈ আহিল। নিজৰ পৰিয়ালটোৰ প্ৰতি অমোনোযোগিতা আৰু দায়িত্বহীনতাৰ বাবে সিহঁতৰ মাজৰ সম্পৰ্কটোত লাহে লাহে ঘূণে ধৰিবলৈ আৰম্ভ কৰে আৰু বিবাহ বিচ্ছেদৰ পৰ্য্যায় পায়গৈ। নিয়ৰে ছোৱালী দুজনীক টকা পইচা দি আছিল যদিও পিচত দিয়া বন্ধ কৰি দিলে। পৃথিৱীখন তাইৰ কাৰণে যেন আন্ধাৰ হৈ পৰিল। কি কৰিব উৱাদিহ নাপাই মাকৰ পেঞ্চনৰ পইচাকেইটাকে ছোৱালী দুজনীৰ পঢ়া-শুনাৰ ক্ষেত্ৰত খৰচ কৰিবলৈ ললে। 

      দিন বাগৰিছে। ৰথৰ চকা ঘূৰাদি সময়বোৰ গতি কৰিছে। সময়ৰ সোঁতত ছোৱালী দুজনীও ডাঙৰ হৈ আহিছে। হঠাতে খবৰ এটা পোৱাৰ পিচত চয়নিকাৰ দেউতাকে নিজৰ গাঁৱলৈ যাব লগা হ’ল। দুদিনমান থাকি ঘূৰি আহিব বুলি ভাৱিও গাঁৱত থকা নিজৰ পৰিয়ালটোৰ কাৰণে উভতি আহিব নোৱাৰা হ'ল। চাকৰি সংক্ৰান্তত দেউতাকে বাহিৰত থাকোতেই পাক-চক্ৰত পৰি দ্বিতীয় বিবাহ কৰিব লগা হৈছিল। দ্বিতীয় বিবাহৰ কথাটোৰ লগতে চয়নিকাৰ ভায়েক এটাও যে আছে ঘৰত সকলোৱে বহুত পলমকৈ জানিছিল। পৰিয়ালটোক নিজৰ গাঁৱত ৰাখিছিল। মাকৰ পেঞ্চনৰ পইচাকেইটা দেউতাকে দি আছিল যদিও পিচলৈ দেউতাকে দিবলৈ বন্ধ কৰি দিয়াত চয়নিকাৰ জীৱনলৈ ঘোৰ অমাৱস্যা নামি আহিল। দুখবোৰে যেন চন্দ্ৰকলাৰ দৰে একলা-দুকলাকৈ বাঢ়ি যোৱাৰ প্ৰস্তুতি চলালে।   ছোৱালী দুজনীৰ পঢ়া-শুনাৰ খৰচ কেনেকৈ উলিয়াব পাৰি তাকে লৈ চিন্তা কৰি তাই অথাই-সাগৰত ডুব যোৱাৰ দৰে অৱস্থা হ’ল। ধৈৰ্য্য আৰু সাহসেৰে তাই ছোৱালী দুজনীৰ কাৰণে সংগ্ৰাম কৰি গ'ল। এখন দোকান চলাবলৈ পাই তাই যেন বহুত সকাহ পালে। দুখৰ মাজতো তাইৰ ওঁঠৰ একোণত হাঁহি এটা বিৰিঙিল। নতুন জীৱন এটা আৰম্ভ হ’ল। সময়ৰ সৰ্পিল গতিত পৰিস্থিতিৰ সৈতে চয়নিকাই মোকাবিলা কৰি ললে।

  “মা, দেউতা কেতিয়া আহিব? বহুত দিন হ’ল কিয় অহা নাই?” লিজাই সুধিলে।

   “দেউতা কামত ব্যস্ত হৈ আছে লিজা। এতিয়া আহিব নোৱাৰে নহয়। তুমি মাক প্ৰশ্ন কৰি আমনি কৰি নাথাকিবা দেই।” নিশাই বুজাই ক’লে।

   বায়েক নিশাই মাক আৰু দেউতাকৰ এৰা-এৰি হোৱা কথাটো বুজি পাইছে। গতিকে তাই মাকক দেউতাকৰ বিষয়ে একো প্ৰশ্ন নকৰি মৌন হৈ থাকে। দেউতাকে যে দ্বিতীয় বিবাহ কৰিছে সেই কথাটোও তাই গম পাইছে।

    “ককাও গাঁৱৰ ঘৰলৈ গৈ কিয় ঘূৰি অহা নাই?”

    “ককা আহিব নোৱাৰে আৰু লিজা। গাঁৱৰ ঘৰত অসুবিধা হোৱাৰ কাৰণে ককা তাতেই থাকিব লাগিব।” নিশাই দুখেৰে ক’লে।

  “তেতিয়াহ'লে আমি কাৰ লগত থাকিম ? দেউতাও নহা হ’ল। ককাও গুছি গ’ল।” লিজাই কন্দনামুৱা হৈ ক’লে। মাক আৰু বায়েকে লিজালৈ মৌন হৈ চাই থকাৰ বাহিৰে একো উত্তৰ দিব নোৱাৰিলে।

     মাক জীয়াই থাকোতেই চয়নিকাই স্বাস্থ্য বিভাগত কাম কৰিছিল। দুবছৰমান কৰাৰ পিচত ছোৱালী দুজনী সৰু হৈ থকাৰ কাৰণে চাকৰিটো এৰি দিব লগা হ’ল। চাকৰি কৰি থকা সময়তেই চিকিৎসক পল্লৱ চৌধুৰীৰ লগত চয়নিকাৰ পৰিচয় হৈছিল। পল্লৱক প্ৰায়েই তাই বিভিন্ন  কামত লগ পাই থাকে। দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক এটা গঢ় লৈ উঠিল। চয়নিকাই বন্ধুত্ব সম্পৰ্কটোৰ পৰা যাতে বেলেগ এটা সম্পৰ্ক গঢ়ি উঠিব নোৱাৰে তাৰ প্ৰতি সদায় লক্ষ্য ৰাখে। কিন্তু পল্লৱৰ তাইৰ প্ৰতি থকা দুৰ্বলতাৰ কথাটোও চয়নিকাই বুজি পাইছিল। চয়নিকাৰ ছোৱালী দুজনী ডাঙৰ হৈ অহাৰ লগে লগে পল্লৱে সিহঁতৰ পঢ়া-শুনাতো খবৰ ৰখা হ’ল। চয়নিকাৰ মাকৰ মৃত্যুত পল্লৱে খবৰ কৰিবলৈও আহিছিল। মাক অসামৰিক চিকিৎসালয়ত কাম কৰিছিল।পল্লৱৰ চাকৰিও কিছু দিনৰ পিচত বেলেগ ঠাইলৈ বদলি হৈছিল।

     পল্লৱৰ মাক দেউতাকে সি সৰু হৈ থাকোতেই এৰি থৈ নিঠৰুৱা কৰি গৈছিল। বায়েক বিয়া হৈ গ’ল যদিও পল্লৱ আৰু ভায়েকৰ কাৰণে মাকৰ সমতুল্য। বায়েকে দুয়োটা ভায়েকৰ সকলো খবৰ ৰাখে। ভায়েক এটা উচ্চ পদৱী লৈ চৰকাৰী কৰ্মচাৰী হিচাবে গুৱাহাটীত থাকে। বায়েকে পল্লৱক বিয়াৰ কথা কৈ থাকে যদিও সি অনিচ্ছা প্ৰকাশ কৰে। চয়নিকাইও তাক বিয়াখন পাতি লবলৈ প্ৰায়েই কৈ থাকে। কিন্তু সি বিয়াৰ কথা শুনিব নিবিচাৰে। এনেদৰে সময়ৰ সোঁতত প্ৰৱাহিত হৈ থাকে দিনবোৰ। চয়নিকাইও ছোৱালী দুজনীক লৈয়েই ব্যস্ত হৈ থাকে। লগতে বিভিন্ন কাম-কাজত নিজকে নিয়োজিত কৰি ৰাখে। এবাৰ সামাজিক মাধ্যমত এটা সাক্ষাৎকাৰ অনুষ্ঠানত চয়নিকাই তাইৰ জীৱনৰ সকলো কথা মুকলিকৈ কৈছিল। স্বামীৰ লগত বিবাহ বিচ্ছেদ হোৱা কথাটোও উল্লেখ কৰিছিল। পল্লৱেও অনুস্থানটো চাইছিল।

   “চয়নিকা, তুমি মোক তোমাৰ বিবাহ বিচ্ছেদৰ কথাটো কোৱা নাছিলা কিয় ? মোক বিয়াৰ কাৰণে তুমি কৈ থাকা নহয়। এতিয়া মই বিয়াৰ কাৰণে সাজু আছো।”

   “বৰ ভাল কথা।তেতিয়াহ'লে তোমাৰ কাৰণে ভাল ছোৱালী এজনী ঠিক কৰিব লাগিব।মই তোমাৰ বাইদেউৰ লগত কথা পাতিম।” চয়নিকাই ক’লে।

   “মই ছোৱালী ঠিক কৰি থৈছো চয়নিকা।”

   “অ’ বৰ ভাল কথা, ছোৱালীজনীৰ নামটো কোৱাচোন মোক।”

    “চয়নিকা, মোৰ লগত বিয়াত বহিবা নে তুমি ?”

    পল্লৱৰ কথাত তাই থতমত খাই নিশ্চুপ হৈ ৰ’ল। এনেকুৱা প্ৰশ্ন এটাৰ সন্মূখীন হ’ব বুলি তাই ভাৱিবই পৰা নাছিল।

       “কি হ’ল চয়নিকা? একো উত্তৰ নিদিলা যে?” ফোনতেই পল্লৱে সুধিলে। 

    চয়নিকাই ফোনটো কাটি দিলে আৰু বহাৰ ঠাইতেই থৰ লাগিল। কিছুদিনৰ পিচত পল্লৱে আকৌ ফোন কৰাত তাই ক’লে, “পল্লৱ, এইটো মোৰ কাৰণে একেবাৰেই অসম্ভৱ কথা। মই দুজনী ছোৱালীৰ মাতৃ। তোমাক মই  ইমানদিনে বন্ধু বুলি ভাবি আহিছো। ইয়াতকৈ বেছি একো ভবা নাই।”

    বহুত দিন সিহঁতৰ মাজত কথাবতৰা হোৱা নাছিল। চয়নিকাই পল্লৱৰ বায়েকৰ লগত কথা পাতি এগৰাকী নাৰ্চৰ লগত বিয়াখন পাতিবলৈ আগবাঢ়িল। পল্লৱকো কথাটো জনালে। সি একেবাৰেই সন্মত হোৱা নাছিল যদিও অৱশেষত চয়নিকা আৰু বায়েকৰ কাৰণেই সন্মতি জনালে। বিয়াৰ অনুস্থান বিলাকত পল্লৱে বিভিন্ন অজুহাত দেখুৱাই উপস্থিত থকাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিলে। বায়েক আৰু চয়নিকাই বহুত বুজাই তাক উপস্থিত থাকিবলৈ সৈমান কৰিলে। 

    “বিয়াৰ দৰাৰ সাজটো তুমি দিলেহে মই পিন্ধিম চয়নিকা। নহ’লে মই নিপিন্ধো আৰু বিয়াত নবহো।” পল্লৱে জেদ ধৰি চয়নিকাক ক’লে। 

     তাই নিৰুপায় হৈ দৰাৰ সাজটো দিয়াতহে পল্লৱে বিয়াত বহিবলৈ সন্মত হ’ল আৰু বিয়াখন সুকলমে হৈ গ'ল। চয়নিকাৰ বুকুৰ উপত্যাকা আনন্দৰে ভৰি পৰিল। 

     চয়নিকাই নিজৰ জীৱনৰ সকলো কথা সৰ্ম্পকীয় বৰমাক এগৰাকীক কৈ থাকে। বৰমাকৰ অবিহনে তাইৰ মনৰ কথাবোৰ ব্যক্ত কৰিবলৈ দ্বিতীয়জন ব্যক্তি নাই। বৰমাকৰ লগত পল্লৱৰ চিনাকী আছে। তেখেত অসুস্থ হ’লে পল্লৱেই ঔষধ লিখি দিয়ে। সময়ত প্ৰয়োজন হ’লেই সহায়ৰ হাত আগবঢ়াই আহিছে।

     পল্লৱে বিয়াৰ পিচত পত্নীৰ লগত সুখী নহ’লেও লোকচক্ষুৰ অন্তৰালত সিহঁত পতি-পত্নী। চয়নিকাৰ লগত বন্ধুত্বও একেদৰেই আছে। তাই পল্লৱৰ পৰা আঁতৰি থাকিবলৈ বহুত চেষ্টা কৰিও তাৰ কাৰণে আঁতৰি আহিব পৰা নাই। চয়নিকাৰ প্ৰতিটো মুহূৰ্তৰ সুখ-দুখৰ খবৰ ৰাখে। ছোৱালী দুজনীৰ পঢ়া-শুনাৰ ক্ষেত্ৰত সি ফোনতেই কথা পাতি উৎসাহ দি থাকে। চয়নিকাই পল্লৱক বিয়াখন পাতি লবলৈ বহুত জোৰ দিছিল যাতে সি তাইৰ জীৱনৰ পৰা আঁতৰি আহি নিজৰ জীৱনত ব্যস্ত হৈ পৰে। কিন্তু চয়নিকাই ভবাৰ দৰে কথাবোৰ হৈ নুঠা কাৰণে তাই চিন্তিত হৈ পৰিল। পল্লৱে তাইক পাহৰি যাব নোৱাৰিলে। বৰঞ্চ পত্নীৰ উপস্থিতকো অগ্ৰাহ্য কৰি তাইৰ লগত যোগাযোগ ৰাখিবলৈ অহৰহ চেষ্টা কৰি থাকে আৰু অবাঞ্ছিতভাৱে মাজে সময়ে তাক লগ পাই থাকে।

     চয়নিকাই প্ৰতিদিনৰ কথাবোৰ বৰমাকক কৈ মনৰ দুখবোৰ পাতল কৰে। বৰমাকেও চয়নিকাৰ কথাবোৰ শুনি যায় যদিও উপদেশ দিব নোৱাৰি নিৰুপায় হৈ পৰে। দুয়োজনী ছোৱালীয়ে মাকক বহুত ভাল পায় আৰু মাকেও সিহঁতক লৈয়েই ব্যস্ত হৈ থাকে। এনেদৰেই জীৱন সংগ্ৰামত চয়নিকাই আগুৱাই গৈ আছে আৰু তাইৰ জীৱনৰ প্ৰতিটো কথা জ্ঞাত বৰমাকে তাইৰ জীৱনত পল্লৱৰ স্থানৰ ক্ষেত্ৰত ক’লে, “তুমি এতিয়া ছোৱালী দুজনীৰ কথা চিন্তা কৰা চয়নিকা। সিহঁত ডাঙৰ হৈ আহিছে আৰু পঢ়া-শুনাও বেছি হৈ আহিছে। তুমি পল্লৱক বিয়াখন পাতিবলৈ জোৰ কৰি ডাঙৰ ভুল কৰিলা। সি বিয়াখন নপতা হ’লে তাক তোমাৰ জীৱনলৈ নিমন্ত্ৰণ দিব পাৰিলেহেঁতেন।”

     “হয় বৰমা, আপুনি সঁচা কথাই কৈছে। মইও তাৰ জীৱনটো আগবাঢ়ি যাওক বুলিয়েই বিয়াখন পাতিবলৈ জোৰ কৰিছিলো। মোৰো দুজনী ছোৱালী আছে। সি সুখী হ’ব নোৱাৰিব বুলি মই ভাবিবই পৰা নাছিলো।”

    “পল্লৱক সিহঁতৰ জীৱনটোত আকৌ বুজাবুজি মাজেৰে আগবাঢ়ি যাবলৈ ক'বা। নিশ্চয় সুখী হ'ব পাৰিব।”

     “মই তাক বুজাম বৰমা। এতিয়া যে আমাৰ পক্ষে এইবোৰ চিন্তা কৰা অসম্ভৱ ভালদৰে বুজাই কম আৰু সিহঁতৰ জীৱনটো আগুৱাই লৈ যাবলৈ তাক অনুৰোধ কৰিম।”

   “মইও পল্লৱক বুজাম।সিহঁতৰ জীৱনটো সাতোৰঙী ৰঙেৰে বাৰেৰহণীয়া কৰি আগবাঢ়ি গ’লে এটা সুখী জীৱন বিচাৰি পাব।” বৰমাকে ক’লে।

     চয়নিকাই তাইৰ ছোৱালী দুজনীৰ কথা চিন্তা কৰি পল্লৱৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিলে। বুকুৰ কোনোবাখিনিত বেদনাই উক দি উঠিলেও বুকুখন কঠিন শিললৈ ৰূপান্তৰিত কৰি তাৰ লগত যোগাযোগ নৰখা হ’ল আৰু তাইৰ জীৱনত যাতে কোনোধৰণৰ দাগ লাগিব নোৱাৰে তাৰ প্ৰতি অধিক সচেতন হৈ পৰিল। জীৱনৰ নতুন অধ্যায় এটি আৰম্ভ হ’ল। দুচকুত ছোৱালী দুজনীৰ ভৱিষ্যতৰ ৰঙীন সপোন আঁকি লৈ সিহঁতৰ লগতেই তাই অধিক ব্যস্ত হৈ পৰিল আৰু সময়ৰ প্ৰবল সোঁতত ঘাট প্ৰতিঘাতৰ মাজেদি ছোৱালী দুজনীক লৈয়েই জীৱনৰ ৰং বিচাৰি আগবাঢ়ি যাবলৈ ধৰিলে....।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages