ভাল পোৱাৰ এখন ছৱি পোৱা হ’লে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

ভাল পোৱাৰ এখন ছৱি পোৱা হ’লে

 

ভাল পোৱাৰ এখন ছৱি পোৱা হ’লে !


দীপালী বৰুৱা

মৈদমীয়া, লক্ষীমপুৰ 


খিৰিকীত 

সপ্তমীৰ ভগা জোন

মজিয়াত

মোহাৰি পেলোৱা অজস্ৰ কাগজৰ টুকুৰা

ৰূপালী অশ্ৰুৰ হুমুনিয়াহত

বন্ধ হৃদয়ৰ কফিন।

স্মৃতিত আঁক বাক জলছৱি

চেতন অৱচেতনত

মন্ত্ৰমুগ্ধতাৰ  অঙ্গমালা।

লাহে লাহে উজ্জীৱিত হয়

মানৱ সঙ্গীতৰ যুগধ্বনি,

সময়ৰ শঙ্খ নিনাদ 

অথচ….

ভগা আয়নাত জীৱনৰ ভগ্নাংশ।

বায়ুমণ্ডলৰ দিবা স্বপ্নত

আকাশৰ হাঁহাকাৰ 

উচ্চাকাংক্ষাৰ হাতোৰাত

পৃথিৱীৰ ভোক।

সুৰীয়া সপোন আজি

পৰিবৰ্তনৰ হাঁহিত ত্ৰষ্টমান।

ভাল পোৱাৰ এখন ছৱি পোৱা হ’লে 

হৃদয় মগজুত 

সংস্থাপিত কৰি ল’লো হেঁতেন !


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages