ৰে:গৃ ৰৌঙামৰ ইতিহাস
পদ্মেশ্বৰ নৰহ
ৰাংকপ, ধেমাজি
আজিৰ পৰা ৫০০০ বছৰ পূৰ্বে মিচিংসকল পশ্চিম চীনত বসবাস কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। এই সময়ৰ প্ৰাচীন মানৱ সভ্যতাৰ লগত যোগাযোগ বা সম্পৰ্ক স্থাপিত হৈছিল বুলি অনুমান কৰিব পাৰি। সিন্ধু সভ্যতাৰ লগতে মেছু’পথেমিয়া সভ্যতাৰ মাজত সাংস্কৃতিক, শব্দৰ কিছু আদান প্ৰদানৰ (process of assimilation) তথ্য পাব পাৰি।
প্ৰাচীন মেছু’পথেমিয়াৰ কিছু প্ৰাচীন শব্দৰ লগত মিচিং তথা তানি গোষ্ঠীৰ শব্দৰ মিলঃ
মেছু’পথেমিয়াৰঃ nga অৰ্থাৎ আমি আৰু মিচিং ত ngolu (আমি), মই বুজোৱা শব্দৰ বাবে মেছু’পথেমিয়াত ni শব্দৰ ব্যৱহাৰ কৰিছিল পিছলৈ হয়তো এই শব্দটো তানি গোষ্ঠীৰ তুমি, আপুনি বুজোৱা no শব্দলৈ ৰূপান্তৰিত হৈছিল। এই মই শব্দটো চীনাত wo, হংকং ত ngu বুলি কোৱা হয়। ইংৰাজী ভাষাৰ go শব্দৰ উৎপত্তি Cantonese শব্দ igo বুলি পণ্ডিতসকলে কৈছে। তানি গোষ্ঠীৰ gínam বা gí শব্দ আৰু igo একেটা মূলৰ পৰা সৃষ্ট। গতিকে দাবী কৰিব পাৰি মিচিং ভাষাওঁ এক প্ৰাচীন ভাষা তথা আমাৰ মূলৰ শব্দওঁ ইংৰাজীৰ দৰে বিশ্বব্যাপী ভাষাত অৱদান আছে।
পূৰ্বে মিচিং জাতিক মিৰি বুলি জনা গৈছিল, এই মিৰি শব্দৰ উৎপত্তি সন্দৰ্ভত বহুতো তত্ত্বৰ উল্লেখ পোৱা যায়। স্পষ্টভাৱে শংকৰদেৱে মিৰি শব্দৰ প্ৰথম প্ৰয়োগ কৰিছিল। বহু ইতিহাসবিদে মিৰি সকল ১২০০ শতিকাত অসমলৈ আহিছিল বুলি ক'ব বিছাৰে। কিন্তু গ্ৰীক দাৰ্শনিক ট’লেমিৰ ( ৮৫-১৬৫ খ্ৰীষ্টাব্দ) বিখ্যাত জিঅ’গ্ৰাপীত উল্লেখ অনুসৰি মিৰিৰ ইতিহাস অতি প্ৰাচীন। ট'লেমিয়ে তিব্বত আৰু অসমৰ মাজত স্থিত পৰ্বত, জনজাতিৰ নাম উল্লেখ কৰিছে। অসমক কিৰাদীয়া, ব্ৰহ্মপুত্ৰ নদীক বাউটেছ, হিমালয় পৰ্বতক ইমদি বুলি উল্লেখ কৰিছে। আন্নুবি বুলি অকা পৰ্বতক উল্লেখ কৰিছে। ৰেগিং বুলি আবৰ পাহাৰক উল্লেখ কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰেগৃ ৰৌঙাম মিচিং লোককথা অনুসৰি ভূস্বৰ্গ আছিল, মিচিং সকল সেই ৰেগৃ ৰৌঙামৰ পৰা আহিছিল বুলি জনা যায়। লগতে আছমিৰা বুলি মিৰি পাহাৰক উল্লেখ কৰিছে। আবৰ পাহাৰৰ পুৰণি নাম ৰেগিং, ৰেগৃ ৰৌঙামৰ বিকৃত ৰূপ বুলি ক’ব পাৰি। পুৰণি কালত আবুতানি গোটত পাহাৰি মিৰি আৰু ভৈয়াম মিৰিৰ উল্লেখ পোৱা যায়। পাহাৰীয়া মিৰি বৰ্তমান নিচি জনজাতিৰ মাজত বিলীন হ’ল। প্ৰাচীন কালত মিৰি পাহাৰৰ বাসিন্দা বুজাবলৈ মিৰি শব্দৰ ব্যৱহাৰ হৈছিল বুলি অনুমান কৰিব পাৰি, ই কোনো নৃগোষ্ঠীয় সত্বাক বুজোৱা নাছিল চাগে। সেইবাবে মিচিং সকলে কেতিয়াও মিৰি নামটোক আদৰ সাদৰ কৰিব বিচৰা নাছিল। মিচিং সকল ৰেগৃ ৰৌঙামৰ পৰা ভৈয়ামলৈ অহাৰ পাছত এই ভূখণ্ডত যিসকল থাকি গ'ল সিহঁত পিছৰ কালত আবৰ/আদি জনজাতীয় হিচাপে পৰিচিত হ’ল। হৰ্জৰবনৰ তেজপুৰ শিলালিপিত( ৮২৯-৮৩০ খ্ৰীষ্টাব্দ )আবৰ পৰ্বত নামটো উল্লেখ কৰিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি মিচিং সকল অতি প্ৰাচীন কালত ট'লেমিৰ উল্লেখ অনুসৰি ৰেগিং বা মিচিং ৰ লোক কথাত উল্লেখ থকা ৰেগৃ ৰৌঙামৰ পৰা ভৈয়ামলৈ আহিছিল।
অনুমান কৰিব পাৰি মিৰি পাহাৰৰ পৰা অহা আবুতানিৰ লোকসকলে ৰেগিং/ৰেগৃ/আবৰ পাহাৰৰ পৰা আবুতানিৰ লোকসকলৰ সৈতে একলগ হৈ ভৈয়ামত বসতি বিস্তাৰ কৰিছিল। মিৰি পাহাৰৰ যিসকল পাহাৰত থাকি গ’ল সিহঁত নিচি বা আন আন নামেৰে পৰিচিত হ’ল।
উৎসঃ ইণ্টাৰনেট
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪
No comments:
Post a Comment