জোনবিলঃ কিছু বিক্ষিপ্ত চিন্তা
জনাৰ্দন পাটৰ মচৰং
(১)
জোনবিল এক অনুভূতি। মান স্বভিমান। ১৩ শ শতিকাৰ গোভা ৰজা পাণ্ঠেশ্বৰ সিংহৰ দান। যি জোনবিলৰ আগমণত পাহাৰ ভৈয়াম সকলোতে চলে গুণাগঁথা। নহবই বা কিয় ? বছৰেকৰ মূৰত আহে হেঁপাহৰ মেলা জোনবিল। জোনবিল চ্যিঙে মান চ্যিঙে চিনাক।
(২)
ভৈয়ামৰ ৰংমন, কণ্ঠেশ্বৰ ককাইহঁতৰ গাত আহৰি নাই। কৰণ এতিয়া মাথো প্ৰস্তুতি জোনবিলৰ। জোনবিলৰ বাকৰিত পাহাৰৰ মামা-মামিহঁতৰ সৈতে বহু বিৰতিৰ মূৰত পাব মত - বিনিময় কৰাৰ সুযোগ। ভোগদৈ পেহিৰ গাত তত নাই। ব্যস্ত মাথোঁ ব্যস্ততা। কাহিলি পুৱাতেই ঢেঁকী দি প্ৰস্তুত কৰে চিৰা, জলপান। মালতী আয়ঙে নিজ হাতেৰে তৈয়াৰ কৰা লাৰু পিঠাৰে পাহাৰৰ মামা মামিৰ সৈতে বিনিময় কৰিব নাপালে কিবা যেন আধৰুৱা অনুভৱ কৰে। চিৰা, পিঠাৰে বিনিময় কৰি তেওঁলোকে পায় পাহাৰৰ মৰমৰ টোপোলা আৰু সান্নিধ্য।
(৩)
জোনবিলৰ আগমণত পাহাৰৰ পিচানি পাইৰ গা সাতখন-আঠখন। গীত গুণ গুনাই গুণাই কজাল টপেশ্বৰক বাৰে বাৰে সুধে “জোনবিল গা পাচি তাৰিখ?” খুমদেলা এতিয়া ব্যস্ত কাচ্যং, ফাচকাই যুগুতোৱাত। কি সাজে শুৱাব তাইক। বহু বিৰতিৰ পাচত ভৈয়ামলৈ যাব। আশাৰ জোনবিললৈ বুলি। ইৰলাং খাই পাহাৰৰ শিপাৰে তিলুঙৰ পানীৰে গল তিয়াই খেতিডৰাত হুলদি, হাজিং, আচাম চ্যালু যোগুতোৱাত ব্যস্ত। আহৰি নাই। ফৰ চ্যা, জোনবিল ফি থাইদ’। আছাম চ্যালুৰ ভৈয়ামত আদৰ বেছি। পাহাৰৰ লিবিঙে জানে ভৈয়ামৰ লীবিঙে বছৰটো পাৰ কৰে পাহাৰৰ আছাম চ্যালুৰে।
(৪)
বহু কল্পনা জল্পনাৰ অন্তত আহি পৰে নিৰ্দ্ধাৰিত দিনটো। পাহাৰৰ মামা মামিয়ে প্ৰথম দিনটোত ঢাপলি মেলে হেঁপাহৰ জোনবিললৈ বুলি। সম্বল কৰি কঠোৰ পৰিশ্ৰমেৰে অৰ্জা মৰমবোৰ আৰু শীতৰ পৰা পৰিত্ৰাণ পোৱাকৈ সাৰথি কৰি কেইখন মান কেঠা। ৰাতিটোৰ আশ্ৰয়স্থল জোনবিল মেলাৰ বাকৰিত ৰাজ বিষয়াই সাজি থোৱা অস্থায়ী জুপুৰি। জোনাকৰ মুকলি আকাশৰ ত’লত জোনবিলৰ পাৰত ৰৈ অধিৰ আগ্ৰহেৰে খ্ৰাম পাংচিৰ তালত স্বজাতিৰ গীত গাই গাই লিবিংহঁতে বাট চাই বিনিময়ৰ মৰম বুটলিবলৈ। তিৱা জাতিৰ স্বভিমান গোভা ৰজাক কাষৰ পৰা পাবলৈ।
(৫)
জোনবিলৰ দ্বিতীয় দিনটোত কাহিলী পুৱাতেই ভৈয়ামৰ লিবিঙৰ সোঁতে জোনবিলৰ বাকৰি কৰি তোলে লোকে লুকাৰণ্য। পৰিলক্ষিত হয় এক অভূতপূৰ্ব দৃশ্য। কেৱল লিবিং আৰু লীবিং। সকলোৰে হাতত মৰমৰ টুপুলা। এভাগ হালধিৰ বিনিময়ত এবাটি চিৰা কিম্বা এবাতি সান্দহৰ বিনিময়ত এবাটি জালুক। যান্ত্ৰিকতাৰ বিনিময়ত এক বিৰল নিদৰ্শন। ধন্য সকলো। ধন্য গবা ৰাজানে জোনবিল হাত।
(৬)
তৃতিয় দিনৰ পুৱা চলে জোনবিলত মাছ মৰাৰ পৰ্ব। গোভা ৰজাৰ প্ৰথানুযায়ী কৰ তোলা পৰ্ব। সমান্তৰালকৈ আৰম্ভ হয় পাহাৰৰ লিবিঙৰ উভটনি যাত্ৰা। জোনবিল হৈ পৰে নিজান। সেই নিৰ্জনতাক কিন্তু ঢাকি ৰাখিবৰ বাবে অহৰহ প্ৰচেষ্টা চলে ডি জে অথবা হনি সিঙৰ মিওজিকেৰে। জোনবিলৰ অধিকাংশ ক্ষেত্ৰ যদিওবা আৱৰি থাকে জাক জমকতাৰে। জোনবিলৰ অস্তিত্ব কিন্তু বৰ্তি আছে পাহাৰ ভৈয়ামৰ আন্তৰিকতাৰেহে।
(৭)
ভয় হয় কেতিয়াবা জোনবিলৰ নিভাজ মৰমবোৰ ম্লান পাব নেকি ? নাই কেতিয়াও হব নোৱাৰে। ইমান ঠুনুকা হব দিব নোৱাৰি ঐতিহ্যৰ সম্প্ৰীতি। “হাজাৰ চুদুৰ পাহাগ ফিগাইব’ নাল’ থিগেল’ থা….” ( গীতটোৰ অৰ্থ - হাজাৰ শতৰু আহিলেও তুমি ঠিকেই থাকিব লাগিব। সমান্তৰালকৈ সচেতন হব লাগিব প্ৰতিজন। বিনিময়ৰ মেলাত বিনিময় হওক আন্তৰিকতাৰে। সস্তীয়া সামগ্ৰীয়ে জোনবিলৰ বিনিময় প্ৰথাত ব্যাঘাত নজন্মাওক। বিশ্বাসৰ ডোলদাল শিথিল নকৰক। তাৰ প্ৰতি সদা সচেস্ত হব লাগিব প্ৰতিজন।
(৮)
আধুনিকতাৰ খাম খুমিয়াত সম্প্ৰতি যদিওবা বৰ্তমানৰ ৰজা সকলৰ নাই প্ৰশাসনিক ক্ষমতা। সেয়েহে প্রকিতাৰ্থত শাসনৰ গাদীত থকা মহলে দৃষ্টি নিবন্ধ ৰাখক জোনবিলৰ সুৰক্ষাৰ প্ৰতি। কাৰণ প্ৰশ্নৰ উদয় হয় জোনবিলৰ পাৰ সহিছে নেকি? জোনবিলত আগ্ৰাসন চলিচে নেকি? গতিকে সজাগ হওক প্ৰতিজন জোনবিল প্ৰেমী। কাৰণ ছ্যিঙে জোনবিল ছ্যিঙে মান।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment