জোনবিল মেলা আৰু সম্ভাৱনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, January 31, 2025

জোনবিল মেলা আৰু সম্ভাৱনা

 



জোনবিল মেলা আৰু সম্ভাৱনা


যোগেন বড়ো


অৱতৰণিকাঃ বৰ্তমান সময় উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ যুগ। এই যুগত মুক্ত বজাৰ,ব্যক্তিস্বতন্ৰতা আৰু মুক্ত সমাজ ব্যৱস্থাই সৰ্বোচ্চ স্থানত আৰোহণ কৰিছে।ইয়াৰ ফলস্বৰূপে পুৰণি ৰীতি-নীতি, ব্যৱস্থা, আচাৰ-ব্যৱহাৰ, কলা সংস্কৃতি, ভাষা আনকি সংখ্যালঘু কিছুমান জাতি জনগোষ্ঠী নিজৰ অস্তিত্ব হেৰুৱাই মুষ্টিমেয় গোষ্ঠীৰ লগত চামিল হ’বলগীয়া হৈছে। বিশেষকৈ বিশ্বৰ বুকুত থকা জনগোষ্ঠীয় ধৰ্ম, ভাষা আৰু কলা-সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা আদি প্ৰত্যাহ্বানৰ সন্মূখীন হ’বলগীয়া হৈছে। গৱেষণা মতে, প্ৰতিদিনে এই বিশ্বৰ পৰা দুটাকৈ ভাষা বিপদাপন্ন হ'বলগীয়া হৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। কিন্ত এই প্ৰত্যাহ্বানৰ মাজতো জনজাতীয় লোকসকলে নিজৰ স্বকীয়তা জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে। তেনে এক জলন্ত উদাহৰণ হ’ল তিৱা জনগোষ্ঠীৰ জোনবিল মেলা।


  তিৱা জনগোষ্ঠীঃ অসমৰ বৈচিত্ৰপূৰ্ণ ভাষা-সাহিত্য, কলা সংস্কৃতি, পৰম্পৰা, চহকী সভ্যতা, বুৰঞ্জীৰে পৰিপূৰ্ণ জাতি জনগোষ্ঠীবোৰৰ ভিতৰত তিৱাসকল অন্যতম। তিৱাসকল মূলত কিৰাত মংগোলীয় গোষ্ঠীৰ লোক আৰু ভাষিক সম্প্ৰদায় হিচাপে বৃহৎ চীন তিব্বতীয় ভাষা গোষ্ঠীৰ তিব্বতবৰ্মী (অসম বৰ্মীয়) শাখাৰ বড়ো ঠালৰ লোক। তিৱা লোকসকল জন প্ৰব্ৰজনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে প্ৰাক-ঐতিহাসিক কালতে পূৱ এছিয়াৰ পৰা তিব্বত মালভূমি আৰু হিমালয় পৰ্বতৰ পাদদেশেদি আহি ভাৰতৰ উত্তৰ পূব অংশত বসতিস্থাপন কৰিছিল। ইতিহাসবিদ, পুৰাতাত্বিত ৰাজমোহন নাথৰ মতে, তিৱাসকল খ্ৰীষ্টপূৰ্ব প্ৰায় ১৯০০ চনৰ পৰাই মধ্য অসমৰ কপিলী উপত্যকাত ‘ত্ৰিবেগ’ নামৰ এখন স্বাধীন ৰাজ্য স্থাপন কৰি একেৰাহে বহু পুৰুষ ৰাজত্ব কৰিছিল। এই প্ৰসংগত গৱেষক ড° জি.চি.শৰ্মা ঠাকুৰেও লিখিছে যে, “It is reported that the name of the first ruler of Lalungs in the Kapili Valley was pratyardan.The exact location of Tribeg could be as certained, but in all probability is principality was some where mean kasna Gaon lying on the confluence of Borapani, Jamuna and Kapili.” বৰ্তমান তিৱা জনগোষ্ঠীৰ লোকসকল মধ্য অসমৰ নগাঁও জিলা, মৰিগাঁও জিলা, কামৰূপ জিলাৰ পূৱ প্ৰান্ত, মেঘালয় ৰাজ্যৰ উত্তৰ পূৱ অংশ, ধেমাজি জিলাৰ ১৮ খন গাওঁ, দৰং জিলাৰ আঠখন গাঁও, শিৱসাগৰ জিলাৰ দুখন গাঁও আৰু যোৰহাটৰ জিলাৰ তিতাবৰ অঞ্চলত বসবাস কৰি আহিছে। তিৱা লোকসকলৰ ভৌগোলিক অৱস্থান আৰু বাসস্থান অনুসৰি দুটা ভাগত ভাগ কৰা হয়, ইয়াৰে পাহাৰত বসবাস কৰা তিৱাসকলক হাজোৱালি আৰু ভৈয়ামত বাস কৰাসকলক দাঁতিয়ালি বা থলুৱালি বুলি কোৱা হয়।


  জোনবিল মেলাঃ জোনবিল মেলা হৈছে তিৱাসকলৰ ঐতিহ্য আৰু চহকী পৰম্পৰাৰ এক চানেকি। আজি বিশ্বায়নৰ যুগত মুদ্ৰাৰ বহুল ব্যৱহাৰৰ সময়ত পুৰণি বিনিময় প্ৰথাৰে সামগ্ৰীৰ আদান প্ৰদানৰ পৰম্পৰাই জোনবিল মেলাক স্বকীয়তা প্ৰদান কৰিছে। সাধাৰণতে দ্ৰব্যৰ পৰিৱৰ্তে দ্ৰব্য আহৰণেই হৈছে বিনিময় প্ৰথা। বিনিময় প্ৰথাই হৈছে প্ৰয়োজনীয় সামগ্ৰী আহৰণৰ এক অতি প্ৰাচীন ব্যৱস্থা।মানৱ জাতিয়ে যুগ যুগ ধৰি এই ব্যৱস্থাৰে নিজৰ নিজৰ সামগ্ৰী আদান প্ৰদানৰ জৰিয়তে অভাৱ সমূহ পূৰণ কৰিছিল যদিও মানৱ সমাজৰ অগ্ৰগতিৰ লগে লগে এই ব্যৱস্থাই মানুহৰ সকলো অভাৱ দূৰ কৰিবলৈ অসমৰ্থ হৈ পৰিল আৰু এক জটিল অৰ্থনৈতিক সন্ধিক্ষণত এই ব্যৱস্থা পৰিহাৰ কৰিব লগা হয়। বিনিময় ব্যৱস্থাৰ লগত দেখা দিয়া সমস্যা কিছুমান হ’ল, যেনে- (১) অভাৱ সামঞ্জস্যহীনতা (২) মূল্যৰ উপযুক্ত নিৰিখ নিৰ্ধাৰণৰ অসুবিধা (৩) অবিভাজ্য দ্ৰব্যসামগ্ৰীৰ ক্ষেত্ৰত পণ্য বিনিময় ব্যৱস্থাৰ অসুবিধা (৪) স্থগিত লেন দেন নিস্পত্তিৰ ক্ষেত্ৰত পণ্য বিনিময়ৰ অসুবিধা (৫) মূল্যৰ ভড়াল হিচাপে পণ্য বিনিময় ব্যৱস্থাৰ বিফলতা আদি। বিনিময় প্ৰথাৰ লগত এই অসুবিধা সমূহ থাকিলেও তিৱা জনগোষ্ঠীৰ জোনবিল মেলাত আজিও একৈশ শতিকাৰ সময়তো বিনিময় প্ৰথাৰে সামগ্ৰীৰ আদান প্ৰদান কৰাটো এটা পুৰণি ঐতিহাসিক পৰিঘটনা, যিটো সাধাৰণতে বিশ্বৰ কম সংখ্যক জাতি জনগোষ্ঠীৰ মাজতহে পৰিলক্ষিত হয়। বিনিময় প্ৰথাৰ বহু অসুবিধা থকা স্বত্বেও আজি বহু শতিকা ধৰি প্ৰচলন হৈ থকা জোনবিল মেলাৰ বিনিময় প্ৰথা বিশ্বৰ ভিতৰতে এক অনন্য ব্যৱস্থা বা উৎসৱ।ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো অতি জৰুৰী।

    জোনবিল মেলা হৈছে ৰজা মহাৰজাৰ মিলনৰ থলী, পাহাৰ ভৈয়ামৰ বান্ধোনৰ এনাজৰী,জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্থলী। জোনবিল মেলাৰ উৎপত্তি সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও ইয়াৰ উৎপত্তি সম্বন্ধে কেইবাটাও জনশ্ৰুতি পোৱা যায়। ঐতিহাসিক গোভা ৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ শুভ আৰম্ভণি বুলি বহু পণ্ডিতে মতপোষণ কৰাৰ লগতে গোভা ৰাজ্যকেই জোনবিল মেলাৰ জন্মদাতা বুলি কোৱা হয়।জনপ্ৰবাদ মতে গোভা ৰাজ্যৰ প্ৰতিষ্ঠাতা প্ৰান্তেশ্বৰ সিংহই শুক্লপক্ষৰ সুন্দৰ নিশা ৰাণীৰ সৈতে বিহাৰ কৰি আহি এখন বিলৰ পাৰত অৱস্থান কৰি বিলৰ ফটফটীয় জলৰাশিত প্ৰতিবিম্বত সুন্দৰ আকৃতিৰ জোনটি দেখি ৰজা ৰাণী আনন্দত মতলীয়া হৈ পৰে আৰু লগে লগে ৰজাৰ আদেশত এই বিলখনৰ নাম জোনবিল ৰখা হয়। আন এক প্ৰবাদ মতে গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ সৈতে বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল। ফটফটীয়া পানীত জোনৰ পোহৰ জিলিকি উঠিছিল। তাকে দেখি ৰজা ৰাণী আপ্লুত হৈছিল। তেতিয়া ৰজাই ৰাণীক কৈছিল- “হেবে ছনাই পিল হঙদ”। অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিৱা ভাষাত ছনাই মানে জোন,এই ছনাই পিলৰ পৰাই কালক্ৰমত অপভ্ৰংশ হৈ ছনাই পিল- জনাইপিল - জোনবিল হোৱাৰ সত্যতা নুই কৰিব নোৱাৰি। আন এচামৰ মতে বিলখনৰ আকৃতি কাঁচিজোনটোৰ দৰে হোৱাৰ কাৰণে জোনবিল নামৰ উৎপত্তি হয়।তিৱাসকলৰ গংথাং লালুঙৰ সাঁচিপতীয়া পুথিৰ মতে জোনবিল মেলা লাংবৰ ৰজাৰ ৰাজ্ অভিষেকৰ পৰা উদ্ভৱ হৈছিল বুলি দাবী কৰা হয়। তিৱাসকল জয়ন্তীয়া ৰাজ্যৰ উত্তৰ অংশত বাস কৰিছিল। সেই পৰিয়ালৰ লাংবৰ আৰু জয়ন্তা ৰজাৰ জীয়ৰী হিলালীৰ মাজত প্ৰেমৰ সম্পৰ্ক ঘটে আৰু দুয়ো বিবাহপাশত আৱদ্ধ হয়। এই লাংবৰক ঘৰজোঁৱাই চপাই জয়ন্তা ৰাজ্যৰ দাঁতিকাষৰীয়া উত্তৰাঞ্চল দান সূত্ৰে অৰ্পণ কৰি ফুলগুৰিত ৰাজদৰবাৰ পাতি উত্তৰে কপিলীলৈকে ভূখণ্ড বিস্তাৰ কৰে। এই দৰবাৰত জয়ন্তা খৈৰাম ৰজা, বিষয়াবৰ্গ, ডিমাপুৰৰ কছাৰীৰজা আৰু বেলতলা ৰজাও উপস্থিত আছিল। লাংবৰ ৰজাৰ ৰাজঅভিষেক অনুষ্ঠান মাঘবিহুৰ উৰুকাৰ সাতদিনৰ পিছত অনুষ্ঠিত হৈছিল। সেয়ে গোভা ৰাজ্যৰ তিৱাসকলে মাঘবিহুৰ উৰুকাৰ সাতদিনৰ পিছত শনিবাৰ আৰু দেওবাৰ দিন দুটা বাচি মাঘবিহু অনুষ্ঠিত কৰাৰ প্ৰথা চলি আহিছে। লাংবৰ দাঁতি ৰজা হোৱাৰ পিছত জোনসিঙৰ দিনত মধ্যস্থল এখন বিলৰ পাৰত মহা আড়ম্বৰপূৰ্ণ এই অনুষ্ঠান উদযাপন কৰা হয়।লাংবৰৰ পূৰ্ব বাসভূমিত জোন নিজৰাৰ নামানুসৰি দেশৰ মধ্য ভাগত থকা এই বিলখনৰ নামাকৰণ জোনবিল কৰা হয়।জোনবিল নামটোৰ ক্ষেত্ৰত অন্য এটি কিংবদন্তি উদ্ধাৰ হৈছে। সেই বিলখনৰ পাৰত অনুষ্ঠিত হোৱা বাৰ্ষিক ভোজমেলত এবাৰ ৰাণীয়েও অংশ লোৱাৰ ইচ্ছা কৰিলে য’ত ৰাণী বিলখনৰ সৌন্দৰ্য্যত আপ্লুত হয় যদিও তেওঁৰ জোনবিৰিডাল তাত হেৰাই যায়। ৰাণীৰ জোনবিৰিডাল তাত হেৰুৱাই বাবে বিলখনৰ নাম জোনবিল হয় আৰু তাত ৰজাৰ আদেশমতে অনুষ্ঠিত হ’বলৈ ধৰিলে ৰজা-প্ৰজাৰ মিলনৰ এখন অপূৰ্ব উৎসৱ মেলা।এই মেলাই সময় বাগৰাৰ লগে লগে হৈ পৰিল প্ৰখ্যাত জোনবিল মেলা। আনহাতে কিছুমানৰ মতে জোনবিল মেলা গোভা ৰজাৰ নোৱান বা ন খোৱা উৎসৱৰে এটি সন্মোহিত ৰূপ। 

     তিৱাসকলে প্ৰাচীন গোভা, নেলী আৰু চহৰী ৰাজ্যত লাংবৰৰ ৰাজশাসনৰ দিনৰে পৰা শনিবাৰ আৰু দেওবাৰ দিন দুটাত বিহু আয়োজন কৰি আহিছে আৰু ইয়াৰ লগত সংগতি ৰাখি জোনবিল মেলা তিনিদিন ধৰি চলে। এই উৎসৱৰ প্ৰথম দিনা বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা ৰাজ অভিষেকৰ মেলা আৰম্ভ হয়।বৃহস্পতিবাৰে মেলাৰ থলীলৈ নামি আহি বিলৰ পাৰত ধানৰ নৰাৰে শাৰী শাৰী জুপুৰী বান্ধি লৈ দুদিন দুৰাতি পাহাৰীয়া তিৱা, কাৰ্বি, খাচী, জয়ন্তীয়া লোকসকলে ভৈয়ামৰ লোকসকলৰ লগত খাদ্যবস্তু আৰু অন্য সামগ্ৰীৰ সলনা সলনি কৰি বাণিজ্য কৰে। সেইদিনা জোনবিল মেলা মামা-ভাগিনৰ সম্প্ৰীতিৰ হাট হৈ পৰে। আদিতে ৰজা মৃগাংকৰ ভাগিনীয়েকক ডিমৰুৱা কুমৈ ৰজাই ভাগিন সম্বোধন আৰু গোভা ৰজাই কুমৈ ডিমৰুৱালা ৰজাক মামা সম্বোধন কৰিছিল। ৰাজপৰিয়ালৰ মাজৰ এই মামা ভাগিনৰ সম্বন্ধ পিছলৈ সময়ৰ সোঁতত প্ৰজাৰ মাজলৈ বিস্তাৰিত হৈ পাহাৰ ভৈয়ামৰ মামা ভাগিনৰ মধুৰ সম্বন্ধ চিৰযুগমীয়া সম্প্ৰীতিৰ ৰূপ লয়।

     পাহাৰ ভৈয়ামক সম্প্ৰীতিৰ এনাজৰীৰে বন্ধা জোনবিল মেলা মহোৎসৱলৈ পাহাৰৰ পৰা অহা তিৱা,খাচী,কাৰ্বি,জয়ন্তীয়া প্ৰভৃতি জনজাতিৰ লোকসকলে তেওঁলোকৰ ঘৰে পথাৰে হোৱা লাও, আদা, কচু, হালধি, জলকীয়া, থেকেৰা ,লা, শালধূনা আদি নানা দ্ৰব্যৰ আদান প্ৰদান কৰে। ভৈয়ামৰ জনসাধাৰণে সান্দহ, পিঠা, চিৰা, মাছ ইত্যাদিৰ সৈতে সেইবোৰৰ বিনিময় কৰে। তিল পিঠা, সান্দহ, পাতত দিয়া পিঠা, শুকান মাছ, এৰী, চাদৰ, মূগা সূতা, পাট সূতা, সুমথিৰা, লাইশাক, কলডিল, বিছনাত পাৰিবলৈ আৰু গাত লবলৈ বহুবৰ্ণী আনথলা, ৰঙালাও, তিল আদিৰ বিনিময় জোনবিল মেলাত পৰিলক্ষিত হয়। তিৱা জনগোষ্ঠীৰ বাহিৰেও বৰ্তমান সকলো সম্প্ৰদায়ৰ লোকে দ্ৰব্য বিনিময় প্ৰথাত অংশগ্ৰহণ কৰা দেখা যায়।

     জোনবিল মেলাৰ দ্বিতীয় দিনা ৰজাক প্ৰজাসকলে আপোন ভাৱেৰে শ্ৰদ্ধা আৰু সেৱা জনায়। সেইদিনাখন গোভাৰজাই ডা-ডাঙৰীয়া, ৰাজ-বিষয়া সমন্বিতে ৰাজদৰবাৰ পাতি কৰভাৰ সংগ্ৰহ কৰে। সেই অনুযায়ী পশ্চিম নগঞা পোৱালি ৰাজখেলে দান সংগ্ৰহ,বজাৰৰ কৰ সংগ্ৰহৰ দায়িত্ব পালন কৰে।গোভা দৰবাৰত ৰজা, পাটৰ, বৰবৰুৱা, বৰদলৈ আদি বিষয়ববীয়া সকল উপস্থিত থাকে। তৃতীয় দিন ৰাজ অভিষেকৰ শেষৰ দিনাখন জোনবিলত সমূহীয়াভাবে মাছ মৰাটো এটা গতানুগতিক নিয়ম।মাছমৰা পৰ্বৰ শেষত জনসাধাৰণৰ মাজত সৃষ্টি হোৱা এক অনাবিল আনন্দমুখৰ পৰিৱেশৰ মাজেৰে জোনবিল মেলাৰ সামৰণি পৰে। পাহাৰীয়া তিৱা, কাৰ্বি, খাচি, জয়ন্তীয়া লোকসকলে বেপাৰ বাণিজ্য সামৰি মূৰত হুৰা আৰু আত্মীয়তাৰ মেট মৰা বোজা লৈ পাহাৰমুৱা হয়।বিৱৰ্তনশীল আধুনিক সমাজত মধুৰ আত্মীয়তাৰ সংস্পৰ্শৰ মাজেৰে গঢ় লৈ উঠা তিৱাসকলৰ প্ৰাচুৰ্যশীল সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক দিশৰ ৰূপৰেখা বিনিময় প্ৰথাৰ সামৰণি পৰে।

সম্ভাৱনাঃ জোনবিল মেলা হৈছে যথেষ্ট সম্ভাৱনাপূৰ্ণ উৎসৱ আৰু যাৰ মূল কাৰণ হৈছে আজি উত্তৰ আধুনিক যুগত বিনিময় ব্যৱস্থাৰ প্ৰচলন। বিনিময় ব্যৱস্থাই ইয়াক একক, অনন্য আৰু স্বকীয়তা প্ৰদান কৰিছে। জোনবিল মেলাৰ সম্ভাৱনা সমূহ হ’ল-


 (১) পৰ্যটন ক্ষেত্ৰঃ জোনবিল মেলা পৰ্যটনৰ আকৰ্ষণ আৰু কেন্দ্ৰবিন্দু হোৱাৰ যথেষ্ট থল আছে। জোনবিল মেলা এনে এক অনুষ্ঠান য’ত তিৱা জনগোষ্ঠীৰ স্বকীয়তা আৰু পৰম্পৰা ৰক্ষা হয়। ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড,ক্ৰেডিট কাৰ্ডৰ দিনত জোনবিল মেলাত যি পৰম্পৰাগত বিনিময় প্ৰথাৰে বস্তুৰ সালসলনি কৰা হয় ই সঁচাকৈ সমগ্ৰ বিশ্ববাসীৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াত কোনো নিৰ্দিষ্ট ওজন নকৰাকৈ কেৱল অনুমানৰ ভিত্তিতে এবিধ বস্তুৰ সলনি আন এবিধ বস্তু দিয়া লোৱা কৰাটোৱে ইয়াৰ মানুহৰ সৰলতাক বুজায় আৰু ইয়ে পৰ্যটকক আকৰ্ষণ কৰে, সেয়েহে ইয়াক বিশ্বব্যাপী এক ৰূপ প্ৰদানৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰ কৰি পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰাৰ যথেষ্ট সমল আছে। ইয়াক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে আন্তঃগাঁঠনি উন্নত কৰাৰ লগতে বিভিন্ন প্ৰয়োজনীয় সুযোগ সুবিধাসমূহ বৃদ্ধি কৰিব লাগিব। পৰ্যটক সকলক আমোদ প্ৰমোদৰ লগতে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগৰ সুবিধা দিয়াৰ লগতে আন সুবিধাও দিব লাগিব। যেনে-হোমষ্টে, তিৱা বাদ্যৰ অৰকেণ্ট্ৰা বা সাংস্কৃতিক অনুষ্ঠানৰ প্ৰদৰ্শন ইত্যাদি।


(২) তিৱা সংস্কৃতিৰ প্ৰসাৰঃ তিৱাসকলৰ সংস্কৃতি অতি চহকী, জোনবিল মেলাৰ জৰিয়তে তেওঁলোকৰ চহকী সংস্কৃতি আৰু পৰম্পৰাক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিব পাৰি।তিৱাসকলৰ বিভিন্ন পূজা, ঋতুকালীন উৎসৱ,জনজীৱনত প্ৰচলিত প্ৰথাসমূহক জোনবিল মেলাৰ বাকৰিৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি। তিৱাসকলৰ বৰত পূজা, ৱ্যানচুৱা, ছগ্নামিছৱা, লাংখুন, ছংখং পূজা, তিৱা পিচু আৰু গোসাই উলিওৱা মেলাকে ধৰি বিভিন্ন উৎসৱসমূহক জোনবিল মেলাৰ দৰে অনুষ্ঠানৰে বিশ্ববাসীক চিনাকি কৰাই দিব পাৰি। ঠিক একেদৰে তিৱাসকলৰ সাজপাৰ, খাদ্যভাস, গীত মাত, ৰীতি নীতি, পৰম্পৰা সমূহকো আন্তৰ্জাতিক মৰ্যদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।


(৩) তিৱাসকলৰ ঐতিহ্যঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ ভিতৰত তিৱাসকল অন্যতম। তিৱাসকল হৈছে ভূমিপুত্ৰ। তিৱাসকলে খ্ৰীষ্টপূৰ্ব প্ৰায় ১৯০০ চন মানৰ পৰাই মধ্য অসমত ৰাজ্য স্থাপনৰ তথ্য পোৱা যায়। ইয়াৰ উপৰিও মধ্য অসমৰ খাগৰি জান, পূব কামৰূপ ৰাজ্যত তিৱা সকলে শাসন কৰাৰ উপৰিও টোপাকুছি, বাৰপূজিয়া, খাইগড়, সৰাগঞা, চহৰা, খলা, নেলী, ডমাল, গোভা আদি সৰু বৰ ৰাজ্যতো তিৱা ৰজাসকলে শাসন কৰিছিল। ইয়াৰ পৰাই গম পোৱা যায় যে তিৱাসকলৰ এক গৌৰৱময় ইতিহাস আৰু ঐতিহ্য আছে। এই ৰাজ্য সমূহৰ বিভিন্ন গড়, কৃৰ্তিচিহ্ন, ৰাজপ্ৰসাদ, স্তম্ভ, ৰাজদৰবাৰ, ভগ্নাৱশেষ, বিভিন্ন বিল, পুখুৰী, স্মৃতি চিহ্ন, সম্পদ আদি বিদ্যামান। পুৰণি ৰজাদিনীয়া বুৰঞ্জী প্ৰসিদ্ধ ঐতিহ্য, স্থাপত্য, ভাস্কৰ্য্য  আৰু শাসনৰ নীতিসমূহ জোনবিল মেলাৰ জৰিয়তে বিশ্ববাসীক চিনাকি কৰাই দিয়াৰ লগতে বাহিৰৰ মানুহক সেই স্থান, সম্পদ আৰু কৃৰ্তিসমূহ প্ৰদৰ্শন কৰিব পাৰি।যাৰ জৰিয়তে জাতি আৰু সমাজৰ গৌৰৱ আৰু সৌষ্ঠৱ বৃদ্ধি হ’ব।


(৪)সম্প্ৰীতিৰ এনাজৰীঃ জোনবিল মেলা হৈছে পাহাৰ ভৈয়ামৰ সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী।প্ৰতিবছৰে অনুষ্ঠিত হোৱা জোনবিল মেলাই এই এনাজৰীডাল অধিক দৃঢ় কৰি তোলে। জোনবিল মেলাই বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্মাৱলম্বী আৰু সম্প্ৰদায়ৰ লোক সকলৰ মাজৰ বান্ধোন অধিক মজবুত কৰি বৃহত্তৰ অসমীয়া সমাজ খনক একতাৰ ডোলেৰে বান্ধাত সহায় কৰে।


সামৰণিঃ তিৱা জাতিৰ জাতীয় স্বৰূপ আৰু স্বাভিমান দাঙি ধৰি জোনবিল মেলা সমন্বয় আৰু সংস্কৃতিৰ শক্তিশালী বাৰ্তাবাহী হিচাপে সদায়ে বিবেচিত হৈ আহিছে। দুৰ্বল আন্তঃগাঁথনি,মেলাস্থলীত প্ৰয়োজনীয় ভূমিৰ অভাৱ, চৰকাৰী সুবিধাৰ অভাৱ স্বত্বেও তিৱাসকলে বছৰ বছৰ ধৰি স্বাৰ্থ বিহীন ভাৱে এই মেলা আয়োজন কৰি আহিছে কিন্তু আজিও তিৱা লোকসকল সামাজিক আৰু আৰ্থিক ভাৱে পিছপৰা তথাপিও নিজৰ সংস্কৃতিৰ পূজাৰী হিচাপে এই মেলাৰ আয়োজন কৰি আহিছে।আজি একবিংশ শতিকাত পাহাৰ ভৈয়াম সকলোতে পৰিবৰ্তন আহিছে, সকলো সামগ্ৰী সকলোতে সহজলভ্য হৈ পৰিছে। পাহাৰৰ লোকেও অকল জোনবিল মেলাতে বিভিন্ন উৎপাদিত সামগ্ৰী আৰু ভৈয়ামৰ লোকেও একমাত্ৰ প্ৰয়োজনীয় সামগ্ৰী আদান প্ৰদানৰ বাবে ৰৈ নাথাকে। তথাপি কিন্তু পাহাৰ আৰু ভৈয়ামৰ লোকসকলে নিৰৱচ্ছিন্ন ভাৱে প্ৰতিবছৰে জোনবিল মেলাত যোগদান কৰি আহিছে। এই লোকসকলে কোনো আৰ্থিক লাভালাভৰ বাবে এই মেলাত অংশগ্ৰহণ নকৰে,একমাত্ৰ নিজৰ সংস্কৃতি পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এই মেলাত যোগদান কৰে আৰু ইয়াৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে আজি বিশ্বায়নে গ্ৰাস কৰা এই উত্তৰ আধুনিক যুগতো বিনিময় ব্যৱস্থাৰ প্ৰতি মানুহৰ হৃদয় স্পন্দন কমি যোৱা নাই।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages