স্বাগতম বজালী
ড° ইকবাল হোচেইন খান
ভাষা জননী হিয়াৰ ধ্বনি
হিয়াত অহৰহ বাজে সমন্বয়ৰ মিঠা মিঠা গান
গানে গানে অসমীয়াৰ মান
ত্যাগত, তেজত প্ৰতিশ্ৰুতিৰ বান
দেশে দেশে আমাৰে সুনাম।
আয়োজন বজালীত জ্ঞানৰ নগৰী
সমাদৃত হ’ব ভাষা জননী
মিলিত হৈ বিনিময় কৰিব ঐক্যৰ বাণী
নানা জাতি- উপজাতি
মিলন ভূমি অসমৰ মাটি
পূজিত হ’ব আই অসমী
পথেয় হ’ব বজালীৰ সাহিত্য সভাৰ অধিৱেশন স্থলী।
ভাষাৰ নামতেই সুৰ হৈ থাকিব গান হৈ থাকিব অসম পৱিত্ৰ ভূমি।
আহক লওঁ প্ৰতিশ্ৰুতি
অসমীয়া ভাষা হৈ থাকক হিয়াৰ ধ্বনি
স্বাগতম জ্ঞান নগৰী বজালী।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment