মন পিঞ্জৰা থকা মইনা পখী জনী
জিয়াবুৰ ৰহমান
উত্তৰ কলাডুৱা, নগাঁও
মন পিঞ্জৰাত বন্দী হৈ থকা
মইনা পখীজনী
আজি উৰাদি উৰি গুছি গ'ল
বহু দুৰ দিগন্ত লৈ
খোৱাই বোৱাই ৰাখিছিলো
বহু যতন কৰি
আজি নিৰবে নিঃশব্দে গুছি গ’ল
মোৰ হৃদয় কোঠালি উকা কৰি।
চাই চাই আছিলোঁ মই
তাই যোৱা বাটেদি
যোৱাৰ বেলাত তাই নাচালে
এবাৰো পিছফালে উভতি।
যিদিনা সোমোৱাইছিলোঁ
মোৰ হৃদয়ৰ পিঞ্জৰাত
সিদিনা খন তাই যাবগৈ বুলি
ভৱাই নাছিলোঁ
হৃদয়ৰ চুকত থাকি আজি সি
পৰিচয় হীন হৈ উৰি গ'ল
এক নজনা ঠিকনালৈ
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment