অজানিতে সঁচা প্ৰেম
অনুজ য়েইন
ম:বুগ নামৰ এজন ৰখীয়া। ল'ৰা জনে সদায় ডবলী চাপৰিত খুটি পাতি আছিল। নৈখনৰ ইটো পাৰে আমাৰ বলমা গাওঁ খন।জাৰুয়ুম নামৰ ছোৱালী এজনীয়ে নৈ খনত সদায় পানী তুলিবলৈ আহে। পূৱা গধুলি জাৰয়ুম নামৰ ছোৱালী জনীয়ে চকুতলগা হৈ পৰিছিল। ম:বুগ সৰুৰে পৰা গাঁৱৰ ছোৱালী জাৰুয়ুমৰ প্ৰতি খুবেই দুৰ্বলতা আছিল। তেওঁ জনা নাছিল কৈশোৰ,শৈশৱৰ ধেমালিৰ কৰি লুকা ভাকু খেলি তাইৰ সৈতে আনকি নৈ-খনত সাতুঁৰি নাদুৰি এনেকৈ দিন মাহ, বছৰ অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছিল। এদিন কোনো নজনাকৈ বৰ যৌৱনত ভৰি দিছিল দুয়োটাই। দুয়োটাই বয়সৰ সন্ধি শ্ৰী বৃদ্ধি হ'ল, দেখাত সুন্দৰ তেজাল চেহেৰা যৌৱনৰ দুৱাৰ দলিত ম:বুগ। আনকি জাৰুয়মো কম নহয়। তাইও মিহি লাহী মাগুৰ বৰণীয়া মেঠনী মাৰিবলৈ নকৈ শিকিবলৈ আৰম্ভ কৰিছিল। এই তেতিয়াৰ বয়সত বাধা দিব নোৱাৰি, প্ৰেমৰ ক্ষেত্ৰত চুৰকৈ আগবাঢ়ি বহু দলৈ শিপালে।
তেনে স্থলত, অৰ্থাৎ ম:বুগৰ ঔৰসত গোপনে ভাল পোৱা ছোৱালীজনী জাৰয়ূমৰ পেটত অবৈধ ভ্ৰণ এটি অনিছাকৃত ভাৱে থিতাপি লোৱা কথা গম পোৱা নাছিল । তাই ম:বুগক কৈছিল যে, টকা যোগাৰ কৰি মোৰ এটি পেটৰ গোটা বস্তূ আছে,ইয়াক চিকিৎসকৰ হতুৱাই অপাৰেশ্যন কৰি দিব লাগে। নহ'লে ঘৰৰ মানুহ তথা গাঁৱৰ মানুহে মেল মিটিং আয়োজন কৰি আমাক শাস্তি প্ৰদান কৰিব। এই ভয়তে ম:বুগে ৰখীয়া জনে ঘৰৰ মানুহ নজনাকৈ চাপৰিত থকা গোহালিৰ দ'মৰা গৰু এটা লুকোৱাই বেচি দিয়াৰ পাছত, টকা প্ৰায় ২৫ হাজাৰ মান জাৰয়ুমৰ হাতত গুজি দি আহিল।
ইয়াৰ কেইদিনমানৰ পাছত ককায়েকক গৰু এৰোৱাৰ কথা ঘৰত গৈ কলেগৈ। তেওঁ গৰু দ'মৰা এটা নাই বুলি, বহু দিন বিচাৰি পোৱা নাই। ক'ত এৰাই গ'ল বুলি ঘৰৰ পৰা কেইদিনমান ভাত পানী টোপোলা বান্ধি লৈ এনেহে বিচাৰি গৈছিল।
পিছে, গৰু বেপাৰী জন এই দ'মৰা গৰুটো সময়ত দাম ধৰ নিমিলা দেখি বেচিব পৰা নাছিল। বেপাৰী জনে সদায় এৰাল দি পথাৰত থৈছিল। এদিন অৰ্থাৎ ৰছিটো চিঙি ঘৰলৈ গুচি আহিল। গৰু বেপাৰী জন ঘৰলৈ বিচাৰি আহি গৰু দ'মৰাটো লৈ যাবলৈ লোৱাত, ককায়েকে মানা কৰিছিল। তেতিয়া, গৰু বেপাৰী জনে ম:বুগৰ গোপন প্ৰেমৰ কাহিনীৰ বিষয়ে সকলো কথা চমুকৈ বিৱৰি কৈছিল। তেতিয়া কাকায়েক, মাগগাৰে গোপনীয়তা অবৈধ ভ্ৰণৰ স্থাপনৰ কথা বুজি পালে । সেয়ে ম:বুগক মাতি কলে যে, তুমি যি ভুল কৰিলা এই ভুল খিনি পুনৰবাৰ নকৰিবা। এইখিনি চিকিৎসকৰ ওচৰত গৈ অপাৰেশ্যন কৰি অপৰাধ কাম নকৰিবা। ইতিমধ্যে জাৰুয়ুম নামৰ ছোৱালী জনীক আজিৰ ভিতৰত সোনকালেই বিয়াখন পাতি লোৱা।যি কেইজনী গৰু আছে,এইবোৰ ৰখীয়া হৈ চাপৰিত ঘৰ সংসাৰৰ পাতি লোৱা। আমাৰ পৰিয়াললে এই কথা গম পালে ক্ষমা নকৰি গাঁৱৰ পৰা খেদি তোমাক এঘৰীয়া কৰিব। ককায়েক মাগগাৰে তেওঁক তাতেই বেলেগকৈ থাকিবলৈ কলে। তাকে শুনি ম:বুগে সকলো কথা শুনি বিয়া খন পাতি চাপৰিত নিগাজীকৈ থাকিবলৈ লয়। এয়াই তেওঁলোকৰ সঁচা প্ৰেম এনেকৈ দুয়ো প্ৰেমৰ মৰ্যাদা সঁহাৰি জনায় ভৱিষ্যত উজ্বল এটি সুখৰ ঘৰ সংসাৰ ৰচিবলৈ সূচনা কৰাত সক্ষম হৈছিল।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment