ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, January 31, 2025

ফাগুন

 


ফাগুন


            বন্তি গোস্বামী


পলাশ, শিমলু, মদাৰৰ

নানা ৰঙে

সোনতে সুৱগা চৰায় তোলা 

ধৰণীত 

তুমি আৰু মই

মোৰ  আচলৰ


লহৰে লহৰে

বাগৰি আহিছে 

ফাগুনৰ হৈ

তোমাৰ বতৰা

এজাৰে হাঁহি হাঁহি 

তোমাক হাত বাউলী

মাতিছে।

সোণাৰুৰ হালধীয়া 

ফুলৰ দলিচাত

চৰাই জাকে নাচি নাচি প্ৰেমৰ বতৰা বিলাইছে 

ফাগুন মানেই যে যৌৱনৰ ঢৌ 

ফাগুন মনেই যে উন্মাদনা আৰু বিষাদৰ মালিতা 

পশ্চিমৰ পছোৱা হৈ অহা

বৰ্ণিল ফাগুনে

ধূলিয়ৰী শুকান দলিচাত 

মেলি যায় 

ন সপোনৰ বীজ 


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages