এটি প্ৰেমৰ গল্প
চিন্ময় বৰা
চতিয়া, বিশ্বনাথ
কলেজৰ প্ৰথম কেইটা দিনৰে কথা, যেতিয়া মোৰ প্ৰথম ভালপোৱা হৈছিল কাৰোবাৰ প্ৰতি। বুকুত সৃষ্টি হৈছিল আশাৰ জোৱাৰ, কাৰোবাক পোৱাৰ জোৱাৰ, কাৰোবাক নিজৰ কৰাৰ জোৱাৰ। মনত আছে আজিও ভালকৈয়ে সেইদিনটো, শীতৰ কোনো এটা দুপৰীয়া, নিলগে বেঞ্চ এখনত বহি ৰ’দ লৈ তাই আপোনা-আপুনি শুনি আছিল গান। খুউব সম্ভৱ লগৰ কেইজনী অহা নাছিল সেইদিনা।
চিনাকি হোৱাৰ মানসেৰে তাইৰ কাষেৰে পাৰ হৈ যোৱাৰ নাটক কৰি, সুযোগ বুজি তাইৰ লগত প্ৰথম কথা হৈছিলোঁ সেইদিনা।
: মানসী?
: হয়। তুমি.....! —তাই মোক মোৰ মুখমণ্ডলৰ পৰা চিনি পাইছিল যদিও সম্ভৱ নামটো নাজানিছিল।
: মই দ্বীপ...এনেয়ে দ্বীপাংকৰ বৰা।
সেই চিনাকি লাহে লাহে বন্ধুত্বলৈ পৰিৱৰ্তন হৈছিল, তাৰ পিছত গভীৰতালৈ। তাই মোক সেই চকুৰে চোৱা নাছিল যদিও তাইৰ প্ৰতি আপোনা-আপুনি সৃষ্টি হৈছিল মোৰ ভালপোৱা। কয় নহয় যে, “ভালপোৱা কৰা নাযায়, হৈ যায়” ঠিক তেনে কথাই। অৱশ্যে তাইক মনৰ কথা কোৱা হোৱা নাছিল। ক’বলৈ গ’লে বহু কথাই পতা হৈছিল তাইৰ লগত, সুখ-দুখ সকলো ভাগ কৰি লোৱাৰ বন্ধু হৈ পৰিছিলোঁ আমি। কিন্তু পাৰ্থক্য এটাই, তাই বন্ধুত্বতেই সীমিত হৈ ৰৈছিল আৰু মই বহুত কিবা কিবিয়েই ভাবি পেলাইছিলোঁ।
হেৰা! সকলো বস্তু জীৱনত পোৱা নাযায়, কিছুমান বস্তু আমাৰ ভাল লাগিলেও জোনৰ দৰেই কেৱল চাবহে পাৰি। চুব বা আপোন কৰিব কোনোদিন নোঁৱাৰি। তাইও তেনেই আছিল মোৰ বাবে। যিদিনা গম পাইছিলোঁ তাইৰ ভালপোৱা থকাৰ কথা, সেইদিন ধৰি বুকুত কিদৰে লৈ ফুৰিছিলোঁ ভালপোৱাৰ এটি মৰা শ সেয়া কেৱল মই জানিছিলোঁ। বেয়া লাগিছিল, মোৰ চকুৰ সন্মুখতে তাই গ্ৰহণ কৰিছিল অন্যজনৰ প্ৰেমৰ প্ৰস্তাৱ। মই কেৱল হাঁহি মাৰি শুভেচ্ছা দিছিলোঁ তাইক। কি কৰিম তাৰ বাদে? মই যে অসহায়।
অৱশ্যে লাহে লাহে হয়তো তাইও বুজি উঠিছিল, তাইৰ প্ৰতি থকা মোৰ ভালপোৱাৰ কথা। সেয়ে তাইও মোৰ পৰা আঁতৰি ফুৰিবলৈ ধৰিছিল। অথবা তাইৰ প্ৰেমিকে ভালপোৱা নাছিল আমাৰ বন্ধুত্ব, তাৰ বাবেও তাই আঁতৰি থাকিব ধৰিছিল সম্ভৱ! এইয়া আছিল কেৱল সম্ভৱনা আৰু সন্দেহ। মই বুজিব নোঁৱাৰিছিলো কিয় তাই এইদৰে আঁতৰি থাকিব বিচাৰিছিল মোৰ পৰা। হঠাৎ কথা পতাৰ পৰা,মোক ঘূৰি চোৱালৈকে। সকলো বন্ধ কৰি দিছিল তাই।
কিন্তু নভবাকৈয়েই এদিন ফোন আহিছিল মোলৈ তাইৰ, উঠাও-নুঠাওকৈ ফোনটো ধৰিছিলোঁ। সিফালৰ পৰা তাইৰ ঠুনুকা কণ্ঠ। মই বিহ্বল হৈ প্ৰশ্ন কৰিছিলোঁ,
: কি হৈছে মানসী?
: তোমাৰ লগত মই জানি শুনি কৰা অন্যায় ক্ষমাৰ যোগ্য নহ’লেও, পাৰিলে ক্ষমা কৰি দিবা দ্বীপ।—কথাষাৰ কৈয়েই তাই কাটি দিছিল ফোন। তাৰ পিছত কিমান বাৰ যে ফোন লগাব চেষ্টা কৰিলোঁ, কিন্তু তাই ফোনটো অফ্ কৰি দিছিল। মই বুজিব নোৱাৰিলোঁ কিহৰ অন্যায়ৰ কথা ক’লে তাই। সেইদিনা গোটেই নিশা উজাগৰে থাকিছিলোঁ। পিছদিনা কলেজ গৈ তাইক নিজেই মাত দি কথাবোৰ সুধিম ভাবিছিলোঁ যদিও তাই আৰু নহা হৈছিল কলেজ।
সেইদিন ধৰি একো খবৰেই নাছিল তাইৰ। কলেজ শেষ হোৱাও দুবছৰ পাৰ হৈ গ’ল। একো খবৰ নাই তাইৰ। কিন্তু তেনেতে এদিন ডাকযোগে এখন চিঠি আহিছিল। চিঠিখনত তাইৰ নাম। মই আচৰিত হৈছিলোঁ যদিও তাইৰ নামটো দেখি সেমেকি উঠিছিল দুচকু। মই চিঠিখন খুলি চালো, কেৱল দুই-তিনি শাৰীৰ বাদে একো নাছিল চিঠিখনত। মই পঢ়িব ধৰিলোঁ,
মৰমৰ দ্বীপ, এই চিঠিখন তুমি পোৱালৈ মই হয়তো নাথাকিম এই পৃথিৱীত। ক্ষমা কৰিবা দ্বীপ, তুমি মোক ভালপোৱা বুলি জানিছিলোঁ। কিন্তু কিয় নাজানো, সেই প্ৰেমভাৱ মোৰ অহা নাছিল তোমাৰ প্ৰতি।আৰু তুমি একো আশালৈ নাথাকিবা বুলিয়েই তেতিয়া তোমাৰ সন্মুখত হে গ্ৰহণ কৰিছিলোঁ সৌৰভৰ প্ৰেমৰ প্ৰস্তাৱ। কিন্তু সেয়া মোৰ ভুল আছিল, সি মোক অন্তঃসত্বা কৰি আঁতৰি গ’ল। নিজলৈ হাঁহি উঠে জানা, তোমাৰ যতনত ৰাণী হৈ থকাৰ সুযোগ এৰি কাৰোবাৰ ব্যৱহাৰৰ আহিলা হ’বলৈ সপোন দেখিলোঁ। এতিয়া পৰিণতি এইয়া। বুজিছা? তাৰ সৈতে প্ৰেম কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ পাপ, আৰু তাৰ প্ৰায়শ্চিত্ত কেৱল মৃত্যু।
ইতি তোমাৰ....
চিঠিখন পঢ়ি শপত নিজকো শেষ কৰি দিম যেনেই লাগিল, খঙো উঠিল তাইৰ প্ৰতি। তাই যদি ক'লে হয় সকলো কথা, মইটো তাইক সেইদৰেই মোৰ জীৱনত গ্ৰহণ কৰিবলৈও সাজু আছিলোঁ...
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment