কাঞ্চন পেহী
মফিজুদ্দিন চৌধুৰী
ছোটহয়বৰ, নগাঁও
মায়ে মোৰ চহৰৰ ঘৰখনত দুদিনমান থাকিয়েই বিৰক্ত হৈ ক’লে,
: বোপাই অ, তোৰ ইয়াত মই থাকিব নোৱাৰোঁ। ইমান ঠেক ঠাই! কথা পাতিবলৈ মানুহ এটাও পাবলৈ নাই। সকলো অচিনাকি। ফুৰা-চকাৰ সুবিধাও নাই। ঘৰত বহি বহি মোৰ হাত ভৰিবোৰ ফুলি গৈছে। তাৰ সলনি মই গাঁৱৰ ঘৰতেই থাকোগৈ। তাত মই সকলোকে দেখা পাম। ছোৱালীকেইজনীও ওচৰতে আছে। তই মাহে মাহে মোৰ খৰচটো দি থাকিবি। তাতে মই শান্তিত থাকিব পাৰিম। মাজে মাজে ফুৰিবলৈ আহিম বাৰু। হবনে?
: কিয় নহব মাই। তই যি কৱ সেয়ে হব। তোৰ শান্তিয়েই আমাৰ শান্তি। - অনিচ্ছা সত্ত্বেও মই মান্তি হ'লোঁ।
পিছদিনা মাই ঘৰলৈ গুচি গ’ল।
দুদিন পিছত ফোন আহিল―মাইৰ হাত-ভৰিৰ ফুলা কমিল। এতিয়া বেচ শান্তিতে আছে।
এইবোৰ দেখি আমাৰ কাঞ্চন পেহীৰ টোপনি নাইকিয়া হ'ল। বৰপুত্ৰৰ হতুৱাই বিদেশৰ পৰা ফোন কৰালে।
সি ফোনত ক’লে,—তুমি বৰমাক লগত নাৰাখা কিয়? মাক-বাপেক পো-বোৱাৰীৰ লগতহে থাকে! জীয়েকহঁতৰ লগত থকাটো ভাল দেখি জানো?
মোৰ খঙে চুলিৰ আগ পালেগৈ। অলপ ধমকিৰ সুৰতেই ক’লো,
: তই সঁচাকৈ এটা বে-আদব। তোৰ ভালটো তই চা। মোৰ ভালৰ কথা চিন্তা কৰিবলৈ মই আছোঁ নহয়? মোৰ মা ক’ত, কেনেকৈ থকাটো ভাল তাক তোতকৈ মই বেছি জানো। আৰু মোৰ মা জীয়েকহঁতৰ লগত নাথাকে নহয়, জীয়েকহঁতহে মাৰ ঘৰৰ ওচৰত থাকে।
সিও বিবাহিত। তাৰ ঘৈণীয়েক কাঞ্চন পেহীৰ লগতে থাকে। পেহীয়ে কিবা কথাত ধৰিলে ঘৈণীয়েক থৰথৰকৈ কঁপি থাকে!
দুদিনমানৰ পাছত সিও বিদেশ এৰি ঘৰলৈ গুচি আহিল। আশা কৰোঁ সকলো ভালে কুশলে চলি আছে।
কিন্তু আজি আকস্মিক ভাবে কাঞ্চন পেহীয়ে নিজৰ জোৱায়েকৰ ঘৰৰ পৰা ফোন কৰি মোক জনালে,
: মোৰ ল'ৰাটোৱেই ভাল নহয় অ, বুজিছ? জোৱাইটোহে তাতকৈ হাজাৰ গুণে ভাল। মোৰ ল'ৰাই সদায় ঘৈণীয়েকৰ কথা মতেহে চলে, মোৰ কথা একেবাৰে নুশুনে। ককায়েক হৈ অলপ বুজাবিচোন তাক!
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment