অইনিঃতমৰ দেশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

অইনিঃতমৰ দেশ



অইনিঃতমৰ দেশ


প্ৰবীণ কুমাৰ মিলি

   

 খণ্ড - ৫      

        

     মাৰকালিয়ে ৰাতিপুৱা শুই উঠিছেহে- তাঃত কি হ’ল? ভৰিৰ আঙুলিত কিয় বেণ্ডেজ মাৰি ৰাখিছ? -তাৰ সৰুটো পুতেক মেঃতেৰৰ ল’ৰা, নাতি মিগমে ঘা লগা ভৰিৰ ফাঁকত চিধাই হাত দিয়াত তাৰ ভৰিত তীব্ৰ বিষ এটা নিমিষতে জিনজিনাই গ’ল! সি কোনোমতে সহ্য কৰি ক’লে- যোৱা কালি মুৰংঘৰত সমূহীয়াভাৱে পতা লৃগাঙৰ পৰা আহি থাকোঁতে ভৰি পিছলি অলপ দুখ পালো। - খুউব বিষাই নেকি তাঃত? মিগমৰ কথাত মাৰকালিয়ে ক’লে- খুউব নিবিষাই, অলপ কেঁচা হৈ আছে কাৰণে ৰমৰমণি এটা আছে।- বেচেৰা দুখে-ভাগৰে আহি চিকমিক গধূলিতে শুই পৰা নাতি মিগমে ক'ত কি হ'ল গমেই নাপাইছিল। - মাৰকালিয়ে ততালিকে ক’লে- তই মোৰ ঘাৰ কথাত লাগি থাকিব নালাগে। যা, মুখ ধুই আহ। আমি দুয়ো গাঁও চাবলৈ ওলাই যাম।- অ.কে, বহুত ভাল কথা। মোৰ আকৌ তাঃতই বেণ্ডেজ মৰা দেখি ফুৰিব নেপাম বুলি বেয়াই লাগি আছিল।- নাতি মিগমে আনন্দতে জাঁপমাৰি উঠি, দেওদি দেওদি টিউবেললৈ দৌৰি গ’ল। মাৰকালিয়ে ভাৱিলে- বোৱাৰী অইন কুলৰ হ’লেও, বেচ্ কিন্তু নাতিটোক মিচিং হ'বলৈ শিকাইছে দেই। ভেম-চেম নাই। বোৱাৰী যেনেকৈ মুকলিমূৰীয়া, নাতিটোও তেনেকুৱাই স্পষ্ট আৰু সৰলচিতীয়া। ইংলিছ মিডিয়ামত পঢ়াইও নিজা মিচিং ভাষাটোক থুনুক-থানাককৈ ক’বলৈ শিকিছে! মোৰ কম ভাগ্যনে? আজি কালি, ক বুলি নজনা পিতৃ-মাতৃৰ ল'ৰা-ছোৱালীয়েই ‘মা-পাপা’ বুলি মাতে। দূৰৰ কথা নকওঁৱেই দিয়ক, মোৰে চুবুৰীৰ, বাৰ মাহে হাজিৰা কৰা ৰগজে-বকুৰিৰ ল’ৰা-ছোৱালীকেইটাই ‘পাপা-মামী’ বুলি চিঞৰি-বাকৰি উৎপাত কৰি থাকে।

    কালি ৰাতি লৃগাঙৰ নামত মাছে-মঙহে, পঃৰ আপঙে-পুৰাঙে গাঁৱৰ মিনমহঁতক অতি ধুনীয়াকৈ আপ্যায়িত কৰা হ’ল। যদিও, ঘৰলৈ আহি আবেলিটোত পুত্ৰ-বোৱাৰীয়ে একদমেই সুখেৰে থাকিব নেপালে। মোৰ ভৰিত দুখ পোৱা কথাটোকে বৰ ডাঙৰ কথা বুলি ভাৱি সৰু ল'ৰা মেঃতেৰে টাউনত গৈ টি. টি বেজি কিনি আনিলেগৈ। কাম্পতিয়ে নবৃলৃং ডাক্তৰক ফোনত নেপায়, বিচাৰি বিচাৰি তাজখেলাৰ পৰা উঠাই লৈ আনিল। ইফালে,সৰু বোৱাৰীয়ে কুহুমীয়া গৰমপানী কৰি, নিমখ অকণ মিহলাই ঘা লগা  ভৰিৰ ফাঁক ধুই-পখালি দিলে। মুঠতে দৌৰা-দৌৰি, লৰাঢপৰা। যেন ব্যস্ত মহানগৰৰ ব্যস্ত জীৱন।  ইমানকৈ, জীৱনত চৰম  শ্ৰদ্ধা-আপডাল! ইয়াৰ পৰা আৰু মোক কি লাগিছে? কিন্তু, এনেকুৱা ক্ষণতে মাৰকালিৰ বুকুলৈ হেজাৰ স্মৃতিৰ ধুমুহা আহি বৰ অগা-পিছাকৈ জুমুৰি দি ধৰেহি। - এদিন, বিৰিণা আৰু খাগৰিৰে ঘেৰি থকা যোগীজানৰ এৰাসুঁতিৰ ভুৰভুৰীয়া হৈ থকা ন-মাটিৰ হাবি জুৰি থাকোঁতে আঁকুৰা দাৰ ঘাপ পৰি ভৰিৰ তলুৱা প্ৰায় দুফালেই হৈছিল! কিন্তু, একো বেজি-চেজি দিয়া নাছিলোঁ, অথচ বন অগৰুৰ শিপা  পিহি-খুন্দি ঘাত  লগায়েই ভাল পাইছিলো। সেইবোৰ কথা, আজি তাৰিখত সাধু কথাৰ দৰে হ’ল। মোৰ জীৱনত বহু নভৱা ঘটনাই ঘটি গৈছে। লক্ষ্যত উপনীত হ’বলৈ মই দিন-ৰাতি একাকাৰ কৰিছিলোঁ। তেনে দিনত হাতে-ভৰিয়ে বহুত বাৰ জখম হৈছিলো। তথাপি, উভতি চোৱাৰ সময় নাছিল। কেৱল কাম আৰু কাম...

    মই, তেতিয়াৰ দিন বিলাকত কামৰ পৰা আজৰি হ'লেহে লগ-সংগৰ সৈতে অলপ বাৰ্তালাপ কৰিছিলোঁ। যিহেতু, মোৰ সমুখত মোৰ আত্মীয়ই ঘোৰ প্ৰতিযোগী আৰু শত্ৰু আছিল। গতিকে, পুত্ৰ-পৰিজনকো মোৰ সময় দিবলৈ সময় নোহোৱাৰ দৰেই আছিল। ল’ৰা দুটাৰ সমগ্ৰ দায়িত্ব কাম্পতিয়ে বহন কৰিছিল। আজি যদি অলপ কিছু সুখৰ সংসাৰ দেখিছোঁ, তেন্তে ইয়াৰ গোটেই  প্ৰতিদান নিশ্চয়কৈ কাম্পতিৰ প্ৰাপ্য। ঠিক, এইটোও মোৰ জীৱনৰ বেলেগ অধ্যায়। কথাবোৰ অতি মিহি আৰু কোমলকৈ ৰোমন্থন কৰি থাকোঁতে পিঠিত ধৰি নাতি মিগমে- ‘তাঃত বল ফুৰিবলৈ যাওঁ আৰু। মই ৰেডি হৈ গ’লো’ বুলি জোকাৰি দিয়াতে মাৰকালিয়ে সম্বিৎ ঘূৰাই পালে। সি ততাতয়াকৈ ক’লে- ব’ল, ব’ল, যাওঁ। - দুয়ো ককা-নাতি গাওঁ চাবলৈ ওলাই যায়। লগে লগে মাৰকালিয়ে নাতি মিগমক গাঁৱৰ অতীত কথা বৰ্ণনা দি যায়- আমাৰ গাওঁখনৰ প্ৰাকৃতিক সৌন্দৰ্য, ৰাস্তা-পদূলি, ঘৰ-দুৱাৰ, পৰিৱেশ-পৰিস্থিতি, গাড়ী-ঘোঁৰা, ভাৱ-চিন্তা, থকা-মেলা, আচৰণ-বিচৰণ আৰু সা-সুবিধা তেনেকৈ সুচল নাছিল। কেৱল বানে গৰকা গাওঁখনত বালি আৰু হা-হুমুনিয়াহ আছিল।- ককা, বান আৰু বালি ক’ৰ পৰা ওলাইছিল?- নাতি মিগমৰ কথাত মাৰকালিয়ে হাঁহি হাঁহি ক'লে- বান আৰু বালি ক’ত থাকে তোক দেখুৱাম বাৰু।  তই ব্ৰক্ষ্মপুত্ৰ নদীৰ নাম শুনিছ ?- হু, শুনিছো, আমাৰ কিতাপত ভাৰতৰ আটাইতকৈ বহল নদী বুলি লিখা আছে। - মিগমে তৎক্ষণাত উত্তৰ দিলে। ইতিমধ্যে, সিহঁতে মথাউৰিৰ চেলামী পাইছেহি। মিগমৰ কথাত ‘হয় নেকি’ বুলি শলাগি মাৰকালিয়ে ক’লে- এতিয়া আমি মথাউৰিত উঠিলো। সেই যে, সৌফালে ঝাঁওবন গছবোৰ দেখিছ, সেই দাঁতিতে ব্ৰক্ষ্মপুত্ৰ নদী।- তালৈকে যাওঁ ব’ল, ককা। কিযে ভাল লাগিব ন ককা!- মিগমে আবদাৰ দিব ধৰিলে। মাৰকালিয়ে মৰমেৰে ক’লে- নহ’ব, এতিয়া নহ’ব, অ’মোৰ ধন। ভাত-পানী খাই লওঁগৈ। তাৰপিছত, জিৰাই-অঁতাই পিছবেলা যাম।- মিগমে শংকাৰে ক’লে- আমাৰ দুদিনে বন্ধ, কালিলৈ যামেগৈ দেখোন! তই যদি পিছবেলা নিনিয়, চাবলৈ নেপাম আৰু? মিগমৰ আকুলভৰা কথা শুনি মাৰকালিৰ মনত অলপ আঘাত লাগিল। সি ক’লে- মোৰ মৰমৰ সোণটো, কিয় সন্দেহ কৰিছ? তোৰ ককা থাকোঁতে কিহৰ ইমান ভয়। ব’ল, এতিয়া বেলেগ জেগা চাই আহোঁ। দুয়ো ককা আৰু নাতিয়ে কথা পাতি পাতি মথাউৰিৰ পকী ৰাস্তায়েদি সূৰ্য উঠা দিশে আগবাঢ়ি গৈ থাকিল।

    পিছবেলা, আবেলি ব্ৰক্ষ্মপুত্ৰৰ বিশাল বুকুত দুয়ো ককা-আৰু নাতিয়ে হেঁপাহ পলুৱাই উমলি-জামলি, আত্মহাৰা হৈ পৰিল। ব্ৰক্ষ্মপুত্ৰৰ নীলাভ আৰু সমাহিত ধীৰ-স্থিৰ সোঁতৰ কুলু কূলু ধ্বনি, পানীৰ সোঁতত খহি পৰা বালিৰ ‘চুয়ুক-চায়াক’ শব্দ, নাতিদূৰত নদীৰ বুকুত উটি-ভাঁহি থকা চাকৈ-চকোৱা আৰু ঘিলা হাঁহৰ নয়নাভিৰাম দৃশ্য, ৰাম খং হাঁহবিলাকৰ চিঞৰ, আমি মানুহবোৰ দেখি গংগাচিলনীৰ তল-ওপৰকৈ উৰি উৰি অনৰ্গল কান্দোন, ৰৌদ্ৰস্নান কৰি থকা কাছবিলাকে মানুহৰ উপস্থিতি অনুমান কৰি থুপুচ থাপাচকৈ গৰাৰ পৰা জঁপিয়াও দৃশ্য, লাঙিজাল সোঁতত মেলি দি পাছে পাছে ধীৰে ধীৰে নাও বাই যোৱা নাৱৰীয়াৰ বঠাপাতৰ কোমল কোমল শব্দৰ প্ৰতিধ্বনি আৰু কোন দূৰ হাবিৰ পৰা জানো শুনোঁকি নুশুনিকৈ ভাঁহি অহা ঐনিঃতমৰ সুগন্ধি লহৰ। এয়া নিশ্চয়, খৰি কটা  জীয়ৰী-বোৱাৰীবোৰৰ নিমাখিত মনৰ চিৰাচৰিত  প্ৰকাশ। এই গোটেইবোৰে প্ৰকৃতি আৰু মানুহৰ মাজত এক বিস্ময়কৰ পৰিবেশ ৰচনা কৰে। নাতি মিগমে যেন ঘূৰি যাবই নোখোজে। ভৰ বাৰিষাৰ পিছত ক্ৰমে শুকাই অহা ব্ৰক্ষ্মপুত্ৰৰ মূলসুঁতিৰ পৰা ফালি আহি বিপুল বালিচৰৰ মাজত যেনে-তেনেকৈ  মৰিসুঁতিৰ দৰে জিৰজিৰকৈ বৈ থকা আঁঠু সমান উপসুঁতিত নাতি মিগমে লৰি-ঢাপৰি মনৰ হেঁপাহ পলুৱাই গা ধুলে। মাৰকালিয়েও কিছু সময় ধৰি শীতল পানীত দেহা শাঁত নেপেলোৱাকৈ নাথাকিল। দুয়ো একপ্ৰকাৰ এনে মনোলোভা ক্ষণত বলীয়ান হৈ উঠাৰ নিচিনা হ’ল। এজন কেতিয়াও এনে নৈসৰ্গিক সৌন্দৰ্য নেদেখি, আনজন এনে সৌন্দৰ্য উপভোগ কৰাৰ পৰা বহু দিনে বঞ্চিত থাকি। দুয়োৰে হৃদয়ৰ ঝংকাৰ যেন সমান!

    লাহে লাহে বেলি লহিয়াব ধৰিলে। দুয়ো ককা-নাতিৰ মাজত এপলক দৃষ্টি নিক্ষেপন হ'ল। মিগমে চকুৰে অলপ সময় ৰ’বলৈ ইংগিত দিলে। তাকে দেখি মাৰকালিয়ে ক’লে- সোণ, বেছি বেছিকৈ ঠাণ্ডাত গা ধুলে জ্বৰ হ’ব পাৰে। ব’ল, যাওঁ আৰু। মিগমে পাৰলৈ উঠি আহি ক’লে- আচ্ছা ককা, ইমান শান্ত পানীয়ে কেনেকৈ বান আৰু বালি সৃষ্টি কৰেনো? এইবোৰ বহুত কথা মোৰ সোণ। বছৰত এবাৰ ব্ৰক্ষ্মপুত্ৰ ঋতুমতী হৈ উঠে। ই প্ৰকৃতিৰ দান। বাকী কথা, ডাঙৰ হ’লে এনেয়েও জানিবি। মাৰকালিৰ কথাত হয়ভৰ দি মিগমে ক’লে- হ’ব বাৰু, কিন্তু তই যে টাউনত থাকিব নোখোজ, এই ভাল লগা পৰিবেশবোৰৰ কাৰণেই নহয় জানো? মিগমে কোৱা, বয়সতকৈ বহুত ডাঙৰ কথাত সচকিত হৈ সি ক'লে- তই বহুত সত্য কথা কৈছ। কিন্তু, এইটোৱেই কাৰণ নহয়। টাউনত থকাৰ অভ্যাস নথকাৰ কাৰণেও থাকিব নোৱাৰো অ’ সোণ।- দুয়ো কথা পাতি পাতি তিয়নিবোৰ সলাই লৈ উভতনি বাট ধৰিলে। কিছু দূৰ শুদ্ধ তপত বালিয়েদি যোৱাৰ পিছত ঝাঁওবন গজি হাবিমূৰীয়া  হৈ থকা আৰু কলাবাতি বগাই থকা বালিৰ ওপৰেদি খোজ কাঢ়ি কাঢ়ি  গৈ থিয় গৰাৰ কাষ পালেহি। থিয় গৰাত বগোৱই বাই উঠিয়েই মাৰকালিয়ে জোৰকৈ উশাহ টানিলে। কিন্তু, মিগমৰ একো উম-ঘামেই নাই। যেন দুখ-ক্লেশহীন শৰীৰ। আনন্দে হিয়া নধৰা ক্ষণ! যি কি নহওক, সি গৰাত থিয় হৈ  চাৰিওফালে চালে- এক নিমাত-নিতাল আৰু জিংজিঙীয়া পৰিৱেশ। কেৱল, ৰিবৰিব বতাহত কহুৱা-বিৰিণাৰ পাতবোৰ হালি-জালি নাচি আছে। অথচ ইমান অনুপম পৰিবেশ। হৃদয় গলি যায়। সঁচাকৈ এয়েই, প্ৰকৃতিৰ আচল অৱয়ব।। যি বৰ্ণিল সেউজীয়া  ৰূপে মানুহৰ হিয়াখনি পৰম আকুতিশীল কৰি তুলে! এনেকৈ ভাৱ-সাগৰত নিমিষমাত্ৰ ডুবি থাকোঁতে মিগমে চিঞৰি ক’লে- ককা, ককা সৌৱা বগৰী নহয়নে? গুটি লগা নাইনেকি? লোকেল বগৰী খাই পোৱা নাই। খাব পোৱা হ’লে!- মাৰকালিয়ে মৰম বিগলিত হৈ নাতিলৈ চাই ক’লে- মাঘতে প্ৰায় পকি সৰি যায়। পিছে এতিয়াও, পিছতীয়া  দুই-এটা পকা বগৰী নসৰাকে থাকিব পাৰে। চাই আহোঁ ব’ল।- দুয়ো ডাঠ খেৰণিৰ ভিৰ ফালি ফালি গৈ বগৰী জোপাৰ কাষ পালেগৈ। ভবামতেই, পকা বগৰী গছৰ ডালতো কিছু নসৰাকে আছে কিন্তু পকি সৰা বগৰী তল ভৰি আছে। দুয়ো যথেষ্ট বুটলি ল’লে। মিগমে খাই চাই ক’লে- বৰ মিঠা অ’ ককা, বৰ মিঠা। সি মুখ টকালি টকালি খোৱা দৃশ্য দেখি মাৰকালিয়ে হাঁহি হাঁহি ক’লে- এয়াই চাপৰি, যি সকলোকে মিঠা বস্তু দিয়ে। ব’ল, যাও। তোৰ দেৰি হ’ল বুলি মায়ে চিন্তা কৰি থাকিব! মিগমে ক’লে- কেলেই চিন্তা কৰিব? তোৰ লগত গ’ল বুলি জানে নহয়!- হ’লেও, মাৰ চিন্তা থাকিবই দে চোন। ‘মাৰ  সমান হ’ব কোন, নৈৰ সমান ব’ব কোন’ বুলি এষাৰ কথা নাই জানো? ঠিক আছে তেতিয়া হ’লে যাওঁগৈ।- দুয়ো কথা পাতি পাতি আগবাঢ়িল। ইয়াৰ মাজতে নাতি মিগমে ক’লে- ককা, কেতিয়াবা পুনৰ বন্ধৰ দিনত গাঁৱলৈ এনেকৈ আহিলে, আকৌ এদিন ফুৰিব লাগিব দেই। তাৰ কথাত সঁহাৰি দি মাৰকালিয়ে ক’লে- নিশ্চয়, নিশ্চয়, কিয় নুফুৰিম মোৰ সোণ ? তেনেকৈ কথাৰ বোঁৱতী পানচৈত উঠি দুয়ো লিংলিঙীয়া বাটেদি সৰ্পিল গতিৰে ঘৰলৈ বুলি গৈ থাকিল…..


ক্ৰমশঃ.....


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages