বলুকা মহোৎসৱ
হৰেন্দ্ৰনাথ দলে
মাথো আঙুলিমূৰত লেখিব পৰা কেইটামান দিন। চিয়াং-চিকুৰ ডাইকৰ অন্তৰ্গত এক বিস্তীর্ণ এলেকা বিয়পা মৰুভূ প্ৰান্তৰ। বৰনৈৰ পাৰৰ বলুকা ৰাশিৰ শুভ্র বালিচন্দাৰসতে মিতিৰালি পাতি নকৈ সজাল ধৰা সপোন জীপাল হৈ উঠিব। ভূমিষ্ঠ হ'ব নৈপৰীয়া বলুকা মহোৎসৱ।
মহনামুখৰ আয়ুসৰেখা সদৃশ মথাউৰিত থিয় হৈ অঞ্জনাভে চকুৱে মনিব পৰা এক নিৰ্দিষ্ট দূৰত্বলৈকে নিৰীক্ষণ কৰিবলৈ যত্ন কৰিলে। এক বিশাল বালিময় প্রান্তৰত অঞ্জনাভে যেন মৰিচিকাহে খেদি ফুৰিছে। মথাউৰিটোত সংলগ্ন বালিময় প্ৰান্তৰৰ পাঁচ-ছয় কিঃমিঃ ৰ আঁতৰত ল'ৰালি ওমলা বুকুৰ আপোন গাওঁ, ঘৰ আছিল। পৈতৃক সম্পত্তি খেতিমাটি আছিল। গাওঁখনৰ পৰাও তিনি-চাৰি কিঃমিঃ আঁতৰতহে আছিল বৰনৈখন। বৰনৈৰ গতিধাৰাই গাওঁখনৰ মানুহবোৰক জীৱনৰ গতি দিছিল। তাৰমাজতে অঞ্জনাভ, অৰুণাভ, অৱনী আৰু অনুপমাহঁতেও জীৱনৰ ৰহস্যময় গতি আৰু মুক্ত আকাশৰ বিশালতাৰ আদি পাঠ পঢ়িছিল।
বান আৰু গৰাখহনীয়াৰ কবলত পৰি গাওঁখনৰ মানুহবোৰে গাওঁ, ঘৰ, খেতি-পথাৰ সকলো হেৰুৱাব লগা হ’ল। তাৰ মাজতে জীৱন-জীৱিকাৰ তাড়নাত গাঁৱৰ একাংশ লোক আত্মীয়-স্বজনক চিৰদিনৰ বাবে এৰি দিহিঙে-দিপাঙে ঢাপলি মেলিব লগা হ’ল। কোন কলৈ গ’ল ঠিকনা নোহোৱা হ’ল।
কংকুৰ গাওঁখন এনেকৈয়েই বৰনৈৰ বুকুত হেৰাই গৈছিল। এইখন গাঁৱতেই অঞ্জনাভে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছিল। তেওঁ চাকৰিসূত্ৰে নগৰত থাকে। তেওঁ বছৰি পূৰণা গাওঁখনলৈ আহেগৈ। আহিলেই বালিময় বুকুত লিৰিকি-বিদাৰি মৃত মাক দেউতাকক স্মৰণ কৰে। কবলৈ দুখেই লাগে মাক-দেউতাকেও হাড়ভঙা পৰিশ্ৰম কৰিয়েই অঞ্জনাভহঁতক তুলি-তালি ডাঙৰ কৰিছিল। পৈতৃক ঘৰখন আৰু গছী ধানেৰে পৰিপূৰ্ণ দেউতাকৰ দিনৰ মেটমৰা ভৰালৰ কথাও এবাৰ মনত পেলালে। অকল ধান, মাহ, সৰিয়হ আদি বিক্ৰি কৰিয়েই মাক-দেউতাকে ল'ৰা-ছোৱালীৰ পঢ়াৰ খৰচ জানো যোগাৰ কৰা নাছিল? কথাবোৰ চিনেমাৰ পৰ্দাত ভাঁহি উঠাৰ দৰে অঞ্জনাভৰ মানস পটত ভাঁহি উঠিবলৈ ধৰিলে। মথাউৰিৰ পৰা নামি অঞ্জনাভে মাক-দেউতাক, গাওঁখনৰ অৱস্থিতি সন্ধান কৰি শুষ্ক-কৰ্ষক বালিময় প্ৰান্তৰত বহুদূৰ ঢপলিয়ালে। তাৰপিছত বালিময় প্ৰান্তৰত গাওঁখনৰ ঠিকনা হাতেৰে খান্দি উলিয়াবলৈ চেষ্টা কৰিলে। মাক-দেউতাকৰ হাড়-ভঙা পৰিশ্ৰমত জীপাল হোৱা সেই তাহানি গেঁৰধৰা ধাননি পথাৰত লাগি থকা কপালৰ ঘামৰ সুগন্ধ। লগতে পথাৰৰ বাঁহনিডৰাৰ কাষতে সমাধিস্থ কৰা মাক-দেউতাকৰ চিৰনিদ্ৰাত মগ্ন সপোনবোৰ। নাই বৃথা চেষ্টা। ক’তো একোৱেই নাই। মৰিচিকা মাথোন। বন্ধন মুক্ত হাতদুখন আকাশৰফালে তুলি গগন নিনাদিত কণ্ঠস্বৰেৰে চিঞৰি চিঞৰি কান্দিবৰ মন গৈছিল অৰুণাভৰ। বালিয়ে পুতি পেলালে সকলো। ক’তো কাৰো পদচিহ্ন বিচাৰি পাবলৈ নাই। গভীৰ হতাশা ভৰা গধুৰ হুমুনিয়া কাঢ়ি অঞ্জনাভমথাউৰিটোলৈ উভতি আহিল। তাৰপিছত জিউ-বেগেৰে নিৰ্মাণ কৰা মথাউৰিটোৰে উত্তৰ দিশেৰে কিছুদূৰ আগুৱাই আহি থমকি ৰ'ল। নাই তালৈ নাযাওঁ। অঞ্জনাভে ভৰি দুখনত কঁপনি অনুভৱ কৰিলে। তাতেই হেনো মুক্ত আকাশৰ তলত ৰ'দ-বতাহ-বৰষুণ নেওচি তেওঁ লোকৰ গাঁৱৰ আত্মীয়-স্বজন অনাহাৰে-অনিদ্রাই প্রায় এসপ্তাহ পাৰ কৰিব লগা হৈছিল। প্রায় ৫০০ মিটাৰমান আঁতৰত অৱস্থিত সেই পূৰণা ছিগা মথাউৰিটো বান প্ৰতিৰোধী শক্তি হেৰুৱাই মুণ্ডহীন অজগৰ সাপৰদৰে নিস্তেজ-নিষ্প্রাণ হৈ পৰি আছে। বানপানীত মথাউৰি ছিগি গাওঁ-ঘৰ হেৰুৱাই সর্বস্বান্ত হোৱা একাংশ স্থানীয় বানপীড়িত ৰাইজ তাতেই যোৱা তিনিটা দশক একেৰাহে বস-বাস কৰি আছে। বানপীড়িত ৰাইজৰ অস্থায়ী শিবিৰেই নিগাজী আশ্রয় স্থলীলৈ ৰূপান্তৰ হৈছে। পুনৰ সংস্থাপনৰ চিন্তা অবান্তৰ প্রশ্ন মাথোন। নৈপৰীয়া ৰাইজে পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবছৰে জিলা সদৰত তোলা ধৰ্ণাৰ বেদনাদায়ক প্রতিচ্ছবি আৰু ৰাজপথৰ সংগ্ৰামৰ অস্ফুট কণ্ঠস্বৰ অঞ্জনাভৰ বুকুভেদি হঠাতে ৰিঙিয়াই গ'ল। নাই, আৰু আগুৱাই নাযাওঁ। তেনে ধাৰণাৰে উভতি আহি মথাউৰিৰ পশ্চিম দিশত সংলগ্ন বাটেৰে নামি আহি তিনি আলিটোত থিয় হ’ল। কবলৈ গলে মহনামুখৰ ব্যৱসায়িক কেন্দ্রবিন্দু। এখন সাধাৰণ চাহৰ দোকান, এখন সৰু গাৱলীয়া গেলামালৰ দোকান আৰু এখন নতুনকৈ প্ৰতিষ্ঠা কৰা বিলাতী সুৰাৰ বিপনী। কাষতে বাই-চাইকেলৰ টিউব-টায়াৰ ৰিপায়িং কৰা মানুহ এজনৰ এচলীয়া সৰু ঘৰ এটা। তাতে পাটি চাইকেলত পাম্প দি থকা মানুহ এজন আগবাঢ়ি আহি মাতিলেহি।
তুমি অঞ্জনাভ নহয় জানো?
হয়, মই অঞ্জনাভ।
তোমাক ধৰিব পৰা নাই- অঞ্জনাভে কলে।
মই এনেকৈ চিনাকি নিদিওঁ। বলা সৌ হোটেলখনতে চাহ একাপ খাই আহোঁ। নাযাওঁ বুলি নকবা। অনুৰোধ ৰক্ষা কৰি দুয়ো একেলগে হোটেল খনলৈ আগবাঢ়ি আহিল। মানুহজনে চাহ দুকাপ অৰ্ডাৰ দি কলে-মোৰ মুখলৈ চাই কোৱা, মোক চিনি পাইছানে? অ’ এতিয়াহে ধৰিব পাৰিলো, তুমি জংকাপ গাঁৱৰ পদ্মনাভ নহয় জানো? এতিয়া কেনেকৈ চিনি পালানো? এই যে তোমাৰ অতুলনীয় বন্ধুত্ব আৰু নিভাঁজ আত্মীয়তাবোধ মই কোনোদিন পাহৰিব নোৱাৰো পদ্মনাভ। বয়সৰ চাপ তোমাৰ মুখমণ্ডলত বিয়পি পৰিছে কাৰণেহে মই ধৰিব পৰা নাছিলো। সেই তেতিয়া মেট্রিক পৰীক্ষা দিয়াৰ পিছতেই এৰা-এৰি হোৱা। চাকৰি কৰি অৱসৰো ললো। ভাবি চোঁৱাচোন কিমান বছৰ যে আমি লগ পোৱা নাছিলো। বেয়া নাপাবা। আজি আমাৰেই সৌভাগ্য হঠাৎ লগ পাই গ’লো। পিছে, পদ্মনাভ, তুমি কি কামত ইমানদূৰ আহি লানো। জংকাপ গাৱঁৰ পৰা আমি জনাত ১৫-২০ কিঃমিঃ দূৰ নহয় জানো? কি ক'ম আৰু অঞ্জনাভ! মহনামুখত হ'ব লগা বলুকা মহোৎসৱৰ আয়োজনৰ খবৰ লবলৈ আহিলো। মোৰ ল'ৰাটোৱেই দেখোন আয়োজক সমিতিৰ সম্পাদক। এই দোকান বিলাকত আঁৰি থোৱা পোষ্টাৰ বিলাক দেখিছাই নহয়? পিছে আয়োজক সমিতিৰ অস্থায়ী কার্যালয় এটা মহনামুখত অহা কাইলৈ বা পৰহিলৈ স্থাপন কৰিবই লাগে। এয়া তেওঁলোকৰ সাংগঠনিক নির্দেশনা। আজি মহনামুখ কেন্দ্ৰৰ আশে-পাশে ঘূৰি-মেলি চালো। কাৰ্যালয়ৰ বাবে উপযুক্ত ঘৰেই নাই দেখোন। তথাপিও নাতিদূৰত থকা সমবায় সমিতিৰ গোদাম ঘৰ এটা ঠিক কৰি আহিলো। যেনেকুৱাই নহ'ক, মহোৎসৱৰ কামটোতো চলাব লাগিবই। পাৰিলে মহোৎসৱ কেইদিনত উপস্থিত থাকি তুমিও চাই যাবাহি। কথা পাতি পাতি পদ্মনাভে চাইকেলৰ কেৰিয়াৰত টোপোলা বান্ধি থোৱা গোহাৰি জাপৰ মাজৰ পৰা এখন গোহাৰি টানি উলিয়াই অঞ্জনাভক আগবঢ়াই দিলে। তাৰপিছত আওপুৰণি অর্দ্ধ-ভগ্ন পাটি চাইকেলখনত উঠি পদ্মনাভে গহীনভাবে পদযুগলেৰে পেদেল মাৰি অঞ্জনাভৰ পৰা খৰ-খেদাকৈ বিদায় ললে। পদ্মনাভৰ মুখত শুনা সমবায় সমিতি শব্দটোৱে অঞ্জনাভৰ অন্তৰাত্মা জোকাৰি গ'ল। হাতত ৰেছন কার্ড আৰু খালি বেগ লৈ বিনামূলীয়া চাউলৰ বাবে লানি লাগি শাৰী পাতি থিয় হৈ থকা শত-সহস্রাধিক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকেৰে ঠাহ খাই পৰা এটা চৌহদৰ জীয়া প্রতিচ্ছবি এখন তেওঁৰ চকুৰ আগত ভাঁহি উঠিল। আজিকালি শাসনাধিষ্ঠ দলৰ নেতা-পালি নেতাৰ আশীর্বাদপুষ্ট এচাম দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ লোকেও বিনামূলীয়া চাউলৰ সুবিধাৰ পৰা বঞ্ছিত হ'ব নোখোজে। এনে আশিসধন্য হিতাধিকাৰী সকলে হেনো চাউল নিবৰ বাবে আত্ম-অহংকাৰ জাহিৰ কৰি বিলাসী বাহনতে আহে। কিছুমান হিতাধিকাৰীয়ে হেনো ৰেছন কার্ড যোগেদি বিনামূলীয়া চাউল আহৰণ কৰে কেৱল পৰম্পৰাগত পানীয় প্রস্তুত কৰিবৰ বাবেহে বুলিও সর্ব-সাধাৰণ ৰাইজে ওজৰ-আপত্তি তোলা অৰুনাভে বহু ঠাইত শুনিছে। প্রকৃত হিতাধিকাৰী সকলে বিভাগীয় কর্তৃপক্ষক এই বিষয়ে দৃষ্টিগোছৰো নকৰাও নহয়; কিন্তু ওচৰ-আপত্তি হ’লে কামত নাহে। পাকলগা চিন্তা আৰু আউল লগা কথাবোৰৰ আঁত ধৰি অঞ্জনাভে আগুৱাই গৈ বলুকা মহোৎসব আয়োজক সমিতিৰ হৈ পদ্মনাভে নিজে মহোৎসৱৰ পৰিচালনাৰ সুবিধাৰ প্ৰতি লক্ষ্যৰাখি অস্থায়ী কাৰ্যালয়ৰ বাবে ঠিক কৰি থৈ যোৱা পৰিত্যক্ত গোদাম ঘৰটো চাই আহিবৰ মন গৈছিল অঞ্জনাভৰ। তাৰপিছত তেওঁ নিজেই নিজক মনে মনে ক’লে, বলুকা মহোৎসৱ সম্পন্ন হোৱাৰ পিচত অস্থায়ী কার্যালয়টো এনেই পৰিত্যক্ত হ’ব। যথাস্থানলৈ গৈ চাই আহিয়েই বা কি লাভ? বালিত খুদিত খোজৰ আয়ুস ৰেখা জানো চিৰস্থায়ী হয়?
অৰুণাভ আৰু অঞ্জনাভ দুয়ো বাল্য বন্ধু। দুয়ো বন্ধুৰ মাজত ব্যক্তিগত সুখ-দুখৰ উপৰিও কেতিয়াবা কেতিয়াবা ঘৰুৱা সমস্যাৰ কথাও লুক-ঢাক নকৰাকৈ আলোচনা কৰে। কথাই কথাই অৰুণাভে এদিন অঞ্জনাভক কৈছিল বিগত ১৯৯৮ চনত হোৱা বানপানীৰ কথা। হঠাতে প্রলয়ংকৰী বানপানী আহি চিয়াং-চিকুৰ ডাইকৰ মহনামুখ অঞ্চলৰ মথাউৰি ভাঙি ঘৰ-বাৰী, খেতি-পথাৰ সকলো ধুই লৈ গ’ল। বানপীড়িত দুৰ্দ্দশাগ্রস্ত ৰাইজ ভগ্ন-মথাউৰিৰ দুটা মাথাৰ নিৰাপদ ঠাইত অস্থায়ী শিবিৰ পাতি অৱস্থান কৰিব লগা হ’ল। এনে অস্থায়ী শিবিৰবোৰত দিন-ৰাতি একাকাৰ কৰি বতাহ-বৰষুণ নেওচি দুর্গত ৰাইজে জীয়াতু ভুগি জীৱন যাত্রা আগুৱাই নিব লগা হৈছিল। এনে দুৰ্যোগৰ সময়ত খনামুখ ঘাটৰ পৰা মহনামুখলৈ বানপীড়িত ৰাইজৰ বাবে সাহায্য-সামগ্রী কঢ়িয়াই নিয়া এখন নাওত উঠি চাকৰিসূত্রে দক্ষিণাত্যত থকা অৰুণাভেও গাঁৱৰ ঘৰৰ মানুহক চাবলৈ আহিলগৈ। এই খাদ্য-সামগ্রী কঢ়িয়াই অনা জিলা-প্রশাসনৰ যন্ত্র চালিত ফেৰী নাওখনৰ অপেক্ষাত হাতে হাতে খালি মোনা লৈ মথাউৰিৰ ওপৰত প্রায় পাঁচশ মিটাৰ জোৰা বানপীড়িত দুৰ্দ্দশাগ্রস্ত ৰাইজৰ শাৰী। তাৰ মাজতে অৰুণাভৰ দেউতাকো খালি মোনা এটা লৈ অতি বিষন্ন মনেৰে সাহায্য সামগ্রী লাভৰ বাবে অপেক্ষা কৰি আছিল। জীৱন কালত কোনোদিন নেদেখা দেউতাকৰ এনে অভাৱনীয় অসহায় পুতৌজনক অৱস্থাতো চাই কব নোৱাৰাকৈ হঠাতে চেতনা হেৰুৱাই ঠাইতে ঢলি পৰিছিল অৰুণাভ।
এনে বহু অবিস্মৰণীয় স্মৃতি অঞ্জনাভৰ মানস পটত ভাঁহি উঠাৰ সময়তে নাতিদূৰত এটা চিনাকি কণ্ঠস্বৰ শুনা গ'ল। অ’ খুৰা দেখোন! খুৰা, নগৰৰ পৰা কেতিয়া আহিলা? এনেকৈ কথাবোৰ কৈ কৈ কাষ চাপি আহিল সমীৰণ।
তুমি ক’ৰ পৰা আহিলা, সমীৰণ? অঞ্জনাভে সুধিলে। খুৰা, মই গৈছিলো বলুকা মহোৎসৱ পাতিবৰ বাবে ঠিক কৰা ঠাইডোখৰ চাবলৈ। তাতে মই মিচিং থলুৱা খাদ্যৰ দোকান এখন দিম। এই মহোৎসৱলৈ খাদ্য আৰু বস্ত্ৰ মেলা অতি কমেও ২৫০০-৩০০০ হেজাৰ বিপনী আকিব। এইবাৰ পাতিব লগা মহোৎসৱৰ সময়ত মোৰ ডাঙৰ ল’ৰাটোকো বেংগালুৰুৰ পৰা মাতি পঠিয়াইছো আজি দুপৰীয়া আহি পালেহি ল’ৰাটো। ল’ৰাটো ভগৱানৰ দান, খুৰা। বৰনৈৰ পাৰৰ লিহিৰি বনৰ অৱদান। প্রতিবছৰে বহিঃৰাজ্যৰ পৰা ঘৰলৈ আহি পোৱাৰ পিছত ভাত-পানী খাইয়েই ল’ৰাটো বৰনৈৰ পাৰৰ সেই শুকান বালিময় ঠাইলৈ গৈ অকলে অকলে উদাস মনেৰে বহি থাকেগৈ। কি ৰহস্যময় আকর্ষণ আছে মই একোৱেই বুজি নাপাওঁ। আগতে গাঁৱৰ ঘৰতে আছিল। এতিয়া বাহিৰত থাকিলেও পইচা-পাতি নিয়মীয়াকৈ প্রতিমাহে পঠিয়াই থাকে। আজিও আহি পায়েই মাকক লগত অনা পইচা-পাতি সকলো দি থৈ গৈছে। লগতে আছুতীয়াকৈ মোৰ বাবে এবটল বিলাতী সুৰাৰ দাম। সেয়েহে মই পূৰণা ছিগা মথাউৰিৰ পৰা বিলাতী সুৰাৰ দোকান অভিমুখে আহিলো। পাৰিলে খুৰা, আজি ৰাতি থাকি যাওক। আজি অনুপমা পেহীৰ ঘৰতো কন্যা আদৰাৰ এটা ঘৰুৱা অনুষ্ঠান আছে। পেহা ঢুকুৱা তিনি বছৰ মানেই হ’ল। ল’ৰাটো পঢ়া-শুনা বাদ দি বিয়াত বহিল। উপাৰ্জনৰ পথ একো নাই; কিন্তু আমি সুধিলে সংগঠন কৰো বুলিহে কয়। অলপ পিছতে চাব ঢোল-তাল আৰু উচ্চ-প্রাবল্যত মাইক বাজিবই; মুঠৰ ওপৰত চৌদিশ ৰজনজনাই যোৱা ন-কন্যা আদৰাৰ এক অভাৱনীয় আনন্দমুখৰ পৰিৱেশ জীপাল হৈ উঠিব। তদুপৰি বিয়া অনুষ্ঠানৰ পৰা উভতি অহা যুৱ-চামে ৰঙিন মেহফিলৰ আড্ডা জমাব। বিকট চিঞৰ বাখৰ কৰি গানগাই, নাচি-বাগি গোটেই ৰাতি মহনামুখকেন্দ্ৰ মুখৰ কৰি ৰাখিব। কোনেও কাকো বাধা দি ৰাখিব নোৱাৰা অৱস্থা। নিৰ্ধাৰিত কাৰ্য-সূচী অনুসৰি বলুকা মহোৎসৱৰ সামৰণি পৰিলেও কিন্তু আমাৰ বান-বিধস্ত গাঁৱৰ কন্যা আদৰাৰ অনুষ্ঠান কোনোদিন সামৰণি নপৰে। সমীৰণে কোৱা বৰ্তমান তেনেকুৱা পৰিস্থিতিয়েই মহানামুখত বিৰাজমান। কথাবোৰ দুর্বোধ্য যেন লাগিল অঞ্জনাভৰ। সমীৰণ, ভগ্ন-মথাউৰিত আশ্রয় শিবিৰ পাতি সুদীর্ঘ তিনিটা দশক ধৰি বসবাস কৰি থকা আমাৰ গাঁৱৰ একাংশ ৰাইজৰ জীৱন গাঁথাৰ জীয়া ছবিখন চাই যাম বুলি আগবাঢ়িও মই থমকি বৈ গলো। আজি ৰাতি গাঁৱত থাকি নগলেও বহু কথাই গম পালো, সমীৰণ। তুমি কোৱা এটা কথা কিন্তু মই ধৰিব পৰা নাই সমীৰণ। তুমি যে ক’লা, তোমাৰ ডাঙৰ ল'ৰাটো বৰনৈৰ পাৰৰ লিহিৰী বনৰ অৱদান বুলি। কি কম, খুৰা বুলি কৈ সমীৰণে গভীৰ হুমুনিয়াহ কাঢ়িলে। তাৰপিছত ক’লে, খুৰা মোৰ ঔৰসজাত ডাঙৰ ল’ৰাটো ১৯৯৮ চনৰ বানপানীৰ সময়ত নাও ডুবি চাকনৈয়াত পৰি মৃত্যু হ'ল। ল’ৰাটোৰ মৃত্যুৰ এসপ্তাহৰ পিছত বানপানী শুকাল। মই ল’ৰাটোক বিচাৰি নৈৰ পাৰলৈ উন্মাদ হৈ দৌৰি গৈছিলো। তেতিয়াই বেংগালুৰুৰ পৰা ঘৰলৈ অহা ল’ৰাটোক বৰনৈৰ পাৰৰ লিহিৰী বনৰ আঁৰত কিবা এটা লিৰিকি-বিদাৰি থকা অৱস্থাত বিচাৰি পালো। কিজানি খাদ্যৰ সন্ধান কৰিছিল। জপৰা জঁটলগা চুলি-দাঢ়ি, বহু দিন অনাহাৰে থাকি অৱস-অলস দুর্বল দেহা, পিন্ধনত মলিয়ন গামোছা এখন আৰু ফটা-ছিটা গেঞ্জি এটা। সেই সময়ত মিচিং, অসমীয়া, হিন্দী আৰু ইংৰাজী একোৱেই বুজি পোৱা নাছিল। এনে সন্ধিক্ষণত মোৰ বিবেকে মোক কৈছিল; তুমি লৰাটোক এনে অৱস্থাত দেখি কোনো কাৰণতেই এৰি থৈ যাব নোৱাৰা। তুমি অকলে ল'ৰাটোক পৰি থকাৰ পৰা তুলি নিব নোৱাৰিলে কোনোবা এজন চিঞৰি চিঞৰি মাতি আনি ঘৰলৈ দাঙি হলেও লৈ ব'লা। মই তেনেকৈয়েই এই ল'ৰাটোক ঘৰলৈ লৈ আনিলো; চাবোন সানি গা ধোৱালো, নতুনকৈ কাপোৰ পিন্ধালো আৰু তাজা পুৰা মাছ, গৰম আঞ্জা-ভাত খোৱালো। আৰম্ভণিতে কেইবাদিনো মাছৰ আঞ্জা-ভাত এদিনত তিনি-চাৰিবাৰকৈ কম পৰিমাণত খোৱাব লগা হৈছিল। তাৰপিছতহে স্বাভাৱিক ধৰণে ল’ৰাটোৰ শাৰীৰিক স্থিৰতা ঘূৰি আহিছিল। বানপানীত পৰি মৃত্যু হোৱা মোৰ ডাঙৰ ল’ৰাটো বচাব নোৱাৰিলেও এই পৰিচয় বিহীন ল’ৰাটোক বচালো। সেই তেতিয়াৰ পৰা তেওঁৱেই হ’ল মোৰ ডাঙৰ ল’ৰা। বয়সত অৱশ্যে মোৰ প্রায় সমসাময়িক। খুৰা, সেই মথাউৰি ভাঙি সৰ্বস্ব হেৰুৱাৰ সময়ত ধন-ধানৰ অভাৱ হলেও মাছ-পুঠিৰ সমূলি অভাৱ নাছিল। সেয়েহে লিহিৰী বনৰ আঁৰত পোৱা এই ল’ৰাটোক কোনোধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ উদৰ পুৰাই মাছৰ আঞ্জা-ভাত প্রয়োজন অনুপাতে খোৱাব পাৰিছিলো। সেই তেতিয়াৰ পৰা ল’ৰাজনে মোক এৰি যোৱাৰ কথা কোনোদিন কোৱা নাই। মই পঠিয়ালে কামৰ কাৰণে বহিঃৰাজ্যলৈ যায়, কিন্তু বছৰৰ মূৰত অথবা যেতিয়াই মই মাতি পঠিয়াইও তেতিয়াই ঘৰলৈ ঘূৰি আহে। তেওঁ মোক কোনোদিন অভাৱ অনুভৱ কৰিব দিয়া নাই। তেওঁক লিহিৰী বনৰ আঁৰত বিচাৰি পোৱাৰ পিছত সলিল সমাধি ঘটি মৃত্যু হোৱা মোৰ পুত্র শোকো নোহোৱা হ’ল। কিন্তু খুৰা, মোৰ এটাই দুখ এই ল’ৰাটোৰ মাক-দেউতাকৰ ঠিকনা উলিয়াব নোৱাৰিলো। মাক-দেউতাকক বিচাৰি যাবলৈ কলেও কোনোদিন বিচাৰি যাম বুলি নকয়। বিয়া পাতিবলৈ কলেও বিয়া নাপাতে, বিয়া পতাটো একো ডাঙৰ কথা নহয় বুলি কয়। মই বিবুদ্ধিত পৰিছো খুৰা। আজি ৰাতি আমাৰ লগত থাকি এই সমস্যাটো সমাধান কৰি যাওক, খুৰা।
আপুনি নিশ্চয় পাৰিব। সমীৰণৰ সাৰ্থৰ যেন লগা কাহিনীবোৰ শুনি বলুকা মহোৎসৱত স্থাপন কৰিব লগা মিনি বজাৰৰ চকৰিটো অঞ্জনাভৰ চকুৰ আগত ভাঁহি উঠিছিল। তাৰপিছত যেন দেওলগা চকৰিটো নিয়ন্ত্রণহীনভাৱে নিৰন্তৰ ঘূৰিবলৈ আৰম্ভ কৰিছিল বলুকা মহোৎসৱৰ মায়াময় বাকৰিত।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment