লৃগাং
দেৱ
সৃষ্টি পাতনিৰ তুমি ধ্বজাবাহক
আবতানিৰ সম পৰিচয়
শস্য ক্ষেত্ৰ শ্যামলা তোমাৰে অংশ
আলি আয়ে লৃগাং
তানি বংশৰ গর্বস্বৰুপ
গুমৰাগ গুমৰাগ কেকনলগ গুমৰাগ
কি যে প্ৰাণ সঞ্চাৰিত ঢৌ
মিচিঙৰ আবেষ্টনীত
আজিও তোমাক বান্ধি ৰাখিছে
ঐ নিঃতমৰ এনাজৰীৰে
পঃৰ নগিনৰ মাতাল সুৱাসে
খেতিয়কমনা মিচিঙক মতলীয়া কৰে
পুকলীয়া ডেকাই আবেগত চিঞঁৰে
ঐয়া ন অকল দুঃন
আচিনাং অদুং।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment