অদ্ভুত হৃদয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

অদ্ভুত হৃদয়

 

অদ্ভুত হৃদয়


                  প্ৰশান্ত টাইদ

   হাতীয়েমৰা, লখিমপুৰ


বিষাদ আৰু বেদনাই

স্থান পাব নোৱাৰা তোমাৰ হৃদয়

থাকিবও নোৱাৰি বেদনাৰ অশ্ৰু

তোমাৰ নয়নত

অথচ তুমি কান্দিবও নাজানা!


হ’ব পাৰে প্ৰেম স্বৰ্গীয়

স্থান নাপাই প্ৰেমেও তোমাৰ হৃদয়ত, 

ভাবি নুচুৱা তোমাৰ হৃদয় 

মোৰ অন্ধ প্ৰেমৰ কি তাৎপর্য! 

অথচ তুমি প্ৰেমাসক্ত প্ৰেমিক হ’ব নাজানা! 


কদাপি দৃষ্টিগোচৰ নহ’ল তোমাৰ আননত

আহ্লাদৰ হাস্য

নাছিল মোৰ সান্নিধ্যত তোমাৰ প্ৰেমালাপ

নাই তোমাৰ এই হৃদয়

হাঁহিবলৈ হৰ্ষত কান্দিবলৈ বেদনাত 

অথচ তুমি উপভোগ কৰিব নাজানা আনন্দবোৰ


কিমানবাৰ ল’লো প্ৰতিজ্ঞা

মোৰ প্ৰেমে তোমাৰ হৃদয়ত চুই চাবলৈ 

উপভোগ কৰিবলৈ প্ৰেমালাপ তোমাৰ যৌৱনত। 

খুলি ক’ব খুজিছিল

প্ৰেমৰ গোপন কথাবোৰ

মোৰ হৃদয়ৰ অভিপ্ৰেত অভিসন্ধি

কিন্তু তুমি নুশুনি নিদিলা কোনো সহাঁৰি

কি যে অদ্ভুত হৃদয় তোমাৰ...!!


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages