অতীত অৱনৰি
কৃষ্ণকান্ত চাংমাই
প্ৰাণ পাই নুঠে আজি
মিছিং কনেঙৰ ঐনিতমৰ সুৰত, অৱনৰিৰ পাৰ।
প্ৰাণ পাই নুঠে আজি
ক-কনেঙৰ জোনাক নিশাৰ পোহৰ,
নৈ পাৰৰ জীয়া প্ৰেমৰ প্ৰতিচ্ছবি।
অতীত হৈ গ’ল আজি অৱনৰিৰ পাৰ
জংকি-পানৈৰ নি-স্বাৰ্থ প্ৰেম কাহিনী।।
আজি দেখোন দেখা নাই তোমাৰ কোলাত
সেই অতীতৰ বোৱতী সুঁতি,
দেখা পাওঁ আজি তোমাৰ মৃত্যুৰ কিৰিলি।
বটিয়াই গৈ আছা পশ্চিম দিশলৈ
নাম দিছে তোমাক ছিগা অৱনৰি।।
মনত পৰে আজিও, তোমাৰ জিঁৰ জিঁৰ ধ্বনিৰে
প্ৰেমৰ সুবাস বিলোৱা সেই নিশাটি।
প্ৰেমিক যোগলৰ বান্ধোনত তুমিও
বান্ধ খাই পৰিছিলা।
একান্তমনে তুমি শুনিছিলা
মধুৰ প্ৰেমৰ মধুৰ বাণী।।
সিহঁত কান্দিছিল, তুমিও কান্দিছিলা
সিহঁত হাঁহিছিল, তুমিও কুল কুল ধ্বনিৰে
সম্ভাষণ জনাইছিলা।।
নিৰৱ দৰ্শকৰ আসনত দিছিলা আশীৰ্বাদ
চিৰযুগমীয়া হওঁক প্ৰেমিক যোগলৰ
প্ৰেমৰ বান্ধোন।।
কিন্তু! কিন্তু সেই প্ৰেমিক যোগলৰ বান্ধোন আজি নাই ।
নাই বাবেই তুমি আজি অকলশৰীয়া।।
আজিও ভাঁহি আহে মনত কনেঙে তোমাৰ কোলাত বহি, চকুলো টুকি, বিচ্ছেদ প্ৰেমৰ
সেই কৰুন বিষাদ ভৰা মালিতা,
হে অৱনৰি, তেওঁ যদি নাই আজি মইও নাই
মইও যদি নাই তুমিও নাই, নিয়তিৰ বুকুত।।
[অৱনৰি=সোৱঁনশিৰি নৈ]
[ক-কনেঙ=ডেকা-গাভৰু]
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment