মোৰ সুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

মোৰ সুখ

 


মোৰ সুখ


                  ৰীতে ৰিদম

 


নেদেখা বুৰঞ্জীৰ সিপাৰৰ পৰা

বৈ আহিছে এখন নদী

সেউজীয়া উৰুৰ দুই নিতম্ব ফালি

বিল্লেদ

মিংমাং ৰূপহী


ৰ’দে পোৰা দুপৰীয়াত

এজাক গৰখীয়াৰ বাঁহী

সুহুৰি আৰু হাঁহি

পাহাৰৰ সেউজীয়াত দোলি ডুবি

মোৰ সুখ

জীৱন

যৌৱন

ৰূপহী বিল্লেদৰ এচলু জিৰ জিৰ পানী


বিল্লেদ

মিংমাং ৰূপহী

সদ্যস্নাতা ছোৱালীবোৰ মোৰেই উৰ্বশী

যেন ফুলি থকা গোলাপৰ কোমল পাহি

যাৰ দুগালত জিলিকে দগমগ বেলি।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages