উন্মনা ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

উন্মনা ফাগুন

 

উন্মনা ফাগুন


                           ড° ইকবাল হোচেইন খান


প্ৰেমৰ ভূমিকম্প আহে 

ফাগুনী ফাগুনী বতাহ বলে 

ভাবিত হয় মন।


সপোন সপোন সময়

বিচলিত হয় যৌৱন

কবিত্বময় হৈ উঠে জগত 

মিঠা মিঠা শিহৰণ 

প্ৰেমৰ ৰহন।


কবিকুলৰ ভাৱনাত ফাগুন হয় গাভৰু

শিমলু-পলাশ হয় ৰঙচুৱা 

প্ৰেম হয় উন্মনা 

ভাবিত হয় মন 

প্ৰেমৰ ঠিকনা বিচাৰি আখৰা চলে হিয়া দিয়া নিয়াৰ 

ফাগুনী ফাগুনী ভাৱনা

কুলি চৰাইৰ মাতত আহে ব’হাগৰ বতৰা

প্ৰতিশ্ৰুতিৰ কথা  

যুগ্ম জীৱনৰ প্ৰভাত 

ফাগুন মানেই যেন প্ৰেম প্ৰেম ভাৱনা

প্ৰতিশ্ৰুতিৰ আগলি বতৰা।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages