তিৱা জাতীয় সংগীত
জনাৰ্দন পাটৰ মচৰং
“অ’ আঙে তিৱা তচীমা” হৈছে অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ জাতীয় সংগীত। তিৱা ফা (পিতা) ইন্দ্রচিং দেউৰীয়ে এই জাতীয় সংগীতটি ৰচনা কৰি এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তিৱাসকলৰ প্ৰথমটো জাতীয় সংগঠন লালুং দৰবাৰৰ প্ৰতিষ্ঠাতা ইন্দ্ৰচিং দেউৰীয়ে ১৯৭০ চনৰ ১৫ জুলাইত তিৱা জাতিৰ সমস্যা আৰু সেইসমূহৰ সমাধানৰ দাবীত অসমৰ তদানীন্তন ৰাজ্যপালৰ ওচৰত প্ৰদান কৰা স্মাৰক পত্ৰত পোন প্ৰথমবাৰৰ বাবে সংগীতটি লিপিবদ্ধ কৰি প্ৰদান কৰিছিল। গীতটি লিখাৰ সময়ত তেখেতৰ নাম ইদং আমচি (ছদ্ম নাম) বুলি উল্লেখ কৰিছিল। দেউৰীয়ে সংগীতটিৰ যোগেদি হৃদয়ত অন্তনীৰ্হিত হৈ থকা জাতীয় চেতনাবোধক তুলি ধৰিছে। গীতটিৰ জৰিয়তে তেঁও তিৱা লোকসকলৰ ভূমি, ভাষা-সংস্কৃতিক উপস্থাপন কৰিছে। গীতটি স্বকীয় বৈশিষ্ট্যতা, গভীৰ জাতীয় প্ৰেম আৰু সৰ্বজনৰ মনোগ্ৰাহী হব পৰা গুসম্পন্ন এটি সংগীত।
৭০ দশকৰ ৰচীত তিৱা জাতীয় সংগীতটি পৰৱৰ্তী সময়ত বিভিন্ন তিৱা জাতীয় অনুষ্ঠানত পৰিৱেশিত হৈ আহিছিল। ৯০ দশকৰ চনৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ সহিতে তিৱা জাতীয় সংগঠনসমূহৰ স্বায়ত্ব শাসনৰ ভৰপূৰ আন্দোলনৰ সময়ত জাতীয় সংগীতটি বাণীবদ্ধ কৰাৰ চিন্তা জাগ্ৰত হোৱাত নেতৃবৰ্গৰ প্ৰচেষ্টাত ১৯৯৫ চনত পোন প্ৰথমবাৰৰ বাবে শ্ৰব্য কেছেট ৰূপে বাণীবদ্ধ কৰা হয়। ‘ তিৱা তচিমা’ নামৰ শ্ৰব্য কেছেটৰূপে বাণীবদ্ধ কৰা গীতটিত কণ্ঠদান কৰিছিল এগৰাকী কবি, সাংস্কৃতিক কৰ্মী বাদল মুনিয়ে। ৰাইজৰ মাজত বিপুল সহাৰি লাভ কৰা গীতটিত কিন্তু ‘অ আঙে’ ৰ পৰিৱৰ্তে “ অ চ্যিঙে তিৱা তচিমা” হিচাপেহে পৰিৱেশিত হোৱাত দুই ধৰণৰ গায়ন শৈলীৰে সংগীতটো প্ৰচলন হব ধৰিলে।
পৰৱৰ্তী সময়ত একাংশ সচেতন মহলৰ দ্বাৰা জাতীয় সংগীতৰ বৈশিষ্ট্য ৰক্ষা কৰাৰ দিশটোৰ প্ৰতি লক্ষ্য কৰি সংগীতটোৰ দুয়োটা ৰূপৰ পৰা সকলোৰে গ্ৰহণযোগ্য হব পৰাকৈ প্ৰকৃততে নিৰ্দিষ্ট এটি জাতীয় সংগীত কৰা বিষয়টোৱে গুৰুত্ব লাভ কৰে। তদুপলক্ষে ২০১৫ চনত জগীৰোডত অনুষ্ঠিত তিৱা প্ৰশিক্ষক প্ৰস্তুত কৰ্মশালাত গীতটি চৰ্চা কৰা হয়। গীতটিৰ ৰচক- সুৰকাৰ ইন্দ্ৰচিং দেউৰীৰ সান্নিধ্য লাভ কৰা ৰূপচিং দেউৰীয়ে উক্ত কৰ্মশালাত গীতটিৰ চৰ্চাত সহায় কৰে। উক্ত কৰ্মশালাৰ চৰ্চাৰ ওপৰত ভিত্তি কৰি তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিৰ দ্বাৰা সংগীতটিৰ স্বৰলিপি কৰা হয়। গীতটি ৰাইজৰ মাজত প্ৰচাৰৰ উদ্দেশ্যেৰে ২০১৬ চনত নগাঁও জিলাৰ বৰছিলাত অনুষ্ঠিত তিৱা মাথনলাই তখ্ৰাৰ দশম সাধাৰণ অধিবেশনৰ মুখপত্ৰ ‘ থুৰাং’ ত প্ৰকাশ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত ২০১৮ চনৰ ১১ নবেম্বৰত মৰিগাঁও জিলাৰ নেলী বৰপায়ক বিদ্যালয়ত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। উক্ত আলোচনা চক্ৰত জনগোষ্ঠীটোৰ বৌদ্ধিক মহল, জাতীয় সংগঠনসমূহৰ নেতৃবৰ্গ আৰু তিৱা সংস্কৃতিৰ লগত জড়ীত ব্যক্তিসকলৰ উপস্থিতিত গীতটি সঠিক ৰূপত পৰ্যালোচনা আৰু পৰিৱেশন কৰাৰ অন্তত সৰ্বসন্মতি মৰ্মে স্থায়ী ৰূপ দিবলৈ সক্ষম হয়। উক্ত আলোচনা চক্ৰখনিত গীতটিৰ ৰচনাকালৰ সুৰ গয়নশৈলীৰ সম্পৰ্কে অভিজ্ঞ লালচিং মাদাৰ, প্ৰিলু আমচি, ডি. উফিং মাচলাই, ৰিমল আমচিকে প্ৰমুখ্যে কৰি অন্যসকলে পৰ্যালোচনা আগবঢ়ায়।
পৰৱৰ্তী ২০২০ চনত তিৱা স্বায়ত্ব পৰিষদৰ অৰ্থ সাহাৰ্য্যৰে গীতটো বাণীবদ্ধ কৰা হয়। তিৱা সাংস্কৃতিক সমাজ আৰু তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত নগাঁওৰ ‘পিটছ এণ্ড হাৰমনি ষ্টুডিঅ’ ত বাণীবদ্ধ কৰি ২০২০ চনৰ ২০ অক্টোবৰত ঐতিহাসিক জোঙাল বলহু গড়ত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়। জাতীয় সংগীতটিত কন্ঠদান কৰা শিল্পী সকল ক্ৰমে ড০ বিদ্যুৎ বিকাশ সেনাপতি, গীতা দাৰফাং, ৰাজেন গাঁওখোৱা, অনিতা কোঁৱৰ, বকিন্দ্ৰ মচৰং, যমুনা কোঁৱৰ, প্ৰহ্লাদ প্ৰতিম বৰদলৈ আৰু অসীমা আমফি। ইয়াৰ পাচৰেপৰা সম্প্ৰতি তিৱা জাতীয় সংগীতটি শুদ্ধ ৰূপত আনুষ্ঠানিকভাৱে বিভিন্ন তিৱা জাতীয় উৎসৱ অনুষ্ঠান, সভা-সমিতিত শ্ৰদ্ধা সহকাৰে পৰিৱেশন কৰি আহিছে। বিভিন্ন অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে তিৱা জাতীয় সংগীতটি বজোৱা হয়।
১৯৭০ চনত ইন্দ্ৰচিং দেউৰীয়ে স্মাৰক পত্রত লিপিবদ্ধ কৰা সংগীতটি আছিল এনেধৰণৰ-
“ অ’ আঙে তিৱা দছীমা।
অ’ আঙে তিৱা দছীমা।
সাতথা ল’ৰনে মাঠি
সাতটা দলৈনে ঝং
অ’ আঙে তিৱা দছীমা।
চতঙা ৰাজানে চা
হাজনে হালেমে তিৱা
ফিৰি ফিৰিণে দুপলি
ফিৰি ফিৰিণে খাপলি
অ’ আঙে তিৱা দছীমা।
আমখা আমলেৰা চাজিং তিৱা
না আই বচমতা
অ’ আঙে তিৱা দছীমা।
বিৰুক দাৰুক গ্ৰমে জমে
মাখা থুমকা নিনা নিথাৱা
অ’ আঙে তিৱা দছীমা।
জলমে খলমে ঠাই
ছনা লেখা হা
অ’ আঙে তিৱা দছীমা।
দৰমে খৰমে ঠাই
ৰূফা লেখা হা
অ’ আঙে তিৱা দছীমা।
২০১৮ চনত আলোচনা চক্ৰৰ জৰিয়তে গৃহীত জাতীয় সংগীতটিৰ বৰ্তমানৰ ৰূপটো-
“ অ’ আঙে তিৱা তচীমা।
চাতথা লৰনে মাথি
চাতথা দলৈনে ছং
চদঙা ৰাজানে চা
হাজনে হালামে তিৱা
ফিৰি ফিৰিনে তুবলি
ফিৰি ফিৰিনে খাবলি
আমখা অমলেৰা চ্যাচি চ্যিং তিৱা
না আঁই পচমদা
পিৰুক দাৰুক ক্ৰমে চ্যমে
মাখা থুমগা নিনা নিথাৱা।
চ্যলমে খলমে ঠাই
চনা লেখা হা
দৰমে খৰমে ঠাই
ৰূফা লেখা হা
অ’ আঙে তিৱা তচীমা। ”
অসমীয়া ভাবাৰ্থ: “ অ মোৰ তিৱা বা লালুং জাতীয় অঞ্চল! সাতোজন শাসক বিষয়া, ল’ৰ, দলৈৰ ভূমি অঞ্চল। আমি চতঙা ৰজাৰে সন্তান, পাহাৰ ভৈয়ামৰ লালুং। যুগ যুগান্তৰ বসতিভূমি তুমি মোৰ লালুং সন্তান আমি আমখা, আমলেৰা বিভিন্ন খেলৰ লোক। বসুমতি তুমিয়েই আই মোৰ। বিৰিষ বনেৰে পূৰ্ণ বন - উপবন, পাহাৰ টিলাৰে দেখিবলৈ শুৱনি, সোণ - ৰূপৰ লেখীয়া মাটি মোৰ জন্ম কৰ্ম থলী, অ’ মোৰ তিৱা জাতিৰ অঞ্চল।” (উল্লেখিত স্মাৰক পত্ৰৰ শেষ পৃষ্ঠাৰ পৰা উদ্বৃত।)
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment