আলি আঃয়ে লৃগাং আৰু কিছু মুকলি চিন্তা
পৱিত্ৰ কুমাৰ পাংগিং
মিচিংসকলৰ প্ৰধান কৃষিভিত্তিক জাতীয় উৎসৱ হৈছে- আলি আ:য়ে লৃগাং। প্ৰতি বছৰে ফাগুন মাহত সামৰ্থ্য অনুযায়ী বেলেগ বেলেগ দিনত মিচিংসকলে আলি আ:য়ে লৃগাং পালিত হোৱা দেখা গৈছিল যদিও পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৫৫ চনৰ ৩০ অক্টোবৰত গেজেৰা গাঁৱত অনুষ্ঠিত হোৱা মিচিং বা:নৗ কৗবাঙৰ সিদ্ধান্ত মৰ্মে ১৯৫৬ চনৰ পৰা প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আ:য়ে লৃগাং উলহ মালহেৰে পাতিবলৈ ল'লে। মিচিংসকল প্ৰকৃততে কৃষিজীৱী লোক। তেওঁলোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে। সেই কাৰণে শস্য, ফলমূল, খেতি পথাৰবোৰ জাতিষ্কাৰ হৈ নদন-বদন হোৱাৰ কামনাৰে পূৰ্বপুৰুষসকলৰ আশিস বিচাৰি সম্পূৰ্ণ ধৰ্মীয়, লোকবিশ্বাস, পৰম্পৰা, ৰীতি-নীতিৰে আলি আ:য়ে লৃগাং পালন কৰা হয়। আলি আ:য়ে লৃগাঙৰ গূঢ়াৰ্থ হৈছে- 'আলি' মানে হৈছে- আলু-কচুজাতীয় মাটিৰ তলত হোৱা সঁচ বা কঠীয়া। আকৌ কোনো কোনোৱে 'আলি' 'আমলি' (ধানৰ কঠীয়া)ৰ অপভ্ৰংশ বুলিও ক'ব খোজে। 'আ:য়ে' মানে হৈছে- গুটি। মাটিৰ ওপৰৰ গছত গুটি আৰু 'লৃগাং' মানে হৈছে- কঠীয়া বা শস্য সিঁচাৰ প্ৰথম দিন। অৰ্থাৎ সেই শস্য সিঁচাৰ প্ৰথম দিনটোৱে হৈছে ‘লৃগাং’ বা 'লৃগ্গদ' কাৰ্যৰ শুভাৰম্ভ।
সি যি নহওক, লৃগাং বা লৃগ্গদ (আৰম্ভ) পৰ্ব হোৱাৰ সেই নিশাৰ পৰাই পূৰ্ণ উদ্যমেৰে গাঁৱৰ সকলো ডেকা-গাভৰুৱে 'গুমৰাগ' চঃমান (নৃত্য) কৰিবলৈ আৰম্ভ কৰে। লৃগাঙত পাঁচদিন গেনা কৰা হয়। সেই পাঁচদিন গেনাৰ ভিতৰত গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ গৃহস্থৰ চোতালে চোতালে ধুম-ধামেৰে গুমৰাগ চ:মান কৰি শেষ কৰাৰ সংকল্পবদ্ধ হয়। এই গেনাকেইদিনৰ ভিতৰত মাটি খন্দা, কণী, মাংস পুৰি খোৱা আদি কৰা কাৰ্যৰ পৰা বিৰত থাকে। কিয়নো এইবোৰ কৰিলে গুটি অংকুৰিত ন'হয়, ধৰিত্ৰীদেৱী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰে আৰু বিশ্বাস অনুসৰি গুমৰাগ নৃত্য নকৰিলে ধানৰ গজালি ঠন ধৰি নুঠে, থোক লেৰেলী যায় বা পোক-পতংগই ক্ষতিসাধন কৰে। গৃহস্থই মিনম বা অতিথি আৰু গাঁৱৰ ৰাইজক আপ্যায়ন কৰিব পৰাকৈ পঃৰ আপং (ছাই মদ), নগিন আপং (বগা মদ), পুৰাং আপিন (তৰাপাতত সিজোৱা বৰা চাউলৰ এক বিশেষ ভাত)ৰ লগতে শুকান মাছৰ চাটনি (নামছিং) মাছৰ আঞ্জা, আদাৰ পিটিকা, দৃনচান (শুকান মাংস), ঙচান (শুকান মাছ)ৰ তৰকাৰি, কাঠ আলু, অৃগৃন, কচু আদি নানান ব্যঞ্জনেৰে সকলোকে সোৱাদ দিবলৈ প্ৰয়াস কৰে। আৰু লৃগাঙৰ শেষৰ দিনটোৱে হৈছে লিঃলেন। এই লিঃলেন বা চাগলেন পৰ্ব সাধাৰণ মাংগলিক সকামৰ জৰিয়তে সম্পন্ন কৰা হয়। যাতে লিঃলেন দিনাৰ পৰাই স্বাভাৱিক জীৱনৰ কাম-কাজ পুনৰ আৰম্ভ কৰিব পাৰে।
আলি আ:য়ে লৃগাং নামটোৱে মিচিংসকলৰ মন প্ৰাণ টানি ধৰে। যেনেকৈ বৰ্ষা ঋতুৰ আগমনে ৰুগ্ন হৈ থকা প্ৰকৃতিক যৌৱনাদ্দীপ্ত কৰি তোলে, ঠিক তেনেকৈ আলি আ:য়ে লৃগাং অহাৰ বতৰাই মিচিংসকলৰ গাঁৱে-ভূৱে, চহৰে-নগৰে উখল-মাখল উৎসৱমুখৰ পৰিৱেশে বিৰাজমান হোৱা দেখা যায়। মিচিংসকলৰ ডেকা-ডেকেৰীৰ পৰা আৰম্ভ কৰি বুঢ়া-বুঢ়ীলৈকে আলি আ:য়ে লৃগাং উপলক্ষে মতলীয়া হৈ পৰে। অৱশ্যে সময়ৰ খোজত খোজ মিলাই যোৱাৰ প্ৰচেষ্টাতেই হওক অথবা পাশ্চাত্যৰ কৃষ্টি-সংস্কৃতিৰ অনুকৰণেই হওক, তাহানিৰ মিচিংসকলৰ আলি আঃয়ে লৃগাং আৰু বৰ্তমানৰ আলি আঃয়ে লৃগাং কিছু পৰিমানে হ'লেও পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। তাহানিতে গৃহস্থৰ চোতালে চোতালে বা মুৰং অকুম (বিশেষ এখন চাং ঘৰ)ৰ প্ৰাংঙ্গনত উলহ-মালহেৰে সকলো বয়সৰ লোকৰ মন-প্ৰাণ ৰজনজনোৱা আলি আঃয়ে লৃগাঙে আজি কমিটিৰ উদ্যোগত বা ৰাজনীতিৰ বেনাৰট অথবা কোনোবা নেতা পালি নেতাৰ নেতৃত্বত আঞ্চলিক ভিত্তিত মঞ্চ বা ষ্টেজত থিতাপি লোৱা দেখা গৈছে। কিছু কিছু ঠাইত প্ৰতিযোগীতামুখী কৰাও দৃশ্যমান হৈছে। আৰু কিছুমান অঞ্চলত কমিটীৰ সিদ্ধান্ত মৰ্মে দিন তাৰিখ পৰ্য্যন্ত সাল-সলনি কৰি আলি আঃয়ে লৃগাং উদযাপন কৰা দেখা গৈছে। ইয়াৰ উপৰিও কিছুমান ঠাইত তিনিআলি, চাৰিআলিত কেইজনমান ডেকা ল'ৰাই গোট কাই ৰাস্তাত 'আলি আঃয়ে লৃগাং' উদযাপন কৰাৰ নামত বাটৰুৱাৰ পৰা টকা সংগ্ৰহ কৰা দেখা যায়। এনেবোৰ পৰিস্থিতিত মিচিংসকলৰ প্ৰধান কৃষিভিত্তিক জাতীয় উৎসৱ 'আলি আঃয়ে লৃগাং' তাহানিতে পালিত আলি আঃয়ে লৃগাং হৈ থকা নাই যেন অনুভৱ কৰোঁ। আকৌ বিভিন্ন ঠাইত নিজা নিজা কমিটিৰ উদ্যোগত পৰিচালনা কৰি আলি আঃয়ে লৃগাঙৰ যি ধৰ্মীয় লোকবিশ্বাস, পৰম্পৰা, ৰীতি-নীতি আদিৰ পৰা যেন আজি বহু নিলগত। এনে ধৰ্মীয় লোকবিশ্বাস, পৰম্পৰা, ৰীতি-নীতিৰ আধাৰত প্ৰাণ পোৱা উৎসৱটিক কমিটি অথবা কোনোবা ৰাজনীতি দলৰ উদ্যোগত পৰিচালনা কৰাটো কিমান গ্ৰহণযোগ্য? এইয়া সাধাৰণ চঁহা গ্ৰাম্য সমাজৰ মাজত বিশৃঙ্খল সৃষ্টি কৰাই ন'হয়, উৎসৱটিক পালন কৰাৰ ক্ষেত্ৰত আউল লগোৱাটো স্বাভাৱিক। এইক্ষেত্ৰত কৃষিভিত্তিক জাতীয় উৎসৱটি যাতে আধুনিকতাৰ প্ৰলেপেৰে ভৰপূৰ হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিক পথত আগুৱাই লৈ যোৱাটো মিচিং সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তি তথা দল সংগঠনৰ দায়িত্ব আৰু কৰ্তব্য।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment