বাঁহৰ কাগজত মোৰ কবিতা
অৱনী মিলি
জীৱনৰ কঠিন দিনবোৰ
পাৰ হৈ গ’ল,
এতিয়া মোৰ কবিতাবোৰে
অন্তিম সময়ৰ
লগৰীয়া হ’ল।
মায়া-মোহত বন্দী হৈ
বহুতো খেলিছোঁ
না-না মায়াৰ খেলা,
সময় আহিলেই অকলে
উভতি যাবগৈ লাগিব
এই সকলো এৰি থৈ
সামৰি দুনিয়াৰ মেলা।
যদিও গৈ আছোঁ আগুৱাই
জীৱনৰ বাটেদি।
কোনোবা এদিন শেষ হ’ব
কালৰ গৰ্ভত মোৰ এই
যাযাবৰ যাত্ৰাৰ পথ।
হয়তো বহুতে নাজানিব মই এই পৃথিৱীত আছিলোনে নাই।
আজিলৈ জনাবোৰেও
পাহৰিব মোক,
কামত ব্যস্ত সকলো মানুহ কোনোৱে নোৱাৰে থাকিব কৰি
মোৰ বাবে দুখ।
বিদায়ৰ ক্ষণত
ছিগি যাব
এটি এটিকৈ গাঠি ৰখা মোৰ মৰমৰ মালা ডাল।
বাঁহৰ খালি কাগজত
লেখি থৈ যাওঁ
মোৰ মনৰ কবিতা।
উভতি যাবগৈ লাগিব
কোনোবা এদিন
অকলে অকলে
অহাৰ পুৰণি পথেদি
বিষাদ ভৰা
মন এটি লৈ,
ইয়াতে থৈ যাম
মই গোৱা গীতবোৰ
বাজি থাকক মোৰ
জীৱনৰ সোঁৱৰণি হৈ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment