কথাবোৰ একে আছে
উজ্জ্বল স্মৰণ দত্ত
ক্ৰমশ বিলীণ হৈছে লেখ
বলি থকা বতাহজাকত
জুৰ পেলাইছে ঈশ্বৰী প্ৰাণ।
মাৰলি চাই চালি
মাহেৰেই ৰাজী।
জোকাই কোনে কেঁচা বৰলক
খোচে প্ৰতি বিন্ধে
গুৰি পৰুৱাৰ খোজতে মৰণ।
পাকত পাক খাই
গাঁঠি লাগে কথাবোৰ।
চন পৰে খেতি খোলাৰ মাটি
সোধে কোনে মুলুকৰ খবৰ।
দলনিৰ চপৰা হৈ ঘূৰোঁ
তাপৰ তাপ নাই
জড়ৰ জৰ খৰি।
কাঠপুতলাৰ দেশখন
ভৱ সিন্ধু তৰি
ঐশ্বৰিক হৈ পৰে
বহুৰঙী নিচান উৰে।
কাজলতাৰ ভৰাহাঁহিত
চহৰখনে প্ৰাণ পাই উঠে।
কথাবোৰ নাবাঢ়ে
একে থাকে।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment