শিশুৰ শিক্ষা গ্রহণত এগৰাকী মাতৃৰ ভূমিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

শিশুৰ শিক্ষা গ্রহণত এগৰাকী মাতৃৰ ভূমিকা

 


শিশুৰ শিক্ষা গ্রহণত এগৰাকী মাতৃৰ ভূমিকা


ৰশ্মি দলে

ধেমাজি


    শিক্ষা হৈছে মানৱ জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহক জ্ঞানৰ পোহৰ বিলাই প্ৰগতিৰ পথ দেখুৱায়। প্ৰতিজন ব্যক্তি তথা প্ৰতি খন দেশ আগুৱাই যোৱাৰ ক্ষেত্ৰত শিক্ষা ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শিক্ষাই মানৱ সভ্যতাৰ বোৱতী সুঁতি বুলি কব পাৰি। শিক্ষাই এখন সমাজক সভ্যতাৰ পোহৰ বিলাই মানুহ হিচাপে স্বীকৃতি প্ৰদান কৰে।  আমাৰ দেশৰ ধৰণী স্বৰূপ কণ কণ শিশুসকলৰ এই শিক্ষা ৰ মূল ভেটি গ্ৰহণ  ৰ ক্ষেত্ৰত এগৰাকী মাতৃৰ ভূমিকা  তথা অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ।এখন সমাজৰ ভৱিষ্যত হ'ল আমাৰ কণ কণ শিশুসকল। শিশু সকলেই হৈছে দেশৰ ভৱিষ্যত ৰ নাগৰিক। এটি শিশুৰ জীৱনত গৰ্ভাৱস্থা ৰ পৰা শেষ মূহুৰ্তলৈকে আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা আৰু আটাইতকৈ বেছি সময় অতিবাহিত কৰা ব্যক্তিগৰাকীয়ে ই  হৈছে মাতৃ। গতিকে আজি আমি এগৰাকী মাতৃয়ে সন্তানৰ জীৱন গঢ়োতা খনিকৰ হিচাপে লবলগীয়া ভূমিকা সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছো।  এটি শিশুৰ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱা খুব গুৰুত্বপূৰ্ণ। শিশুৰ সামগ্ৰীক বৃদ্ধি আৰু বিকাশৰ কাৰণে এক উপযুক্ত পৰিৱেশৰ প্ৰয়োজন।

    ঘৰখনেই হৈছে এটি শিশুৰ জীৱনৰ চৰিত্ৰ গঠনৰ প্ৰথম অনানুষ্ঠানিক শিক্ষানুষ্ঠান। এই ঘৰখনৰ এটি শিশুৰ প্ৰধান আৰু প্ৰথম শিক্ষয়িত্ৰী হৈছে মাতৃ। এটি শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত মাতৃৰ  দায়িত্ব, কৰ্তব্য আৰু ভূমিকা অতুলনীয়। জন্মগত ভাৱে কোনো শিশুৱে নিজৰ চৰিত্ৰ গঢ় লৈ নাহে। পিতৃ-মাতৃ, পৰিয়াল আৰু চাৰিওফালৰ পৰিৱেশৰ সংস্পৰ্শত এটি শিশুৰ সৰ্বাংগীন বিকাশ সাধন ঘটে।  কুমাৰ সকলে কোমল আলটীয়া মাটি পিটি পিটি চাকত ঘূৰাই পুৰি যিদৰে নানা মাটিৰ শিল্প গঢ়ি তোলে ঠিক সেইদৰে এটি শিশুৰ জন্মগত সুপ্ত গুণৰাজি সমূহ বিকাশৰ ক্ষেত্ৰত মাতৃ গৰাকীৰ এক সুস্থিৰ, শুদ্ধ আৰু সু- নিৰ্দেশনা ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিয়নো এটি শিশুৰ জীৱনত মাতৃ গৰাকীয়ে এনে এজন ব্যক্তি যিজনে শিশুৰ অন্তৰৰ প্ৰতিটো স্পন্দন অনুভৱ কৰিব পাৰে।  যিহেতু প্ৰত্যেক শিশুৱে অনুকৰণৰ জৰিয়তে প্ৰথমে জ্ঞান আহৰণ কৰে গতিকে ঘৰখনৰ মাতৃ গৰাকীৰ লগতে পিতৃ তথা আন সদস্য সকলৰ মাৰ্জিত আচাৰ-ব্যৱহাৰে শিশুৰ সুস্থ মানসিক তথা বৌদ্ধিক বিকাশত অৰিহণা যোগায়। প্ৰতিজন অভিভাৱকে নিজৰ শিশুটিক সুস্থ - সৱল , চৰিত্ৰৱান, আদৰ্শনিষ্ঠ, নৈতিকতা পূৰ্ণ ব্যক্তি ৰূপে গঢ়ি তোলাৰ কামনা কৰে। গতিকে সাম্প্ৰতিক পৰিবৰ্তনশীল সমাজ ব্যৱস্থাত শিশু এটিক জীৱনৰ মূল লক্ষ্যত উপনীত হ’বলৈ বা সঠিক দিশে আগবঢ়াই নিবলৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলগীয়া চৰিত্ৰ গৰাকীয়ে হ'ল মাতৃ। সেয়েহে মাতৃ গৰাকীয়ে হ'ব লাগিব সম্পূৰ্ণ দায়িত্বশীল, কৰ্তব্যশীল আৰু সদা - সচেতন ব্যক্তি। ঘৰখনত সদায় এক অনুকূল পৰিৱেশ সৃষ্টি কৰি ৰাখিব লাগিব। সজ চিন্তা, সজ আচৰণ, সজ গুণ, সজ অভ্যাস আদিবোৰ ঘৰখনতে গঢ়ি তুলিব লাগিব।

     সকলো শিশুৰ আচৰণ তথা গুণগত মানদণ্ড সমান নহয়। কাৰোবাৰ যদি স্মৃতি শক্তি কম , কাৰোবাৰ বেছি, কোনোবা শান্ত প্ৰকৃতিৰ, কোনোবা খিংখিঙীয়া, কোনোবা সহজে অনুকৰণ কৰিব পাৰে, কোনোবা নোৱাৰে। আনহাতে কোনোবা অংকত চোকা , কোনোবা বৰ কেচা কিন্তু সি খুব সুন্দৰ গীত গাব পাৰে।কোনোবা খুব ভাল  নৃত্য কৰে,আন  কোনোবা খুব ভাল ছবি আঁকে, কোনোবা খুব ভাল খেলে তেন্তে আন কোনোবা ৰোমালত খুব ধুনীয়া ফুল বাচে। মুঠতে প্ৰত্যেক জন শিশু একো একোটা  একক প্ৰতিভাৰে পৰিপূৰ্ণ।কেৱল সময়ৰ লগে লগে প্ৰত্যেক শিশুৰ নিজৰ নিজৰ যোগ্যতা অনুসৰি বিকাশ সাধন ঘটে। গতিকে এগৰাকী মাতৃয়ে নিজৰ সন্তানক ভালদৰে নিৰীক্ষণ কৰি সিহঁতৰ সুস্থ বিকাশত সহযোগিতা তথা অৰিহণা যোগায় সিহঁতক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাই হৈছে এগৰাকী মাতৃৰ জীৱনৰ আটাইতকৈ গুৰু দায়িত্ব আৰু কৰ্তব্য।

  সামূহিকভাৱে সকলো মাতৃয়ে নিজৰ সন্তানৰ ক্ষেত্ৰত লবলগীয়া যত্ন সমূহৰ কেইটিমান দিশ হৈছে - 

   ১) সাধাৰণতে প্ৰত্যেক শিশুৱে শিশু সুলভ চঞ্চলতাৰে কিছুমান দুষ্টামি কৰে। তেনে ক্ষেত্ৰত কেৱল খং বা মাৰপিট নকৰি সেই কামটোৰ পৰা তাৰ কি ক্ষতি হ'ব পাৰে বা সি কি দুখ পাব সেয়া হে বুজাবলৈ যত্ন কৰিব লাগে।সকলো সময়তে খং বা মাৰপিট কৰিলে শিশুৰ জেদ ভাব বাঢ়ি যায় আৰু লাহে লাহে খঙীয়াল হৈ পৰে।

   ২) সন্তানক  কেতিয়াও আন শিশুৰ লগত তুলনা কৰিব নালাগে । আলহী বা পৰিয়ালৰ আন সদস্যসকলৰ আগত বেয়াকৈ কব বা গালি দিব নালাগে। এনে কাৰ্যই শিশুৰ আত্মসন্মানত আঘাত দিয়ে আৰু সেই আঘাতে তাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এগৰাকী মাতৃয়ে এনে কথাবোৰ  নজৰ ৰাখিব লাগে।

   ৩) সন্তানক ভাল কথা বা ভাল আচৰণৰ  উপদেশ দিয়াতকৈ নিজে কৰি দেখুৱাব লাগিব। শিশুসকল হৈছে অনুকৰণ প্ৰিয়। শিশুৱে আমি যি কৰিবলৈ কওঁ সেইটো কেতিয়াও নকৰে কিন্তু আমি যি কৰোঁ সেইটো ১০০% কৰে। আমি যদি সন্তানৰ পৰা ভদ্ৰ আচৰণ, ডাঙৰক সন্মান কৰা, বা অনুশাসন মানি চলাটো বিচাৰো তেন্তে আমি ঘৰখনত থকা সদস্য সকলে প্ৰথমে ইজনে সিজনক ভদ্ৰ আচৰণ আৰু সন্মান পদৰ্শন কৰিব লাগিব। অন্যথা আমি আমাৰ সন্তান ক কেতিয়াও এইবোৰ শিক্ষা দিব নোৱাৰিম।

    ৪) সন্তানক কেতিয়াও আনৰ আগত সমালোচনা কৰিব নালাগে। আনৰ আগত কৰা সমালোচনাই শিশুটিৰ আত্মবিশ্বাস হেৰুৱাই পেলায় আৰু তাক সকলো  কামৰ প্ৰতি আগ্ৰহ নাইকীয়া কৰি  তোলে।

   ৫) সন্তানক সি কৰা সৰু সৰু ভাল কামৰ বাবে প্ৰশংসা কৰিবলৈ অভ্যাস কৰিব লাগে।এই প্ৰশংসাই তাক অনাগত দিনত  ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে সদায় শুদ্ধ পথত আগবঢ়াই নি জীৱনত এক ইতিবাচক দিশত আগবাঢ়ি যোৱাত সহায় কৰে।

   ৬) শিশুৰ প্ৰতিটো কামৰ সময়সূচী থকাৰ প্ৰয়োজনীয়তা আছে যদি ও দিনটোৰ অলপ সময় শিশুটিক সি কৰি ভালপোৱা ধৰণে কাম কৰিবলৈ দিয়া উচিত। এনে কাৰ্য‌‌‌ ই শিশুৰ মানসিক চাহিদা পূৰণ কৰাৰ লগে লগে তাক বাকীবোৰ কাম সময়সূচী মতে কৰাৰ বাবে মন প্ৰফুল্লিত কৰি তুলিব।

     ৭) অকণমান ডাঙৰ হোৱাৰ লগে লগে শিশুটিক তাৰ নিজৰ কামবোৰ নিজে কৰিবলৈ দিয়া উচিত। যেনে - খেলা সামগ্ৰীবোৰ নিজে আগৰ স্থানত থোৱা, নিজ হাতেৰে ভাত খোৱা, নিজে নিজৰ কাপোৰ পিন্ধা ইত্যাদি। এনে কাম সমূহে শিশুটিক আত্মনিৰ্ভৰ মনোভাৱৰ গঢ় দি ভৱিষ্যতে স্ব- নিৰ্ভৰশীল হ'ব পৰাকৈ সাজু কৰি তুলিব।

    ৮) মাতৃ সকলে সদায় সন্তানৰ লগত এক বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগে। ভৱিষ্যতে সন্তানটিয়ে যিকোনো ধৰণৰ বেয়া কাম বা বেয়া সংগত পৰিলেও সেই বন্ধুত্ব সুলভ সম্পৰ্কৰ এনাজৰীডালে মাকৰ ওচৰত সকলো কথা নিৰ্ভয়ে চেয়াৰ কৰাৰ এক নিৰাপত্তামূলক আৰু অনুকূল পৰিৱেশ গঢ় দিব। অন্যথা সদায় খং বা মাৰপিট কৰি থাকিলে আমাৰ সন্তান কোন ফালে গতি কৰি আছে আমি একোকে গম নাপাম।

     ৯) সন্তানৰ সৰু-বৰ সকলো চিন্তাধাৰাক সন্মান দিবলৈ যত্ন কৰিব লাগে। সন্তানে যেতিয়া ভুল কৰে তেতিয়া আমি বিচাৰোঁ সিহঁতে আমাক ক্ষমা খোজক বা ভুল স্বীকাৰ কৰক। ঠিক সেইদৰে আমি যেতিয়া ভুল কৰোঁ তেতিয়া সিহঁতৰ ওচৰত আমি ‘SORRY’ খোজাৰ সংস্কৃতি আৰম্ভ কৰা প্ৰয়োজন। কিয়নো আমি সকলোৱে জানো সদায় ভুল সন্তানৰ নহয় কেতিয়াবা ভুল আমি ও অভিভাৱক সকলে ও কৰোঁ। যিদিনাখন আমি সন্তানৰ আগত নিজে কৰা ভুলৰ বাবে তাৰ ওচৰত ক্ষমা খুজিব আৰম্ভ কৰিম সেইদিনা খনৰ পৰা আমাৰ  সন্তানে সি কৰা ভুলৰ বাবে আমি  বিচৰাতকৈ আগতে ক্ষমা খুজিব। এই কাৰ্য ই অভিভাৱক আৰু সন্তানৰ মাজত এক আজীৱনীয়া আবেগিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে ভৱিষ্যত নিজৰ ভুল স্বীকাৰ কৰাৰ এক মানসিকতা গঢ় দিব।

    ১০) শেষত বৰ্তমান প্ৰযুক্তি বিদ্যাৰ অৱদানসমূহে যিদৰে আমাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে তাৰ সমান্তৰালভাৱে যথেষ্ট নেতিবাচক প্ৰভাৱ  পেলাইছে। বৰ্তমান প্ৰায় দেখা যায় প্ৰত্যেক গৰাকী মাতৃয়ে  সন্তানটিক ভাত খোৱাবলৈ ম'বাইল টো খুলি লয়। ম’বাইলৰ অবিহনে সন্তানে ভাত নাখায়। ম'বাইল আৱিস্কাৰ নহওঁতেই শিশুৱে নিশ্চয় ভাত খাইছিল। এতিয়া কেৱল আমি মাক সকলে সৰুৰে পৰা এটা বদ অভ্যাস শিশুসকলক গঢ় দিছো। পাছত এই সন্তান যেতিয়া ডাঙৰ হৈ পঢ়া শুনা নকৰি বা খেলা-ধূলা নকৰি কেৱল ম'বাইল ত সময় অতিবাহিত কৰে তেতিয়া আমি হাবাথুৰি খায় ফুৰো বা বিপদত পৰো। তাক মাৰপিট কৰিবলৈ আৰম্ভ কৰোঁ। অথচ সেই ম'বাইল টো আপুনি মইয়ে প্ৰথম তাৰ হাতত তুলি দিছিলোঁ।

    গতিকে সৰুতে ভাত খোৱাবলৈ ম'বাইল টো নিদি তাক খেলিবলৈ শিলগুটি কেইটামান বা গছৰ পাট কেইটামান তাৰ ওচৰত আনি খেলিবলৈ দিলেও সকলো শিশুৱে নিশ্চয় ভাত খাব। কেৱল মাত্ৰ প্ৰয়োজন সঠিক অভিভাৱকত্বৰ  আৰু অকণমান সচেতনতাৰ।

   নোপোলিয়ন বোনাপাৰ্টে মাতৃসকলক উদেশ্যে কৈছিল, “তোমালোকে সু-সন্তান দিয়া, মই তোমালোকক এটা উন্নত জাতি দিম”। এগৰাকী নাৰীৰ বাবে মাতৃ হ'ব পৰাটো গৌৰৱৰ কথা কিন্তু প্ৰকৃত অৰ্থত মাতৃত্ব ৰ গৌৰৱ অৰ্জন কৰাটো সহজ কথা নহয়। এগৰাকী আদৰ্শ মাতৃ তেতিয়া কব পাৰি যেতিয়া সন্তান সৎ,  আদৰ্শৱান, সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি। সন্তানক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ ‘মাতৃত্ব’  শব্দৰ আঁৰত থকা সাৰমৰ্মৰ যি গধূৰ দায়িত্ব আৰু কৰ্তব্য সেয়া প্ৰত্যেক গৰাকী মাতৃয়ে অনুভৱ কৰিব লাগিব। এই সাৰমৰ্মৰ অনুভৱ কৰিব পাৰিলেই আমি সন্তানক ভৱিষ্যত সুযোগ্য নাগৰিক হিচাপে গঢ়ি তুলি মাতৃত্ব ৰ গৌৰৱ অৰ্জন কৰিব পাৰিম।

    

লেখকৰ ঠিকনাঃ কোলাপথাৰ পানীগাওঁ, ধেমাজি

জিলা প্রালোচক, নিপুণ অসম

সমগ্র শিক্ষা, ধেমাজি

দূৰাভাষঃ ১৯৫৪৩৩৪৪৮৩ 


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages