ধূলিয়ৰি ফাগুনৰ অনুপম অলংকাৰঃ আলি আই লৃগাং
অংকুৰণ আৰ্ফ
ফাগুন এক অনুভবী আকাশৰ নাম। ফাগুন এক উদাসীন ভাবনাৰ মাজত ৰঙীন আশাবাদৰ নাম। ফাগুন এক শুষ্কতাৰ মাজত সেউজীয়া সন্ধানৰ নাম। ফাগুন এক জীৱনৰ শৈল্পিক স্থাপত্যৰ নাম । যি স্থাপত্যৰ মাজত নিহিত আছে সৰাপাতৰ বিষাদৰ মাজত সেউজীয়াৰ সপোন ৰঁচি বসন্তমুখী বাসনাৰে জীৱন জীয়াৰ এক কলাত্মক যাত্ৰা । এই যাত্ৰাই যেন বিয়পি আছে চৌদিশে শুকান হৈ পৰা প্ৰকৃতিৰ বুকুত জিলিকি উঠা পলাশ মদাৰৰ ৰঙীন ফুলবোৰৰ মাজে মাজে। ধূলিয়ৰি আকাশত উন্মনা পছোৱাজাকৰ সৈতে ছিগা সূঁতা জোৰা দি উৰি ফুৰা ৰঙীন চিলাবোৰত,গালে- মুখে ছিটিকি পৰা ৰামধেনুৰঙীৰ ফাকুৰ ৰঙত যেন নৈৰাশ্যৰ মাজত আশাৰ সন্ধান দিয়ে এই কলাত্মক ফাগুনে। ফাগুনৰ আগমণ হোৱাৰ লগে লগে প্ৰকৃতিৰ বুকুত যেনেকৈ ৰঙৰ সমাহাৰ ঘটে,ঠিক তেনেদৰে প্ৰকৃতিপ্ৰেমী মানুহৰ তন - মনটো এক অবুজ শিহৰণ জাগৰণ ঘটায় এই ফাগুনে । কৃষিজীৱি মিচিং সকলৰ মাজতো এই ফাগুনে সিচি যায় আনন্দৰ বোল।ফাগুনৰ বুকুচাতে উঠি আহে তেওঁলোকৰ অতি হেঁপাহৰ আলি - আয়ে লৃগাং ।কৃষি সভ্যতাই মানুহৰ মাজলৈ আনিলে সুদুৰ প্ৰসাৰী পৰিৱৰ্তন আৰু সাধন কৰিলে মানৱ সভ্যতাৰ এক নৱ আলোকৰ । মানুহৰ জ্ঞান বুদ্ধিৰে পৰিচালিত হৈ কৃষি সভ্যতাই বিভিন্ন স্তৰ অতিক্ৰম কৰি নিত্য নতুন ৰূপেৰে অগ্ৰ্সৰ হৈ গৈ থাকিল। কৃষিজীৱি মিচিং জনগোষ্ঠীৰ লোকসকলেও কৃষি ক্ষেত্ৰত নিজক নিয়োজিত কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰে। তেওঁলোকৰ জীৱন পদ্ধতি কৃষিৰ লগত অতি নিবিড় সম্পৰ্ক আছে। তেওঁলোকে কৃষিভিত্তিক কেইবাটাও উৎসব উদযাপিত কৰে। তাৰ ভিতৰত অন্যতম এই আলি - আয়ে লৃগাং । লৃগাং মিচিং সকলৰ প্ৰধান জাতীয় উৎসৱ । প্ৰকৃতাৰ্থত ই কৃষি উৎসৱ আৰু আৱৰ্তৰ সৈতে চালে ইয়াক বসন্ত উৎসৱ বুলিব পাৰি । বৰ্তমান সময়ত উত্তৰ - পূব ভাৰতত বছৰটোৰ ভিতৰত উদযাপিত প্ৰথমটো বসন্তকালীন উৎসৱ হৈছে আলি-আয়ে লৃগাং । কাৰণ এই উৎসৱ শীতকাল শেষ হৈ যোৱাৰ পিছত আহি যোৱা প্ৰথমটো বসন্তকালীন মাহ ফাগুনৰ প্ৰথম সপ্তাতহে উদযাপন কৰা হয় । আনহাতে এই উৎসৱ কৃষিভিত্তিক,এই কথা ইয়াৰ নামটোৱেই স্পষ্ট কৰি দিয়ে। কাৰণ আলি - আয় লৃগাং এই শব্দ তিনিটাৰ অৰ্থ হৈছে আলি (Ali শিপা জাতীয় শব্দ (Root tuber) আয়ে (A:YE) ফল গুটি (Fruit/seed)আৰু লৃগাং (Ligang ) সিচা (To start sowing )। বৰ্তমান সময়ত আলি আই লৃগাং বুলি তেওঁলোকৰ মাজত প্ৰচলিত হৈ আছে । মিচিংসকলৰ উৎসৱ কেতিয়া উৎপত্তি হৈছিল সঠিককৈ কব নোৱাৰি যদিও কৃষি সভ্যতাৰ প্ৰাৰম্ভিক পৰ্যায়তহে এই উৎসৱ উৎপত্তি হৈছিল বুলি অনুমান কৰিব পাৰি । তেওঁলোকে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসব আনন্দৰে উদযাপন কৰে। প্ৰথমতে ফাগুন মাহৰ বেলেগ বেলেগ সময়ত অগা - পিচা কৰি এই উৎসৱ উদযাপিত কৰিছে যদিও পৰৱৰ্তী সময়ত মিচিং বানে কৌবাঙৰ সিদ্ধান্ত অনুসৰি ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে লৃগাং অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰ্হণ কৰে । ফাগুনৰ আকাশত শিমলু পলাশ আৰু মদাৰৰ বাচকবণীয়া শোভাৰে উপচি পৰা মন উন্মনা কৰা এনেহেন বতৰত আহু ধানৰ খেতিত নামিবৰ পৰত মিচিংসকলে অতি ৰঙ আনন্দৰে তেওঁলোকৰ বাপতি সাহোন অতি আদৰৰ এই উৎসৱটি পালন কৰে। লৃগাঙৰ দিনা মিচিং লোকসকলে নিজৰ পৰম্পৰাগত নিয়ম অনুসৰি এই উৎসৱ উদযাপিত কৰে । দিনৰ ভাগত পথাৰত শস্য সিচা আৰম্ভণি কাৰ্য সমাপ্ত কৰি আহি মুৰব্বী লোকজনে যথা নিয়মেৰে ঘৰৰ জুহালৰ জাকি কোণত মৃতক উপৰিপুৰুষ আৰু ঘৰৰ ডা-ডাঙৰীয়াক স্মৰণ কৰি লৃগাঙৰ বাবে প্ৰস্তুত কৰা পুৰাঙ আৰু ছাই মদৰ ভাগ আগবঢ়ায় আৰুপিছত তেওঁ নিজেও গ্ৰ্হণ কৰে । সেইদিনা সন্ধিয়া গাঁৱৰ ডেকা গাভৰু মিলি গীত নৃত্যত ভাগ লয় । গুমৰাগ নৃত্যৰ এক সুকীয়া সৌন্দৰ্য্য আছে।নৃত্য কৰা নাচনীবোৰৰ শৰীৰৰ বিভিন্ন অংগ সঞ্চালন ভংগীমা ৰঙ আনন্দৰে ভৰি থকা মুখমণ্ডলৰ অভিব্যক্তিবোৰতেই এই নৃত্যৰ মহত্ব প্ৰকাশ পায় । পথাৰত শস্যৰ কঠীয়া সিচি বা ৰোপণ কৰোতে যি ভাব ভংগীমাৰ সৃষ্টি হয় শস্যৰ সেইবোৰ গুমৰাগ নৃত্যত প্ৰতিফলিত হয়। ইয়াৰ দ্বাৰা এই বিশ্বাস প্রতীক ধমিতাৰে প্রকাশ কৰা যায় যে হালি-জালি কৰা ভংগীমাৰ দৰে শস্যবোৰো নদন-বদনকৈ লহপহীয়াকৈ বাঢ়িব। এনে ঐন্দ্রজালিক শস্য উৎপাদনৰ শেএত প্রভাৱ পেলায় বুলি জনমানসত বিশ্বাস বিদ্যমান। গুমৰাগ নৃত্য পৰিৱেশন কৰোঁতে লৃগাং গীত গোৱা হয়। এই গীতত প্রকৃতিৰ প্রধান উপাদানসমূহ প্রতীকি প্রকাশ কৰা হয়। মানুহৰ প্ৰেম বিচ্ছেদ, আশা-নিৰাশা, সুখ-দুশ, পোৱা-নোপোৱা ইত্যাদি এই গীতবোৰত প্রতিফলিত হয়। গুমৰাগ নৃত্য সম্পাদন কৰোতে লৃগাং গীতৰ উপৰিও ঐনিতম আৰু কাবান গীত পৰিৱেশন কৰে। লৃগাং প্রথম দিনাৰ পৰা পাঁচ দিনৰ পিছত নৃবৃতি অনুষ্ঠান সম্পন্ন কৰা হয়। তেওঁলোকে য়ুনান গেনা পালন কৰে। পাচঁ দিনৰ পিছত লি:লেন কৰাৰ পাছত সকলো বন্ধন খুলি যায় আৰু গাঁওখন মুকলি হৈ সাধাৰণ অৱস্থালৈ আহে। বতমান সময়ত কৃষিভিত্তিক এই বণময় উৎসৱ সংস্কৃতিৰ আটক ধুনীয়া সম্পদ এই লৃগাংৰ ঐতিহ্য আৰু গৰিমা ৰসা কৰাৰ সেএত এইখিনিতে কিছুমান প্ৰশ্ন আহি পৰে।লৃগাংৰ লগত সংগতি ৰাখি কৰি যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হয় তাত মিচিং জনগোষ্ঠীৰ বণিল সাংস্কৃতিক ফুটাই তোলাত অধিক গুৰুত্ব দিয়া হয় ভাল। সাংস্কৃতিক সন্ধিয়া নামত কিছুমান পশ্চিমীয়া সংগীতৰ পয়োভৰৰ লগতে ফেশ্বন শ'ৰ দৰে অনুষ্ঠানে সংকৃতি বিকৃত কমাতে অধিক অৰিহণা যোগায় যেন অনুভব হয়। আধুনিক সময়ৰ আহবানত নৈপৰীয়া এই সুন্দৰ সংকৃতি নগৰমুখী হলেও নিভাতে ৰূপত জীয়াই ৰাখিলে মিচিং জনগোষ্ঠীৰ লগতে অসমীয়া জাতিও সমৃদ্ধ হৈ চিৰকাললৈ বাবে লুইতপাৰত জিলিকি থাকিব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment