জীৱন বৰ অনুপম
লখিমী শৰ্মা
আমাৰ জীৱনটো খন্তেকীয়া, কাৰ কেতিয়া কি হৈ যায় সেইয়া কোনেও নাজানে। সেয়েহে আমি জীৱনৰ প্ৰতিটো মুহুূৰ্ত হাঁহি-ধেমালি, আনন্দৰে কটাব লাগে। জীৱনত থকা সুখ, দুখ, হাঁহি কান্দোনৰ সমষ্টিয়েই হ’ল জীৱন জীয়াই থকাৰ প্ৰেৰণা। মানুহৰ জীৱনটোত যিদৰে সুখ দিছে ভগৱানে, সেইদৰে দুখও দিছে । কোনেও ক’ব নোৱাৰে যে মোৰ জীৱনত দুখ নাই বুলি । সৃষ্টিকৰ্তাই সকলোকে পৰীক্ষা লৈ চাই! ধৈৰ্য্যৰ পৰীক্ষা, কৰ্মৰ পৰীক্ষা আৰু আমি কৰা ব্যৱহাৰ বোৰৰ পৰীক্ষা । সৎ কৰ্ম কৰি আগুৱাই যোৱা জনক কিবা নহয় কিবা প্ৰকাৰে ভগৱানে কৃপাদৃষ্টি প্ৰদান কৰে। জীৱনত সুখ আৰু দুখ দুয়োটাই থকাৰ প্ৰয়োজন। কিয়নো সুখ, দুখত মানুহ চিনিব পাৰি। সুখৰ সময়খিনিত আমাৰ লগত সংগ দিয়া মানুহবোৰে দুখৰ সময়ছোৱাত আমাৰ পৰা আঁতৰি যায় । জীৱনত কি পাইছোঁ কি পোৱা নাই সেইবোৰক লৈ আমি কেতিয়াও অসন্তুোষ্ট হ’ব নালাগে । যি পাইছোঁ তাতেই সন্তুোষ্ট হৈ থাকিব লাগে। আৰু আনৰ লগত জেদ ধৰি একো কাম কৰিব নালাগে জীৱনত। নিজেই নিজৰ ওপৰত জেদ ধৰি কৰ্ম কৰি কষ্ট কৰি আগবাঢ়িব লাগে। আনৰ লগত নিজৰবোৰ তুলনা কৰা উচিত নহয়। কিছুমানে ভাবে লোকৰ কিমান কি আছে আৰু আমাৰ নো কি আছে এইবুলি ভবাটো উচিত নহয়। কিয়নো ভগৱানে যাক যেনেকৈ যি দিছে তাতেই সন্তোষ হৈ চলিব পৰাটোহে আচল কথা।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment