সৰস্বতী পূজাৰ মিঠা অনুভৱ
দীপ্তি ঠাকুৰ গোস্বামী
দাদৰা, নগৰ হাভেলি
প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত দেৱী সৰস্বতীৰ পূজা-আৰ্চনা কৰা হয়; যাতে প্রতিজন সন্তানকে জ্ঞানৰ আলোকেৰে আলোকিত কৰে। জ্ঞানৰ অবিহনে মানুহৰ জীৱনৰ শূন্যতাৰে ভৰা। জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীক প্ৰাৰ্থনা কৰা হয় যাতে বিদ্বান পণ্ডিত লোকৰ সৃষ্টি হয় আৰু তেওঁলোক জ্ঞানৰ আভাৰে উজলি উঠে আৰু শান্তিৰ সুবাসেৰে সুবাসিত হয় এই ধৰাখন। বাগদেৱী সৰস্বতীয়ে আমাক আশিস যাঁচে যাতে আমি জ্ঞান আহৰণ কৰি এখন সুন্দৰ সমাজৰ সৃষ্টি কৰিব পাৰোঁ।
সৰস্বতী পূজা বুলি মনলৈ ভাব এটা অহাৰ লগে লগেই আজি তিনিকুৰি বছৰৰ আগৰ এখন চিত্রই ডোলা দি যায়-পুৱাই পুৱাই গা ধুই নিজৰ পঢ়া টেবুলখন সুন্দৰকৈ সজাই ভগৱানক ধূপ-চাকি দিওঁ যাতে সৰস্বতী আইয়ে পঢ়াৰ প্ৰতি ধাউতি বঢ়ায়। তাৰ পিচত বিদ্যালয়লৈ যাওঁ মাৰ পুৰণা মেখেলা-চাদৰ এযোৰ পিন্ধি। এনেদৰে পূজালৈ যোৱাৰ ধাৰা কলেজলৈকে অব্যাহত আছিল। বর্তমান সময়ত সৰস্বতী পূজা বুলি মনলৈ ভাব এটা অহাৰ লগে লগেই এখন বেলেগ চিত্র মনৰ কেনভাচত অংকন হয়। অৱশ্যে সময়ৰ লগে লগে বহুত কথাই সলনি হৈছে। সময়ৰ লগে লগে বোৱতী নদীখনেও সোঁত সলনি কৰে। এইয়া হৈছে সময়ৰ আহ্বান। সলনি হৈছে মানুহৰ মন।
এইবাৰ সাত্ত্বিকভাবে আধ্যাত্মিক মনোভাৱেৰে কৰা পূজা এভাগত উপস্থিত থাকি অতিকৈ আনন্দিত হ’লোঁ। অৱশ্যে সকলো পূজাৰ অন্তৰালৰ ছবিখনেই হ’ল-আধ্যাত্মিক মনোভাৱ এটাৰে, ভক্তি ভাবৰ অমিয়া ৰস বৈ থাকে।
এইভাগ পূজাত অংশ ল’ম বুলিয়েই মই দমনত থকা চিলভাছাৰপৰা এটা সুন্দৰ মন লৈ আহিছিলোঁ; যাতে মই এই পূজাভাগত এপাহি গন্ধ পুষ্প আগবঢ়াব পাৰোঁ। তিনিচুকীয়া জিলাৰ ১ নং গদাপানী পথৰ জয়া নগৰৰ এই পূজাভাগত জীয়াৰী, বোৱাৰী, পুৰুষ, মহিলাই ইমান ভক্তি ভাবেৰে পূজা-অর্চনা আগবঢ়ায় যেন ধৰালৈ মা সৰস্বতীহে নামি আহে সকলোৰে মাজত জ্ঞান বিলাই দিবলৈ, শান্তি প্রতিষ্ঠা কৰিবলৈ। ইয়াত জীয়াৰী-বোৱাৰী, পুৰুষ-মহিলা সকলোৱে নিজৰ জাতীয় সাজ-পাৰ পৰিধান কৰে। জয়া নগৰৰ ওচৰে-পাজৰে থকা প্ৰতিজন মানুহে এই পূজাভাগক নিজৰ ঘৰৰ পূজা বুলি ভাবি বৰ ভক্তিভাৱেৰে আৰু একাগ্ৰতাৰে পূজাভাগৰ কাম কৰিবলৈ আগবাঢ়ি যায়। ইয়াৰ অন্তৰালৰ ছবিখন ইমান মিঠা যেন সকলোৱে এডাল মিঠা এনাজৰীৰে বান্ধ খাই থাকে। সেয়ে সমন্বয়ৰ ছবিখনে প্রতিজন মানুহক বৰ আনন্দিত কৰে। মোৰ মনৰ অনুভৱ জ্ঞানৰ পোহৰেৰে উজলাই তোলা এক সুন্দৰ পৰিৱেশ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment