জলকুঁৱৰীৰ সাধু
মেঘালী গগৈ
এটা কাঁচঘৰৰ ভিতৰত তুমি শুই আছিলা
হেমন্তৰ ঈষৎ চেঁচা জোনাকত
তোমাৰ শৰীৰটো নীলবৰণীয়া হৈ উঠিছিল
হাত বোলাব খুজি ৰৈ গৈছিলো
কাঁচৰ বেৰকেইখনত কাৰ জানো চকুলো
টোপাল টোপালকৈ বৈ আহিছিল
মই বিচৰা নাছিলো মুঠেও
তথাপিও চকুলোৰ সমুদ্ৰত
জলকুঁৱৰীৰ দৰে সাঁতোৰ মেলিছিলো
জলছবিৰ জোনটোক নিজৰ কৰিব খোজা
আকোৰগোঁজ জলকুঁৱৰীজনীক ঢৌবোৰে
এটা কথাই কৈ আছিল অনৰ্গল…
“ধুমুহা ফুলৰ বীজ কিয় সিঁচিছিলি ?
চপাওতে চিৰাচিৰ নহ’বনে তোৰ বুকু !”
নিস্তব্ধতাৰ আঙুলিৰে জলকুঁৱৰীৰ বেহালা বাজে
ঢৌবোৰৰ বুকুৰে নীলচীয়া বিষাদ বিয়পে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment