সপোনৰ আট্টালিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

সপোনৰ আট্টালিকা

 

সপোনৰ আট্টালিকা


                               নিলুফা ইয়াছমিন

                                      বঙাইগাঁও


নাজানো জীৱনৰ মূল্য কি ?

নাজানো জীৱন বৃক্ষৰ

অমৃত ফল কি ?

মই কেৱল আশাৰ সাগৰত ডুব যাওঁ,

সপোনৰ আট্টালিকা সজাওঁ।


পখীজাকৰ লগত আকাশ লৈ উৰা মাৰোঁ তৰা বুটলি কোঁচ ভৰাই লৈ আহোঁ।

সেউজীয়া খাহঁনিৰ মাজে মাজে পখিলা বিচাৰি ফুলৰ মালা গাঠি লওঁ। 


নদীৰ পাৰত মলয়া

বতাহজাকত মাছৰ 

খলকনিত সাতুঁৰি-নাদুৰি জীৱনৰ অমৃত বিচাৰি পাওঁ।


এন্ধাৰ ৰাতিত পিৰালিত বহি আকাশৰ জোনাক দেখি ভাল পাওঁ। 

ৰাতিৰ গভীৰ টোপনিত লালকাল হৈ মই সপোনৰ আট্টালিকা বনাওঁ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages