কুশলে থাকা গংগোত্ৰী…
(কভিদ কালৰ)
আগমনি ফুকন শইকীয়া
মুম্বাই, মহাৰাষ্ট্ৰ
কেনে আছা দেৱী গংগা ?
কুশলে আছানে ?
তোমাৰ বুকুৰ মঙহত লাগি ৰোৱা শুকুলা চাদৰৰ ঢৌবোৰ
ঢাকি পেলোৱা গংগা…
উটি যোৱা
শপতৰ ব্যাখ্যাত
তুমি যেনেদৰে আজি শংকিত
তেনেদৰে মনুষ্যত্বও শংকিত !
তুমি বাৰু শুনিছানে
ভৈয়ামত বিচ্ছেদৰ বেদনা !
আজ্ঞাবাহী দাসত্বৰে
আঁতৰাই পঠাইছে মানুহ
পুণ্যৰ একাঁজলি পানীত
হেতাওপৰা লাগে
উশাহ হেৰুওৱা মানুহৰ
মানুহৰ পৰা মানুহলৈ সঁচাকৈয়ে ইমান দূৰনে গংগা ?
মানুহৰ বাবেই
তুমি কুশলে থাকা গংগা
তুমি বৈ থাকা
তোমাৰ বাবেই…
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment