দুটা কবিতা
যতীন মিলি
জীৱনৰ দুটা স্কেচ্ছ
এক
লচপচী ৰোৱনী গাভৰুজাক
খিলখিল হাঁহি মাৰি গুচি গ'ল
এৰি থৈ গ'ল
ঘৰ্মাক্ত দেহৰ আপং আপং গোন্ধ
দুই
নিতাল দুপৰত সজল বতাহত
বুকুতে গুপুতে বৈ থকা
নদীখনৰো চঞ্চলা খোজ
মোহনাত মিলনৰ আশাৰে...
ভালপোৱা
শাওণৰ নৈ, জান, জুৰি পথাৰৰ দৰেই
ধুনীয়া হৈ গৈ আছে ছোৱালীবোৰ
ক্ষুধাৰ দিনত উদৰ পুৰাই খোৱা
পেটৰ তৃপ্তিৰে মই চাই আছোঁ
চাই আছোঁ ছোৱালীবোৰক
ছোৱালীবোৰেও মোলৈ চাই আছে উদৰপুৰাই
সিহঁতজাকেও হেনো ভাল পাইছে
মোৰ দৰে ভোকাতুৰ কবিক
সিঁহতজাকে এইষাৰ কথাও জানে
ভোকাতুৰৰ প্ৰতি ভালপোৱা
অমল ভালপোৱা
নৈয়ে-ঘাটে, পথাৰে-সমাৰে পানী বাঢ়িলে
মাছে উলাহতে স্ফুৰ্তি কৰে যিমান
আছে ভালপোৱা সিমান!!
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment