নীলাখামৰ চিঠি
প্ৰণয় দত্ত
শিৱসাগৰ
অপেক্ষাৰ অন্ত পেলাবা নে তুমি?
প্ৰতি ,
প্ৰিয়তমা মোৰ, বেলিফুলীয়া হাঁহিটি দুটি ওঠৰ মাজত ৰাখিছানে মোৰ লৈ?এই হাঁহিটি মোৰ বৰ প্ৰিয়।তুমিটো জানাই মোৰ মৰম কেতিয়াও নকমে তোমালৈ,দুগুণে বাঢ়ে প্ৰতি পলে-অনুপলে।নিৰ্ভেজাল মৰমৰবোৰ লʼবা আকোঁৱালি।জানা প্ৰিয়তমা মই তোমাৰ প্ৰেমৰ পিয়াসত কাতুৰ।তুমিটো শুনা মোৰ হৃদয়ৰ কোলাহল।তুমিটো শুনা মোৰ হৃদয়ত কিহৰ আৰ্তনাদ।কিহৰ তাড়নাত পৰি মৰিচীকা হৈ মৰুভূমিত ঘূৰি ফুৰিছোঁ। প্ৰিয়তমা মোৰ
ভালপোৱাবোৰ সঘনে বাঢ়ে তোমালৈ।তুমি যে কোৱা “ভাল পাবলৈ সহজ কিন্তু বিচ্ছেদৰ বিভীষিকাই দহে সঘনে"। কি জানা প্ৰিয়তমা ভালপোৱাত বিচ্ছেদ নাথাকে, ভালপোৱাত থাকে এজন আন এজনৰ পৰিপূৰক হোৱাৰ।কষ্ট হ'লে দুয়ো ভগাই লম,সুখ হওঁক বা দুখ হওঁক দুয়ো সপোনৰ ঘৰখন সজাই লম, বিশ্বাসৰ কথানো কি কম ।মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ,তুমিটো ভালপোৱা মোকেই। মোক বিশ্বাস কৰা নকৰা,সেয়া তোমাৰ কথা। কাৰণ তোমাৰ পৰিস্থিতিটোৱেই তেনেকুৱা, সহজে কাকো বিশ্বাস কৰিবলৈ বেয়া পোৱা, সেয়া মই জানো। কিন্তু মই থাকিম তোমাৰ লগতে থাকিম।কেতিয়াও এৰি নোযোৱাৰ প্ৰতিশ্ৰুতিৰে এইখন চিঠি লিখিলো তোমালৈ।শব্দবোৰ অন্তৰৰ নিভৃত কোণৰ,আশা কৰো তুমি মোৰ হৃদয়ৰ উমান ল'বা। এই চিঠিৰ উত্তৰ তুমি দিবা ।মই আশাৰ ৰৈ থাকিম। ডাকুৱাল জনৰ চাইকেলখনৰ টিলিং টিলিং শব্দটোৰ বাবে।
ইতি
তোমাৰ প্ৰিয়তম
প্ৰণয়(বহ্নিমান)
Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:
Post a Comment