ফাগুনৰ ৰং
নিলুফা ইয়াছমিন
বঙাইগাঁও
নাপাহৰো তোৰ লগত
বহুত খেলিছো...!
সময় যে বতাহৰ লগত উৰে।
আজি এই ৰঙৰ মাজে মাজে ভয় ভয়ে খোজ কাঢ়িছো।
মোৰ বেৰং জীৱনত ৰঙৰ চিতা এটুপিও যেন নপৰে।
চোৱানা বতাহৰ লগত ৰংবোৰ উৰি উৰি
চৌদিশে ৰঙীন হৈ পৰিছে
এতিয়া ভৰিৰ খোজে
থমকি গৈছে।
লাহি ভৰিৰ খোজ পিছুৱাই
যাব পৰা নাই কাৰণ আবিৰৰে যে ঘেৰি ধৰিছে।
ৰঙৰ মুল্য শুধা সেই জনক যাৰ জীৱন বেৰং।
ফাগুন তই মোৰ বুকুত দুখৰ
সাগৰ কঢ়িয়াই লৈ আহা....!
ৰঙীন বতাহজাকত সেমেকা
মাদকতা চৌদিশে বিয়পাই দিয়া ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:
Post a Comment