কৰ্মৰ ফল
সায়নী পাল
ডিব্ৰুগড়
অসম চিকিৎসা মহাবিদ্যালয়
ৰহিম, বৰ দুখীয়া এজন খেতিয়ক। মানুহজনে দিন-ৰাতি কষ্ট কৰি মাতৃহীন নিজৰ পুতেকক পঢ়াই-শুনাই মানুহ কৰিলে। কিন্তু পুতেকজন ডাঙৰ মানুহ হৈ নিজৰ বাপেকক অৱহেলা কৰা আৰম্ভ কৰিলে। যোগ্য সন্মানখিনিও নিদিলে। বিদেশত নিজৰ ভালপোৱা ছোৱালী এগৰাকীক বিয়া পাতিলে। বিয়াৰ পিছত পো-বোৱাৰীয়ে বাপেকক সেই পাবলগীয়া সন্মান খিনিও নিদিলে । তেঁওক থাকিবলৈ এখন ঘৰ নিদিলে। মানুহজনৰ অন্তৰত কিমান যে দুখ সেয়া অকল তেঁওৰ মনটোৱে গম পায়। বোৱাৰীৰ মন আছিল তেঁওক ঘৰৰ পৰা খেদাবলৈ। কিন্তু সমাজৰ কথা চিন্তা কৰি তেনেকুৱা সিদ্ধান্ত নললে। হ’লেও মানুহজনক বাহিৰৰ বাৰান্দাৰ এচুকতে থাকিবলৈ দিলে। মন গলে খাবলৈ দিয়া হয়। তেঁওলোকৰ ঘৰত আহিল সিহঁতৰ পুত্ৰ সন্তান। সময় বাঢ়ি যোৱাৰ লগে লগে তেঁওৰ নাতিও ডাঙৰ হ’ল। মাকৰ দুষ্কৰ ব্যৱহাৰ সদায় দেখি থাকে। এদিন এনেকৈ খাবলৈ দিওতে নাতিনীয়েকে মাকক ক’লে “মা, তোমালোকে আন আলহী আহিলে দেখোন ইমান আদৰ আপ্যায়ন কৰি ডাইনিঙত খাবলৈ দিয়া। তেন্তে মোৰ ককাক বাৰু কিয় এনেকৈ বাৰান্দাৰ এচুকত খাবলৈ দিছা ? তোমালোকেওতো এদিন বুঢ়া হ’বা” এইখিনি কৈ ল’ৰাটো মনৰ দুখত গুচি গ’ল। আচলতে ল’ৰাটোৱে বুজাব চেষ্টা কৰিলে যে এদিন এনেকুৱা ব্যৱহাৰ তেঁওলোকৰ লগত কৰা হয়, তেন্তে তেঁওলোকে ভাল পাবনে ? কাৰণ কৰ্মৰ ফল প্ৰাপ্তি অনিবাৰ্য্য। পুতেকৰ কথাত মাক-বাপেকৰ মুখ থৰ লাগিল।
“যেনে কৰ্ম তেনে ফল” - মূলকথা।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:
Post a Comment