পহিলা ব’হাগৰ পণ
অংকুৰণ আৰ্ফ
ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল। সুৰটো অলপ পিছে বেলেগ। ঢোল অৱশ্যে ঢোলেই। কাঠৰে - গৰু চালৰে ঢোল। সুৰ আৰু সময়টোহে বেলেগ।বেলেগ হোৱাটো আচৰিত হ'বলগীয়া কথা নহয়। যুগটো যে বেলেগ। এতিয়া তাহানিৰ নৈপৰীয়া পথাৰত ঢোল নাবাজে। এতিয়া ঢোল বাজে মহানগৰীৰ ৰঙীণ মঞ্চত। দূৰদৰ্শন অথবা ইউটিউব চেনেলত। কিন্ত ঢোল বাজিবই। ঢোল বজোৱাতো আমাৰ সাতপুৰুষৰ পৰম্পৰা। কাৰণ বাপতি সাহোন ব'হাগ বিহুটি আকৌ আহিছে। বহা'গ আহিলে ঢোল বজাতো স্বাভাৱিক কথা।এই ঢোলৰ মাতেই আমাক সোঁৱৰাই দিয়ে আমি যে অসমীয়া। এই ঢোলৰ মাতেই আমাক সোঁৱৰাই দিয়ে পৰিও নপৰা মৰিও নমৰা আমি বান-ভগদত্ত-চুকাফাৰ জাত। এই ঢোলৰ মাতেই আমাক সোঁৱৰাই দিয়ে ঐশ্বৰ্যময় সংস্কৃতি ঐতিহ্যময় গৰিমাৰ কথা। এই ঢোলৰ মাতেই আমাক নতুনকৈ পৰিচয় কৰাই দিয়ে লুইতপৰীয়া একতাৰ এনাজৰীৰে বন্ধা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমূহ মানৱৰ সমন্বয় আৰু সম্প্ৰীতিৰ কথা। আচলতে এই ঢোলৰ মাততেই নিৰ্হিত আছে অসম আৰু অসমীয়া জাতিৰ ঐশ্বৰ্যময় সত্ত্বা। ঢোল আমি সেয়ে বজাবই লাগিব। আৰু বাজিবই। যুগে যুগে। এই লুইতপাৰৰ মহিমামণ্ডিত মাটিত। মৰম আৰু স্নেহৰ সুৰেৰে। সমন্বয় আৰু সম্প্ৰীতিৰ ডোলেৰে। এই ঢোলৰ মাতেই চিৰদিন লুইতৰ পানীৰ সোঁতে সোঁতে মিলি সময়ে সময়ে সতৰ্ক আৰু সাৱধান কৰি থাকিব লুইতপৰীয়া জাতিৰ শতৰুৰূপী আন্ধাৰক। !!
সাতামপুৰুষীয়া এই ঢোলৰ চাপৰ আজি লুইতপাৰত প্ৰকৃতিৰ অনুৰাগত বাজিছে যদিও এতিয়া পিছে ঢোলৰ মাতত তাহানি দিনৰ শকতি দেখা পোৱা নাযায়।শুনা নাযায় সমগ্ৰ দেশ কঁপাই যোৱা গিৰিজনি । এতিয়া যেন লুইতপাৰৰ ঢোলটোৰ মাতটো কোনোবাই ডিঙিতে চেঁপি ধৰিছে। ঢোলৰ একতাৰ আৰু সমন্বয়ৰ ডোল ডালত উঁয়ে ধৰিছে। ঢোলৰ খোলাটোৰ কৰবাত কৰবাত উঁয়ে ধৰিছে। এয়া শুভ লক্ষণ নহয়। এনেদৰে থাকিলে এদিন কিন্ত সম্পূৰ্ণ জাতীয় ঢোলটোৰ অস্তিত্ব শেষ হৈ যাব। সেয়ে সময় থাকোতেই আমি সাৱধান হোৱা ভাল। আমি সদায় কামনা কৰোঁ লুইতপাৰৰ এই অমৃতময় জীৱন ভূমিত পূৰ্বতে বাজি থকাৰ দৰেই আকাশ-বতাহ ৰজনজনাই- বুঢ়া লুইত পানীত হেন্দোলনি তুলি বাজি থাকক ব'হাগৰ ঢোল। যি ঢোলৰ চাপৰত আমাৰ অনাগত প্ৰজন্মৰ পিছৰ প্ৰজন্মই কেৱল অনুভৱ কৰিব পাৰিব কপৌফুলৰ আমোলমোল সুৱাস আৰু অনুপম সৌন্দৰ্য কেনেকুৱা অথবা বিহুৱানৰ শুকুলাৰ মাজত ভমকাফুলীয়া ৰঙা ফুলৰ আলসুৱা আদৰ কেনেকুৱা অথবা মুগা ৰিহা পিন্ধা নাচনীৰ জেতুকাবুলীয়া হাতৰ নাচোন কেনেকুৱা !! যদি আমি আমাৰ প্ৰজন্মক এই মাটিৰ সাতামপুৰুষীয়া সভ্যতা-সংস্কৃতিৰ সোণবৰণীয়া বৈভৱৰ সৈতে পৰিচয় কৰাই দিব নোৱাৰো তেন্তে আমি ৰাজনীতিৰ মঞ্চতে হওক বা ৰংঘৰৰ মঞ্চতে হওক ঢোল বজাই থকাৰ অৰ্থ নৰব ! সেয়ে আহক আমি পহিলা ব'হাগৰ এনেহেন মনোৰম মাহেন্দ্ৰক্ষণত পণ লও যে ৰংঘৰৰ বাকৰিত চিৰিদিন ঢোল বাজি থাকক। যি ঢোলৰ চাপৰত লুইতৰ সোঁতে সোঁতে সময়ৰ সন্তানে হৃদংয়গম কৰি থাকক অসম আৰু অসমীয়া জাতি ৰ সোণবৰণীয়া শিপাৰ সন্ধান। আৰু যি ঢোলৰ মাতত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ শতৰুৰ বুকু বাৰে বাৰে কঁপি উঠে এই ভাবি যে-- এয়া লুইতপৰীয়া বীৰ-বৈভৱশালী অপৰাজেয় অসমীয়া জাতিৰ ৰণহুংকাৰ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment