বহাগ
স্বপ্নালী কলিতা
গোলাঘাট
ব
বাটটোত ভূগোলৰ মেপখন নাই
শুকান পাতৰ মৰমৰণিও নাই
নাই তিনিমুনি গধুলিৰ আই
দুপৰ ৰাতিৰ আখৰাৰ পাছত
ৰৈ ৰৈ শুইপৰা
নঙলাকিডালো নাই
চৰাই এটাই লৈ ফুৰিছে
এঠোঁট বহাগ
তেওঁ আগবঢ়াই দিলে এটা
হেল'জেনৰ ঘৰ
সেইসময়তে চৰাইটো
থৰথৰকৈ কঁপি
এচপৰা শীত হৈ
সৰি পৰিল
তললৈ
হা
হাঁচতিখনত তাই চাৰি আঙুলিৰে
পাক এটা দিলে
ঋতুৰ গান এটাই তাতেই
সাজ সলালে
ঠিক সেইখিনিৰপৰাই
আৰম্ভ হ’ল হাবিখন
নাহৰজোপাৰ
এখিলা পাতত
ধুমুহা এজাকে
ঘুমতি সলালে
গ
নাটকীয় ভংগীত
থিয় হৈ আছে
গছবোৰ
ৰঙে পোখা মেলি
পাতিছে তাঁতশালৰ
বিয়নীমেল
গামোচাত এটা চেৰাগীত
ক’ত শেষ কৰোঁ
বহাগ
জৰীজোপাৰ শটোত
বিনাই আছে
এটা কুলিয়ে
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment