ডেভেলপমেণ্ট ষ্টাডিজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

ডেভেলপমেণ্ট ষ্টাডিজ



 ডেভেলপমেণ্ট ষ্টাডিজ (Development Studies)


ড° বুলজিৎ বুঢ়াগোহাঁই


  ডেভেলপমেণ্ট ষ্টাডিজ (Development Studies) এক আন্তঃশাখা (interdisciplinary) অধ্যয়ন ক্ষেত্ৰ, য’ত অৰ্থনীতি (Economics), সমাজবিজ্ঞান (Sociology), ৰাজনীতি বিজ্ঞান (Political Science), পৰিৱেশ অধ্যয়ন (Environmental Studies), আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (International Relations) আদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈ থাকে।

  ডেভেলপমেণ্ট ষ্টাডিজ (Development Studies)ৰ বিভিন্ন পাঠ্যক্রম  অধ্যয়নৰ বাবে  সেইসকলে  বাছনি কৰিব পাৰ, যিসকলে  সামাজিক পৰিৱৰ্তন আৰু বহনক্ষম   উন্নয়নৰ প্ৰতি উৎসাহী,  নীতি নিৰ্ধাৰণ, শাসন আৰু পৰামৰ্শদানত কাম কৰিব বিচাৰে, গৱেষণা, ক্ষেত্ৰভিত্তিক কাম, আৰু তৃণমূল পৰ্যায়ৰ উন্নয়নৰ প্ৰতি আগ্ৰহ আছে, আন্তঃৰাষ্ট্ৰীয় সংগঠন, বেচৰকাৰী সংগঠন বা  গৱেষণা সংস্থাত কাম কৰাৰ ইচ্ছা আছে। কৰ্পৰেট সামাজিক দায়বদ্ধতা (CSR)ৰ সৈতে জড়িত হ’ব বিচাৰে আদি ।

  ডেভেলপমেণ্ট ষ্টাডিজ সাধাৰণতে  স্নাতকোত্তৰ স্তৰত পঢ়োৱা হয়। ডেভেলপমেণ্ট ষ্টাডিজ (Development Studies)ৰ বিভিন্ন  পাঠ্যক্রম অধ্যয়ন কৰিব পৰা  কেইখনমান শিক্ষানুষ্ঠান হ’ল – টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্স (https://tiss.ac.in), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (https://iitg.ac.in), ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ (https://www.iitm.ac.in), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান  মাণ্ডী  (https://www.jnu.ac.in), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়  (http://www.jnu.ac.in),  ইন্দিৰা গান্ধী ৰাষ্ট্রীয়  মুক্ত বিশ্ববিদ্যালয় (https://www.ignou.ac.in), ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰৌকেলা (https://www.nitrkl.ac.in), মহীশূৰ বিশ্ববিদ্যালয়  (https://uni-mysore.ac.in), আজিম প্ৰেমজী বিশ্ববিদ্যালয় (https://azimpremjiuniversity.edu.in) আদি।

   ডেভেলপমেণ্ট ষ্টাডিজৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব পাৰে । 

   চৰকাৰী মন্ত্ৰণালয় আৰু বিভাগসমূহ- গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ মাহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ য়োজনা (MGNREGA), ডিজিটেল গ্ৰামীণ সেৱা (Digital Gramin Seva) আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ আয়ুষ্মান ভাৰত (Ayushman Bharat), ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (National Health Mission) আদি। শিক্ষা মন্ত্ৰণালয়ৰ সমগ্ৰ শিক্ষা অভিযান (Samagra Shiksha Abhiyan)। নীতি নিৰ্ধাৰণ সংস্থা -NITI আয়োগ, ৰাজ্যিক পৰিকল্পনা ব’ৰ্ড আদি ।

  ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহ (United Nations Agencies) -UNDP (United Nations Development Programme), UNICEF, WHO (World Health Organization), World Bank, IMF(International Monetary Fund) আদি ।

  মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । 



ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বিঃদ্রঃ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages