মাহী আই
ৰেজিয়া চৌধুৰী
বিছনাখনত বহি থকাৰ পৰাই মূৰৰ ওৰণিখন দুহাতেৰে
লাহেকৈ ওপৰলৈ উঠাই কোঠাটোৰ চাৰিওফালে তাইৰ লাজুক চকুহাল ফুৰালে...!
কোঠাটোৰ এটা চুকত তাইলৈ নীৰৱে প্ৰশ্নসূচক দৃষ্টিপাতেৰে ভোকত ম্ৰিয়মান হৈ পৰা কোমল নয়নযুগল তাইৰ দৃষ্টিত নিবদ্ধ হ’ল….!
স্নেহময়ী বুকুৱে আঁকোৱালি লোৱাৰ নিমিত্তে তাইৰ পৰিপক্ক হাত দুখন অজ্ঞাতে খোল খাই গ’ল। নিঃসংকোচে দৌৰি তাইৰ বুকুৰ মাজত সোমালহি। শূন্যতাত হাহাকাৰ কৰি থকা তৃষ্ণাতুৰ, পূৰ্ণপ্ৰাপ্তিত আত্মসন্তুষ্টি লভিলে...!!
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment