শৰবিদ্ধ
শৰৎ হাজৰিকা
গোলাঘাট
মাকৰ খেচখেচনীত সি তবলা বজাবলৈকে এৰিলে। তবলাৰ ব্যাকৰণিক জ্ঞানখিনি তাৰ সম্পূৰ্ণ হৈ উঠা নাই। তথাপি কিয় জানো বজোৱাত অকণমান ভুল হ’লেই মাকজনীয়ে নানা কথা শুনায় তাক। সি একপ্ৰকাৰ অতিষ্ঠ হৈ পৰে। কথাবোৰ ক’লেও মাকে সেইমুহূৰ্ত্তত কাণেই নিদিয়ে।
বৰং মাকে ভুলৰ বিশেষণৰে জীৱনৰ দিশ নিৰ্ণয় কৰি বেলেগ এখন হতাশাৰ ছবি উপস্থাপনেৰে তাক দ্বিধাগ্ৰস্ততহে পেলায়।
সি শৰবিদ্ধ হয় ভুলৰ কাঁড়ত। দগ্ধ হয় মাকৰ বাক্য বাণত ৷কথাবোৰত জোঁট খাই চকুত তন্দ্ৰা নামে।
আৰু তাৰ তন্দ্ৰাৰ দুচকুৰ পতালে একলব্য নামি আহে। সেই একলব্যৰ একান্ত সাধনাৰ এছাতি বতাহ সোমাই তাৰ বুকুখন সুৰসুৰাই গুচি যায়। দূৰলৈ বহু দূৰলৈ !
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment