বহাগ
বিজু বৈদ্য
নগাঁও
অসমীৰ শীতল বুকুত
চুচুক-চামাককৈ
পদুলি মুখত ঠিয় দিলেহি
হেঁপাহৰ বহাগে।
ঢোল পেঁপাৰ মাতেৰে বহাগক
আদৰি আনিবলৈ সাজু হৈ আহে
অসমীয়া ডেকা গাভৰু আৰু
বিহুৱা বিহুৱতীয়ে।
প্ৰকৃতিৰ সাজোন কাচোনত
বহাগে এখোজ দুখোজ কৈ
আগুৱাই আহে প্ৰেম প্ৰীতিৰ
মিঠা মিঠা সুবাস লৈ।
শুকান গছৰ ডালে ডালে
কুঁহিপাতে ঠন ধৰি
নানা ৰঙৰ ফুলেৰে সুবাস বিলাই ফুৰে।
কুলি কেতেকীয়ে সুললিত কণ্ঠেৰে
বহাগীক আদৰি আনিবলৈ
হিয়া উজাৰি গীত জুৰে।
আইতাৰ ঢেকীৰ শব্দত
গোটেই চুবুৰী ৰজনজনাই।
আখলৰ তিলপিঠা, সান্দহৰ গোন্ধত
আইতাৰ জোহাল মলমলাই যায়।
অসমৰ জীয়ৰী বোৱাৰীহঁতে
খিতিক খিতিক কৈ মাকো মাৰে
তাঁতৰ পাতত বহি লৈ।
যঁতৰত মহুৰা ঘুৰাই
সপোনৰ গামোছা খনি
বৈ উলিয়াই আপোন জনলৈ।
বিহুৰ পিছৰ দিনা
মূগাৰ সাজ পিন্ধি
নাচনী ওলাই যায় বিহু মাৰিবলৈ।
পিছে পিছে ঢুলিয়াই কপৌ ফুল আনে
নাচনীৰ খোপাত গুজি দিবলৈ।
এইয়া ঋতুৰাজ বসন্ত আৰু
বহাগীৰ মিলনৰ উৎসৱৰ হে যেন
আয়োজন হ’বলৈ ধৰে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment